ETV Bharat / bharat

ত্ৰিপুৰাত বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান স্থগিত

ত্ৰিপুৰাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ নিয়মীয়া পাঠদান স্থগিত ৰখা হৈছে । অৱশ্যে, সামাজিক দূৰত্বৰ নিয়ম পালন কৰি নিৰ্ধাৰিত সময়সীমা অনুসৰি পূৰ্ব-নিৰ্ধাৰিত পৰীক্ষা সমূহ অনুষ্ঠিত কৰা হ'ব ৷

author img

By

Published : Apr 16, 2021, 10:51 PM IST

regular-classes-for-educational-institutes-suspended-decision-on-board-exams-depends-on-situation-says-ratan
বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ নিয়মীয়া শ্ৰেণী স্থগিত ত্ৰিপুৰাত

আগৰতলা, 16 এপ্ৰিল : বৰ্তমানৰ ক’ভিড 19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱালৈকে ত্ৰিপুৰাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ নিয়মীয়া পাঠদান সমূহ স্থগিত ৰখা হৈছে। ৰাজ্য খনৰ শিক্ষা বিভাগে এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰিছিল আৰু এই সম্পৰ্কত দিয়া নিৰ্দেশ সমূহ অনাগত ১৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব। "ত্ৰিপুৰা শিক্ষা বিভাগৰ অধীনত চলি থকা সকলো শিক্ষানুষ্ঠানে, সেয়া চৰকাৰী হওঁক, চৰকাৰী সাহায্যপ্ৰাপ্ত হওঁক বা ব্যক্তিগত হওঁক, পৰৱৰ্তী নিৰ্দেশলৈকে তেওঁলোকৰ শিক্ষানুস্থানৰ পাঠদান স্থগিত ৰাখিব লাগিব । কিন্তু, সামাজিক দূৰত্বৰ নিয়ম পালন কৰি নিৰ্ধাৰিত সময়সীমা অনুসৰি পূৰ্ব-নিৰ্ধাৰিত পৰীক্ষা সমূহ অনুষ্ঠিত কৰা হ'ব", ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে এইদৰে কয় । শিক্ষকসকলৰ সন্দৰ্ভত তেওঁ কয়, মুঠ কৰ্মচাৰীৰ ৫০ শতাংশ কৰ্মচাৰীয়ে তেওঁলোকৰ নিজ নিজ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব আৰু শিক্ষাৰ্থীসকলৰ বাবে অনলাইন শ্ৰেণীসমূহ তৎক্ষণাৎ পুনৰ আৰম্ভ কৰা হ'ব যাতে পাঠদান উপলব্ধ নোহোৱাৰ ফলত শিক্ষাৰ্থীসকলৰ অধ্যয়নত বাধা নহয় আৰু একে সময়তে শিক্ষাৰ্থী সকল যিকোনো স্বাস্থ্যৰ শংকাৰ পৰাও মুক্ত হৈ থাকে ।

ব'ৰ্ডৰ পৰীক্ষা সন্দৰ্ভত তেওঁ কয়, "এই সন্দৰ্ভত এতিয়ালৈকে কোনো দৃঢ় সিদ্ধান্ত লোৱা হোৱা নাই । পৰীক্ষাবোৰ এমাহ পিছতহে অনুষ্ঠিত হ'ব । সেয়েহে, চলি থকা পৰিস্থিতিৰ বিবেচনা কৰি সিদ্ধান্ত লোৱা ভাল"। শেহতীয়াকৈ, চি.বি.এছ.ইয়ে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষা স্থগিত ৰাখিছে । এই সিদ্ধান্তই ত্ৰিপুৰা ব'ৰ্ডৰ অধীনত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ অভিভাৱক সকলকো গুৰুতৰভাৱে চিন্তাত পেলাইছিল, কিয়নো শিক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব নে নোৱাৰে তাৰ কোনো স্পষ্ট ধাৰণা নাই কাৰো সৈতে । অৱশ্যে, শিক্ষামন্ত্ৰী গৰাকীয়ে এই বিষয়ত এতিয়াও আশা ৰাখিছে যে, যদি পৰিস্থিতিয়ে অনুমতি দিয়ে, ক’ভিড 19 নিয়মবোৰ কঠোৰভাৱে পালন কৰি পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে ৷

"ত্ৰিপুৰাত মাধ্যমিক পৰীক্ষা ১৯ মে'ত আৰম্ভ হ'ব আৰু এদিন আগতে উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হ'ব । সেয়েহে, আমাৰ ওচৰত প্ৰায় এমাহ সময় আছে আৰু আমি কোনো খৰখেদা সিদ্ধান্ত লোৱা উচিত নহয় । যদি আমি পৰীক্ষা স্থগিত ৰাখো, শিক্ষাৰ্থীসকলৰ অধ্যয়নত মনোযোগ কম হ’ব আৰু আমি নাভাবো যে, এইটো এটা বুদ্ধিমান সিদ্ধান্ত হ'ব । বৰঞ্চ, আমি পৰিস্থিতি অনুসৰি কাম কৰিম", নাথে কয়। শিক্ষামন্ত্ৰী গৰাকীয়ে লগতে সংবাদমেলত জনায় যে, ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰাৰ বাবে অতি শীঘ্ৰেই ৰাজ্যখনৰ দুয়োখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰা হ'ব ।

লগতে পঢ়ক :কৰ'ণাসৃষ্ট পৰিস্থিতিৰ বাবে স্থগিত সেনাৰ কামাণ্ডাৰ সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.