ETV Bharat / bharat

Amarnath Yatra 2023: অমৰনাথ যাত্ৰাৰ অফলাইন আৰু অনলাইন পঞ্জীয়ন আৰম্ভ

author img

By

Published : Apr 17, 2023, 4:39 PM IST

এইবাৰ ৬২ দিনীয়া হ'ব অমৰনাথ যাত্ৰা (Amarnath Yatra 2023)। আপুনিও অমৰনাথ যাত্ৰাৰ পৰিকল্পনা কৰিছে নেকি ? ইয়াৰ বাবে আপুনি কেনেকৈ পঞ্জীয়ন কৰিব ? কি কি নিয়ম পালন কৰিব লাগিব ? জানক সবিশেষ...

Amarnath Yatra 2023
অমৰনাথ যাত্ৰাৰ অফলাইন আৰু অনলাইন পঞ্জীয়ন আৰম্ভ

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল : অহা ১ জুলাইৰ পৰা আৰম্ভ হ'ব অমৰনাথ যাত্ৰা (Amarnath Yatra to start from July 1)। প্ৰতিবছৰৰ দৰে এইবাৰো দেশৰ বহু ভক্তই অমৰনাথ যাত্ৰাৰ বাবে পৰিকল্পনা কৰিছে । ইয়াৰ মাজতে সোমবাৰৰ পৰা আৰম্ভ হৈছে ২০২৩ বৰ্ষৰ অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া (Amarnath Yatra Registrations begins)।

দৰ্শনাৰ্থীসকলে অনলাইন আৰু অফলাইন মোডত এই পঞ্জীয়ন কৰিব পাৰিব । যাত্ৰাৰ প্ৰথমটো দল ৩০ জুনত জম্মুৰ পৰা ফ্লেগ অফ কৰা হ'ব । আনহাতে এইবাৰ যাত্ৰা ৩১ আগষ্টলৈকে চলিব । চৰকাৰে ৬২ দিনীয়া যাত্ৰাৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছে ।

জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই এই সন্দৰ্ভত কয় যে, চৰকাৰে ভ্ৰমণ সুৰক্ষিত আৰু সহজ কৰি তুলিবলৈ সকলো ব্যৱস্থা কৰি আছে । যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে, টেলিকম সেৱাসমূহ সৰ্বোত্তমভাৱে পৰিচালনা কৰা হ'ব । অমৰনাথ তীৰ্থযাত্ৰীসকলৰ চিকিৎসাৰ বাবেও উন্নত ব্যৱস্থা কৰা হৈছে । এইবাৰ ১ জুলাইৰ পৰা জম্মু আৰু কাশ্মীৰৰ ২০ টা বেংক শাখাত অফলাইন আগতীয়া যাত্ৰী পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।

ইয়াৰ লগতে, সমগ্ৰ দেশৰ ৫৪২ টা বেংক শাখাতো অফলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে (Registrations for Amarnath Yatra)। এই বছৰ ৬২ দিনীয়া অমৰনাথ যাত্ৰাৰ সময়ত প্ৰথমবাৰৰ বাবে পবিত্ৰ গুহাৰ ভিতৰত পুৱা আৰু সন্ধিয়াৰ আৰতি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব । ইফালে পঞ্জীয়নৰ বাবে জম্মু জিলাত ৬ টা বেংক শাখা চিনাক্ত কৰা হৈছে । ইয়াৰ উপৰিও, ডোডাৰ ২ টা বেংক শাখা, কাঠুৱাত ২ টা, ৰাজৌৰী, পুঞ্চ আৰু ৰামবানত ১ টা, ৰিয়াচীত ২ টা , শ্ৰীনগৰত ২টা , উধমপুৰ, চাম্বাত আৰু ৰামবানত ১ টাকৈ বেংক শাখা নিৰ্ধাৰণ কৰা হৈছে । য'ত যাত্ৰীসকলে পঞ্জীয়ন কৰিব পাৰিব ।

যাত্ৰী পঞ্জীয়নৰ বাবে বাধ্যতামূলক স্বাস্থ্য প্ৰমাণপত্ৰ (চিএইচচি) প্ৰস্তুত কৰিবলৈ জম্মু-কাশ্মীৰৰ বিভিন্ন চিকিৎসালয়ত ১৬৪ জনৰো অধিক চিকিৎসকক মনোনীত কৰা হৈছে (Health Certificates compulsory for Amarnath Yatra)। জম্মু আৰু কাশ্মীৰত ইয়াৰে ৮২ জন চিকিৎসক আছে । অফলাইন আৰু অনলাইন আগতীয়া যাত্ৰী পঞ্জীয়ন সমগ্ৰ দেশতে আৰম্ভ হৈছে ।

ভক্তসকলে বাধ্যতামূলক স্বাস্থ্য প্ৰমাণপত্ৰৰ বাবে সোমবাৰৰ পৰা জম্মুৰ চাৰৱাল আৰু গান্ধীনগৰ চিকিৎসালয়ত যাব পাৰিব । ১৩ ৰ পৰা ৭০ বছৰ বয়সৰ লোকসকলে অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিব পাৰিব । ৬ সপ্তাহৰ বা ততোধিক গৰ্ভৱতী মহিলাক অমৰনাথ যাত্ৰা কৰিবলৈ অনুমতি দিয়া নহয় । অনলাইন পঞ্জীয়নৰ বাবে ভক্তসকলে নিৰ্দিষ্ট ৱেবছাইটত চাব পাৰে । ৱেবছাইটতো হৈছে https://jksasb.nic.in ।

যাত্ৰীসকলে অধিক তথ্যৰ বাবে টোল-ফ্ৰী নম্বৰ 18001807198/18001807199 ত যোগাযোগ কৰিব পাৰে । এইবাৰ অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন মুঠ ৩১ টা বেংকত কৰিব পাৰিব । পঞ্জাৱ নেচনেল বেংকৰ যিকোনো শাখাতো পঞ্জীয়ন কৰিব পাৰিব । চিকিৎসা আৰু পঞ্জীয়নৰ বাবে কেইবাটাও নথি পত্ৰ বাধ্যতামূলক কৰা হৈছে যাৰ অবিহনে ভ্ৰমণ সম্ভৱ নহ'ব ।

লগতে পঢ়ক :Covid cases in India : দেশত বিগত 24 ঘণ্টাত কোভিডত মৃত্যু ২৭ জন লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.