ETV Bharat / bharat

Dipawali 2023: ভাৰতীয় সামগ্ৰী ক্ৰয়ৰে দীপাৱলীত অভিলেখ, 3.75 লাখ কোটি টকাৰ ব্যৱসায়

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 8:25 AM IST

Updated : Nov 14, 2023, 8:43 AM IST

দিল্লীত কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (চিএআইটি)ৰ ৰাষ্ট্ৰীয় সভাপতি বি চি ভৰতিয়া আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে জানিবলৈ দিয়ে যে এই বৰ্ষৰ দেৱালীত দেশী সামগ্ৰীয়ে অভিলেখ ভংগকাৰী ব্যৱসায় কৰিছে। এই বছৰ সমগ্ৰ দেশৰ বজাৰত 3.75 লাখ কোটি টকাৰো অধিক ব্যৱসায় কৰা হয় ৷ এতিয়াও উৎসৱৰ বতৰত অত্যধিক 50 হাজাৰ কোটি টকাৰ ব্যৱসায় কৰাৰ সম্ভাৱনা আছে ।

Dipawali 2023
ভাৰতীয় সামগ্ৰী ক্ৰয়ৰে দীপাৱলীত অভিলেখ

নেশ্যনেল ডেস্ক, 14 নৱেম্বৰ : এই বৰ্ষৰ দেৱালীয়ে সুখবৰ কঢ়িয়াই আনিছে দেশলৈ ৷ চলিত দেৱালীত সমগ্ৰ দেশৰ বজাৰত কেৱল দেশীয় সামগ্ৰীয়ে 3.75 লাখ কোটি টকাৰ অধিক অভিলেখ ভংগ কৰি ব্যৱসায় কৰিবলৈ সক্ষম হৈছে । অৱশ্যে এতিয়াও গোবৰ্ধন পূজা, ভাই দুজ, ছট পূজা আৰু তুলসী বিবাহ উৎসৱ বাকী আছে। আনহাতে, আগন্তুক উৎসৱত প্ৰায় 50 হাজাৰ কোটি টকাৰো অধিক ব্যৱসায়ৰ সম্ভাৱনা আছে। সোমবাৰে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (চিএআইটি)ৰ ৰাষ্ট্ৰীয় সভাপতি বি চি ভৰতিয়া আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে এই তথ্য প্ৰদান কৰে।

বিষয়াদ্বয়ে সদৰী কৰা অনুসৰি, এইবাৰ চীনে দেৱালীৰ ব্যৱসায়ত 1 লাখ কোটি টকাৰ অধিক বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। ইয়াৰ পূৰ্বে, দেৱালীত চীনত তৈয়াৰ কৰা সামগ্ৰীৰ প্ৰায় 70% ই জনসাধাৰণে ক্ৰয় কৰিছিল ৷ কিন্তু এইবাৰ ব্যতিক্ৰম ৷ দেশৰ কোনো ব্যৱসায়ীয়ে এই বৰ্ষত চীনৰ পৰা দেৱালীৰ বাবে কোনো সামগ্ৰী আমদানি কৰা নাই ৷

"ভাৰতীয় সামগ্ৰী- সবকা উস্তাদ" অভিযানৰ প্ৰভাৱ: এই দেৱালীত, চিএআইটিয়ে সমগ্ৰ দেশতে "ভাৰতীয় সামগ্ৰী-সবকা উস্তাদ" অভিযান আৰম্ভ কৰে ৷ এই অভিযানে সমগ্ৰ দেশৰ গ্ৰাহকৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰে ৷ একে সময়তে, পেকিং ব্যৱসায়েও এই দেৱালীত সমগ্ৰ দেশতে এক ডাঙৰ বজাৰ লাভ কৰিছে। এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্থানীয় আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ অভিযানৰ প্ৰভাৱ বুলি বিষয়াদ্বয়ে সদৰী কৰে ৷

বিষয়াদ্বয়ে লগতে উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱালীত স্থানীয় নিৰ্মিত সামগ্ৰী ক্ৰয় কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল । দেশৰ সকলো চহৰৰ স্থানীয় শিল্পীসকলে তৈয়াৰ কৰা সামগ্ৰীসমূহ বিক্ৰীত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰা হৈছিল ।

ভৰতিয়া আৰু খাণ্ডেলৱালে সদৰী কৰা অনুসৰি এইবাৰ দেৱালীত কেৱল ভাৰতীয় সামগ্ৰীয়ে প্ৰায় 3.5 লাখ কোটি টকাৰ বজাৰ আগ্ৰাসন কৰিছে ৷

খাদ্য আৰু খুচুৰা 13%

গহণা 9%

বস্ত্ৰ আৰু পোছাক 12%

শুকান ফল, মিঠাই আৰু নিমখীয়া সামগ্ৰী 4%

গৃহসজ্জা 3%

প্ৰসাধন 6%

ইলেক্ট্ৰনিক আৰু মোবাইল 8%

পূজাৰ সামগ্ৰী 3%

বাচন আৰু পাকঘৰৰ সঁজুলি 3%

কনফেকচনাৰী আৰু বেকাৰী 2%

উপহাৰৰ সামগ্ৰী 8%

সজ্জা আৰু আচবাব 4%

অন্যান্য 20%

লগতে গ্ৰাহকসকলে অট’মোবাইল, হাৰ্ডৱেৰ, বৈদ্যুতিক সামগ্ৰী, পুতলাকে ধৰি বহুতো ভাৰতীয় সামগ্ৰী ক্ৰয় কৰিছিল ৷

লগতে পঢ়ক: Bank Account Crores Credit : হঠাৎ একাউণ্টত সোমাল 4 কোটি 78 লাখ টকা, ইয়াৰ পিছত কি হ’ল ?

Last Updated : Nov 14, 2023, 8:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.