নিউজ ডেস্ক,12ফেব্ৰুৱাৰী : কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাৰ মুডিগেৰে তালুকত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ৷ ভায়েকৰ হাতত ভনীয়েক হ'ল অন্ত:সত্তা ৷ ঘটনাৰ বাবে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ ইতিমধ্যে ঘটনাৰ সৈতে জড়িত অভিযুক্তক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷
প্ৰাপ্ত খবৰ অনুসৰি, চিক্কামাগালুৰু জিলাৰ মুডিগেৰে তালুক গাঁৱৰ এজন ২০ বছৰীয়া যুৱকে তেওঁৰ ভনীয়েকক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যুৱকজনে তেওঁৰ ১৩ বছৰীয়া ভনীয়েকক ধৰ্ষণ কৰিছিল ৷ সম্প্ৰতি কিশোৰীগৰাকী অন্তঃসত্বা বুলি জানিব পৰা গৈছে । ছোৱালীজনীয়ে এই সন্দৰ্ভত ঘৰৰ আন ব্যক্তিক জনোৱা নাছিল ৷ অন্ত:সত্তা হোৱাৰ পাচতহে পোহৰলৈ আহে এই কথা ৷
ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত যুৱকজনক কৰায়ত্ত কৰিছে আৰু পক্সো আইনৰ অধীনত অভিযোগ দাখিল কৰিছে ।
অন্য এক খবৰৰ বাবে: অসম-মিজোৰাম সীমান্তত আজিও অব্যাহত আতংক