ৰামোজী ফিল্ম চিটি (হায়দৰাবাদ), 17 এপ্ৰিল : ৰামোজী গ্ৰুপৰ অধ্যক্ষ ৰামোজী ৰাওৰ নাতিনী ব্ৰিহাতিয়ে শনিবাৰে ভেংকট অক্ষয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়(Ramoji Raos granddaughter ties the nuptial knot with Akshay) । শনিবাৰে নিশা হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিৰ মনোৰম পৰিৱেশত বৈদিক স্তোত্ৰৰ উচ্চাৰণ আৰু পোহৰ আৰু ফুলৰ সজ্জাৰ বিশাল শৈলীৰ মাজত আনুষ্ঠিত হয় বিয়াখন ৷ কইনা ব্ৰিহাতি ইনাডুৰ পৰিচালনা সঞ্চালক কিৰন চেৰুকুৰি আৰু মাৰ্গদৰ্শীৰ পৰিচালনা সঞ্চালক চি এইচ শৈলাজালাৰ দ্বিতীয় কন্যা । আনহাতে দৰা ভেংকট অক্ষয় দণ্ডমুদী অমৰ মোহনদাস আৰু অনিতাৰ পুত্ৰ ।
পৰিয়াল আৰু বন্ধুবৰ্গৰ উপৰিও, ভিআইপি , ৰাজনৈতিক নেতা আৰু ছবি উদ্যোগৰ তাৰকা সকল এই বিশেষ বিবাহ অনুষ্ঠানত উপস্থিত আছে। বিবাহ অনুষ্ঠানটো এটা বিশেষভাৱে নিৰ্মিত মঞ্চত অনুষ্ঠিত হৈছে। দম্পতীহালক আশীৰ্বাদ দিয়া মুখ্য অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছিল উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু আৰু তেওঁৰ পত্নী ঊষা, ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী, তেলেংগানাৰ মন্ত্ৰী হৰিশ ৰাও, মহমুদ আলী, ইন্দ্ৰকৰণ ৰেড্ডী আৰু আন কেইজনমান নেতা ।
লগতে পঢ়ক : ৰামোজী ৰাওৰ নাতিনীৰ বিয়াত উপস্থিত হ’ল ভিআইপি, ভিভিআইপিৰ পৰা ছবি জগতৰ তাৰকালৈ...