ETV Bharat / bharat

Karnataka new CM: সিদ্ধান্ত ল’বলৈ বেছি সময় নালাগিব খাৰ্গেক; কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম আজি ঘোষণাৰ সম্ভাৱনা - Congress Victory in Karnataka

এতিয়াও নিৰ্ধাৰণ হোৱা নাই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ৷ সিদ্দাৰমাইয়া নে ডি কে শিৱকুমাৰ, কোন হ’ব মুখ্যমন্ত্ৰী ? ইতিমধ্যে দেওবাৰে মাজ নিশা এই সন্দৰ্ভত অনুষ্ঠিত বৈঠকত 135গৰাকী বিধায়কে নিজৰ মতামত পৰ্যবেক্ষকক দাখিল কৰিছে ৷ এতিয়া মল্লিকাৰ্জুন খাৰ্গেৰ ওপৰত নিৰ্ভৰ কৰিব সকলো (CLP meeting in Bengaluru) ৷

Karnataka new CM
CLP meeting in Bengaluru
author img

By

Published : May 15, 2023, 7:28 AM IST

Updated : May 15, 2023, 8:25 AM IST

নিউজ ডেস্ক, 15 মে’: কংগ্ৰেছ নেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কৰ্ণাটকৰ প্ৰভাৰী ৰণদীপ সিং সূৰজেৱালাই দেওবাৰে মাজনিশা কয় যে, মুখ্যমন্ত্ৰী বাচনিৰ বাবে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেক বেছি সময় নালাগিব আৰু অতি সোনকালে তেওঁ কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব । কৰ্ণাটকৰ বেংগালুৰুত মাজনিশা নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কৰ সৈতে হোৱা বৈঠকৰ অন্তত সাংবাদিকৰ আগত সূৰজেৱালাই কয়, "পাৰ্টিৰ নেতৃত্বই সিদ্ধান্ত ল'ব । মই মোৰ বিচাৰৰ বাবে খাৰ্গে চাহাবৰ বিচাৰ সলনি কৰিব নোৱাৰো । তেওঁ আমাৰ জ্যেষ্ঠ, আৰু আপোনালোক সকলোৱে তেওঁক চিনি পায় । তেওঁ কৰ্ণাটকৰ ভূমি পুত্ৰ, আৰু মই নিশ্চিত যে তেওঁক বৰ বেছি সময় নালাগিব ।" (CLP meeting in Bengaluru)

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ পিচত শপত গ্ৰহণ অনুষ্ঠানৰ পৰিকল্পনা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে, বিজয়ী দলটোৱে প্ৰথম মন্ত্ৰীসভাতে প্ৰথম পাঁচটা প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিব (Congress five guarantee in Karnataka)।

কংগ্ৰেছ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম বাছি ল’বলৈ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক কৰ্তৃত্ব প্ৰদান কৰি প্ৰস্তাৱ গৃহীত কৰাৰ পিচতে এই বৈঠকৰ আহ্বান কৰা হয় । প্ৰস্তাৱটোত উল্লেখ কৰা অনুসৰি, কংগ্ৰেছ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছে যে কংগ্ৰেছ বিধায়িনী দলৰ নতুন নেতা নিযুক্তিৰ বাবে এআইচিচিৰ সভাপতিক কৰ্তৃত্ব দিয়া হৈছে । দেওবাৰে মাজনিশা বেংগালুৰুৰ এখন হোটেলত আৰম্ভ হোৱা বৈঠকখন প্ৰায় ১.৩০ বজালৈকে চলিছিল । ইয়াত ১৩৫ গৰাকী নৱনিৰ্বাচিত বিধায়কে অংশগ্ৰহণ কৰে (Karnataka New CM updates) ।

লগতে পঢ়ক: AICC chief to choose next Karnataka CM : সিদ্দাৰামাইয়া নে শিৱকুমাৰ হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী- ভাগ্য নিৰ্ণয় কৰিব খাৰ্গেয়ে

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুশীল কুমাৰ শিণ্ডে আৰু দলৰ নেতা জিতেন্দ্ৰ সিং আৰু দীপক বাবাৰিয়া পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে । সিদ্দাৰমাইয়া, ডি কে শিৱকুমাৰ, কে চি বেনুগোপাল, জয়ৰাম ৰমেশ আদি দলৰ নেতাসকলেও সভাত অংশগ্ৰহণ কৰে (Congress Victory in Karnataka) ।

"কংগ্ৰেছ দলৰ বিধায়কক সাক্ষাৎ ব্যক্তিগত কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো বহেমিয়াৰে সম্পূৰ্ণ হৈছে । পৰ্যবেক্ষকসকলে সকলো বিধায়কক পৃথকে পৃথকে সাক্ষাৎ কৰি তেওঁলোকৰ মতামত লিপিবদ্ধ কৰিছিল আৰু এতিয়া তেওঁলোকে কংগ্ৰেছ নেতৃত্বক প্ৰতিবেদন দাখিল কৰিব ৷ তাৰ পিছত আমি ঘোষণা কৰিম কৰ্ণাটক কংগ্ৰেছ বিধায়িনী দলৰ পৰৱৰ্তী নেতা ।" কৰ্ণাটকৰ এআইচিচিৰ প্ৰভাৰী ৰণদীপ সিং সূৰজেৱালাই সাংবাদিকৰ আগত লগতে কয় ।

সিদ্দাৰমাইয়া বা ডি কে শিৱকুমাৰৰ জন্মদিনত কোনো উপহাৰৰ পৰিকল্পনা কৰা হৈছে নেকি বুলি সোধাত সূৰজেৱালাই কয়, ‘‘মই সেই আলোচনাৰ এটা পক্ষ নহয় ৷ সাধাৰণ সম্পাদক হিচাপে মই কংগ্ৰেছৰ এজন সাধাৰণ কৰ্মী আৰু মোৰ সকলো বিধায়িনী দলৰ সৈতে থিয় দিছোঁ । আমি একেলগে বহি কৰ্ণাটকৰ ভৱিষ্যতৰ পৰিকল্পনা কৰি আছিলো যিটো আমাৰ বাবে অধিক গুৰুত্বপূৰ্ণ । আমি একেলগে ডি কে শিৱকুমাৰৰ জন্মদিনো পালন কৰিছিলোঁ ।" (Karnataka political updates)

চিএলপিৰ বৈঠকৰ পূৰ্বে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেনুগোপালে কৈছিল, ‘‘আজি নিশাৰ ভিতৰতে বিধায়কৰ মতামত লোৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব আৰু তাৰ পিছত পৰ্যবেক্ষকসকল দিল্লীলৈ গৈ এই মতামত সন্দৰ্ভত এআইচিচিৰ সভাপতিক অৱগত কৰিব ।’’ বেনুগোপালে লগতে কয় যে, "বিধায়কৰ মতামত লোৱাৰ এই প্ৰক্ৰিয়া আজি নিশা নিজেই সম্পূৰ্ণ হ'ব । ৰণদীপ সুৰজেৱালাই কোৱাৰ দৰে এয়া সিদ্দাৰমাইয়াই উত্থাপন কৰা তথা ডি কে শিৱকুমাৰ আৰু সকলো জ্যেষ্ঠ নেতাই সমৰ্থন কৰা এক প্ৰস্তাৱ ।"

ইয়াৰ পূৰ্বে দেওবাৰে বেংগালুৰুস্থিত কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ বাসগৃহৰ বাহিৰত বিপুল সংখ্যক সমৰ্থক একত্ৰিত হৈ ‘‘আমি ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰো’’ শ্লোগান দিয়ে ।

শনিবাৰে কৰ্ণাটকত ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰি বিপুল বিজয় সাব্যস্ত কৰা কংগ্ৰেছে মুখ্যমন্ত্ৰী সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছিল ৷ দলৰ আগশাৰীৰ নেতা সিদ্দাৰমাইয়া আৰু দলৰ ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰৰ ভিতৰত মুখ্যমন্ত্ৰী কাক বাচনি কৰা হ’ব তাকে লৈ জল্পনা-কল্পনা চলিছিল ।

ৰাজ্যখনত কংগ্ৰেছ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে দেওবাৰে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুশীল কুমাৰ শিণ্ডে, দলৰ নেতা জিতেন্দ্ৰ সিং আৰু দীপক বাবাৰিয়াকে ধৰি কৰ্ণাটকত তিনিজন পৰ্যবেক্ষক নিযুক্তি দিয়ে ।

লগতে পঢ়ক: Next CM of Karnataka : সিদ্দাৰামাইয়া নে শিৱকুমাৰ, কোন হ'ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কংগ্ৰেছে ১৩৫খন আসন লাভ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে শাসন কৰা একমাত্ৰ দক্ষিণৰ ৰাজ্যখনত ক্ষমতাৰ পৰা আঁতৰাই আনি আগন্তুক নিৰ্বাচনী যুদ্ধৰ বাবে নিজৰ সম্ভাৱনা বৃদ্ধি কৰিছে । বিজেপিয়ে ৬৬খন আসন লাভ কৰিবলৈ সক্ষম হয় । জনতা দল-চেকুলাৰে (জেডিএছ) ১৯খন আসন লাভ কৰে । নিৰ্দলীয় দলে দুখন আসন লাভ কৰাৰ বিপৰীতে কল্যাণ ৰাজ্য প্ৰগতি পক্ষ আৰু সৰ্বোদয় কৰ্ণাটক দলে এখনকৈ আসন লাভ কৰিছে ।

Last Updated : May 15, 2023, 8:25 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.