ETV Bharat / bharat

ATM ত নগদ ধন শেষ হ'লেই ভৰিব লাগিব জৰিমনা

ATM ত নগদ ধন শেষ হ'লে এতিয়াৰে পৰা বেংকে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে এটিএমত নগদ ধন জমা নাথাকিলে বেংকসমূহৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এটিএমত যাতে ৰাইজৰ বাবে পৰ্যাপ্ত ধন উপলব্ধ থাকে, সেই উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷

heavy monetary penalty on banks if their atms run out of cash
এটিএমত নগদ ধন শেষ হ'লেই বেংকে ভৰিব লাগিব জৰিমণা
author img

By

Published : Aug 11, 2021, 1:32 PM IST

নিউজ ডেস্ক, 11 আগষ্ট : এতিয়াৰে পৰা এটিএমত(ATM) নগদ ধন শেষ হ'লে বেংকে ভৰিব লাগিব বৃহৎ জৰিমনা ৷ এটিএমৰ পৰা নগদ ধন উলিয়াব বিচৰা গ্ৰাহকসকলক এক ডাঙৰ সকাহ দি ভাৰতীয় ৰিজাৰ্ভ বেংকে(Reserve Bank of India) এটিএমত নগদ ধন জমা নাথাকিলে বেংকসমূহৰ ওপৰত জৰিমনা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি এটিএমত ধন নাথাকিলে 2021 চনৰ 1 অক্টোবৰৰ পৰা বেংকসমূহে নগদ জৰিমনা ভৰিব লাগিব ৷

এক বিবৃতিযোগে এই কথা সদৰী কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে কয়, "কেছ-আউটৰ(Cash Out) বাবে এটিএম সমূহৰ ডাউন টাইমৰ(downtime of ATMs) এক সমীক্ষা কৰা হৈছিল ৷ এই সমীক্ষাত দেখা গৈছিল যে, কেছ-আউটৰ ফলত এটিএম সমূহত নগদ ধন উপলব্ধ নাথাকে ৷ ইয়াৰ বাবে ৰাইজৰ মাজত পৰিহাৰ্য অসুবিধাৰ সৃষ্টি হয়" ৷

লগতে পঢ়ক: ডাটা সংৰক্ষণজনিত কাৰণত মাষ্টাৰকাৰ্ড নিষিদ্ধ কৰিলে RBIয়ে

চেণ্ট্ৰেল বেংকে জানিবলৈ দিয়া মতে, এটিএমত নগদ ধনৰ উপলব্ধতা নিৰীক্ষণ কৰাৰ বাবে বেংক অথবা হোৱাইট লেবেল এটিএম অপাৰেটৰ (White Label ATM Operators)সকলে তেওঁলোকৰ প্ৰণালী অধিক শক্তিশালী কৰি তুলিব ৷ মূলতঃ কেছ-আউটৰ সমস্যা পৰিহাৰ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি বেংকে জানিবলৈ দিয়ে ৷ এইক্ষেত্ৰত নিয়ম ভংগ কৰাসকলে আৰ্থিক জৰিমনা ভৰিব লাগিব ৷

বেংকে লগতে এই কথাও প্ৰকাশ কৰিছে যে, কোনো এটিএমত যদিহে প্ৰতি মাহত 10 ঘণ্টাতকৈ অধিক সময় কেছ-আউট হয়, তেন্তে সেই এটিএমৰ বিৰুদ্ধে 10,000 টকাৰ জৰিমনা আৰোপ কৰা হ'ব ৷ হোৱাইট লেবেল এটিএমৰ ক্ষেত্ৰত সেই নিৰ্দিষ্ট এটিএমৰ নগদ প্ৰয়োজনীয়তা পূৰণ কৰা বেংকসমূহে জৰিমনা ভৰিব লাগিব ৷ অৱশ্যে বেংকে নিজৰ বিবেচনা অনুসৰি, হোৱাইট লেবেল এটিএমসমূহৰ পৰা জৰিমনা সংগ্ৰহ কৰিব পাৰে ৷

লগতে পঢ়ক: পুৰণি নোট ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সতৰ্কবাণী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

উল্লেখ্য যে, নগদ ধন নৰখাৰ বাবে বেংকসমূহে RBI ৰ Issue Department ক এটিএমৰ ডাউন টাইমৰ এক system generated বিবৃতি দাখিল কৰিব লাগিব ৷ ৰিজাৰ্ভ বেংকে এক বিবৃতিযোগে জানিবলৈ দিয়া মতে, এটিএমত যাতে ৰাইজৰ বাবে পৰ্যাপ্ত ধন উপলব্ধ থাকে, সেই উদ্দেশ্যে এই জৰিমনাৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক: Bank holidays 2021: আগষ্ট মাহত 15 দিনৰ বাবে বন্ধ থাকিব বেংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.