ETV Bharat / bharat

ৰথযাত্ৰা 2021: এইবেলিও ভক্তৰ উপস্থিতিত নিষেধাজ্ঞা

author img

By

Published : Jul 10, 2021, 9:59 AM IST

ক’ভিড 19 (Covid 19) পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও ভক্তৰ উপস্থিতি অবিহনে অনুষ্ঠিত হ’ব ৰথযাত্ৰা (Rathyatra) ৷ ক’ভিড প্ৰট’কল মানি সীমিত লোকেৰে উদযাপন কৰা হ’ব পুৰীৰ জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা (Jagannath tample Rathyatra) ৷

Rath Yatra 2021: No participation of devotees, only Covid-19 negative servitors to pull chariots
ৰথযাত্ৰা 2021: এইবেলিও ভক্তৰ উপস্থিতি নিষেধ ৰথযাত্ৰাত

নেশ্যনেল ডেস্ক, 10 জুলাই : বিগত বৰ্ষৰ দৰে এইবেলিও দৰ্শানাৰ্থী অবিহনে অনুষ্ঠিত হ’ব পুৰীৰ জগন্নাথ ৰথযাত্ৰা (Jagannath tample Rathyatra) ৷ ক’ভিড 19 (Covid 19)ৰ বাবে পালন কৰা হ’ব কঠোৰ নীতি-নিয়ম ৷ এই কথা অৱগত কৰিছে জগন্নাথ মন্দিৰ পৰিচালনা সমিতিয়ে ৷

"উচ্চতম ন্যায়ালয়ৰ (SC) নিৰ্দেশনা আৰু ওড়িশা চৰকাৰে জাৰি কৰা এছ অ’ পি (SOP) অনুসৰি বিগত বৰ্ষৰ দৰে এইবছৰো ৰথযাত্ৰাত (Rathyatra) ভক্তই অংশগ্ৰহণ কৰিব নোৱাৰিব ৷ 12 জুলাইত অনুষ্ঠিত হ’বলগীয়া এই ৰথযাত্ৰাত (Rathyatra) কোনো ভক্তই অংশগ্ৰহণ কৰিব নোৱাৰিব ৷ ৰথ টনা (chariots puller) লোকসকলৰো প্ৰতিষেধক গ্ৰহণ কৰাৰ উপৰিও আৰটিপিচিআৰ পৰীক্ষাৰ ফলাফল সম্পূৰ্ণ নিগেটিভ হ’ব লাগিব ৷ আৰক্ষীৰ বাহিৰে 1000 গৰাকী বিষয়া নিয়োজিত কৰা হ’ব"-এই কথা জনাইছে জগন্নাথ মন্দিৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া অজয় জিনাই ৷

8 জুলাইৰ পৰা পুৰীৰ চাৰিটা স্থানত এই ৰথযাত্ৰা (Rathyatra)ত উপস্থিত থাকিবলগীয়া বিষয়াৰ লগতে ‘সেবায়ত’ সকলৰ আৰটিপিচিআৰ পৰীক্ষা কৰা হ’ব ৷

ৰথযাত্ৰা হৈছে প্ৰভু জগন্নাথৰ (Lord Jagannath) সৈতে জড়িত এক উৎসৱ ৷ ওড়িশাৰ পুৰীত এই উৎসৱ পালন কৰা হয় ৷ পুৰীৰ সলনি সমগ্ৰ ওড়িশাতে ৰথযাত্ৰাৰ অনুমতি বিচাৰি দাখিল কৰা আবেদন 6 জুলাইত নাকচ কৰে উচ্চতম ন্যায়ালয়ে (SC) ৷

বিগত বৰ্ষৰ তুলনাত এইবৰ্ষত ক’ভিড 19 ত অধিক লোকৰ মৃত্যু হৈছে ৷ পুৰীৰ উপৰিও ওড়িশাৰ বিভিন্ন চহৰত ৰথযাত্ৰা অনুষ্ঠিত কৰিবলৈ দাখিল কৰা আবেদন সন্দৰ্ভত এই মন্তব্য কৰে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বাধীন এপেক্স ক’ৰ্টৰ তিনিজনীয়া বিচাৰপীঠে ৷ ওড়িশা চৰকাৰে সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনা পালন কৰি জগন্নাথ মন্দিৰত ৰথযাত্ৰা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে ৷

লগতে চাওকঃ মহামাৰীৰ ভয়াৱহতা এতিয়াও দূৰ হোৱা নাই : স্বাস্থ্য মন্ত্ৰালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.