নেশ্যনেল ডেস্ক, 26 ছেপ্তেম্বৰ : পৰ্যটকৰ বাবে স্বৰ্গ ! ৰামোজী ফিল্ম চিটিলৈ তেলেংগানা চৰকাৰৰ ৰাজ্যিক পৰ্যটন বঁটা ৷ 27 ছেপ্তেম্বৰত পৰ্যটন দিৱসৰ প্ৰাকমূহুৰ্তত তেলেংগানা পৰ্যটন বিভাগে 2021 বৰ্ষৰ বাবে এই বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিছে ৷
![Ramoji Film City got Telangana Tourism Award for giving best services to the tourists](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13176165_b.jpg)
পৰ্যটকৰ বাবে উন্নত অসামৰিক সেৱাৰ শিতানত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৰামোজী ফিল্ম চিটি ৷ 27 ছেপ্তেম্বৰত হায়দৰাবাদৰ বেগমপেটত অৱস্থিত প্লাজা হোটেলত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব ৷
![Ramoji Film City got Telangana Tourism Award for giving best services to the tourists](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13176165_1.jpg)
আনহাতে, তেলেংগানা চৰকাৰৰ দ্বাৰা প্ৰদান কৰা অন্যান্য শিতানৰ বঁটাসমূহৰ তালিকাত যেনে পঞ্চতাৰকা হোটেল ডিলাক্স শিতানত ‘ৱেষ্টিন হোটেলে’ বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ ইয়াৰ লগতে পঞ্চতাৰকা শিতানত বঁটাৰ বাবে নিৰ্বাচিত হৈছে বঞ্জাৰাহিলস্থিত পাৰ্ক ‘হায়াৰ হোটেল’ ৷ ইয়াৰ উপৰিও হায়দৰাবাদৰ বাহিৰৰ পঞ্চতাৰকা হোটেলৰ শিতানত নিৰ্বাচিত হৈছে ‘গোলকোণ্ডা ৰিজ’ৰ্ট’ ৷
![Ramoji Film City got Telangana Tourism Award for giving best services to the tourists](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ramoji_2609newsroom_1632625434_519.jpg)
আনহাতে, চাৰিতাৰকা হোটেলৰ শিতানত বঞ্জাৰাহিলস্থিত ‘দশপাল্লা’ হোটেলে বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ হায়দৰাবাদৰ বাহিৰৰ চাৰিতাৰকা হোটেলৰ শিতানত বঁটা লাভ কৰিছে ‘মৃগনাভি ৰিজ’ৰ্টে’ ৷
![Ramoji Film City got Telangana Tourism Award for giving best services to the tourists](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13176165_4.jpg)
তিনিতাৰকা হোটেলৰ শিতানত শ্ৰেষ্ঠ বঁটা লাভ লকড়ী কা পুলস্থিত ‘ৱেষ্টাৰ্ণ অশোকা’ হোটেলৰ ৷ ইয়াৰ বিপৰীতে ‘নভটেল’ আৰু HICC কমপ্লেক্স নিৰ্বাচিত হৈছে শ্ৰেষ্ঠ convention চেণ্টাৰৰ বাবে ৷ শ্ৰেষ্ঠ গ্ৰীণ হোটেল শিতানত প্ৰথম পুৰস্কাৰ লাভ কৰিছে তাৰামতী বাৰাদৰীয়ে, ৰামাপ্পাস্থিত হৰিতা হোটেলে দ্বিতীয় বঁটা আৰু তৃতীয় বঁটা লাভ কৰিছে আলীসাগৰস্থিত হৰিতা লেক ভিউ ৰিজ’ৰ্টে ৷
![Ramoji Film City got Telangana Tourism Award for giving best services to the tourists](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13176165_5.jpg)
তেলেংগানাৰ পৰ্যটন বিভাগে মুঠ 16 টা শিতানত 19 টা বঁটা ঘোষণা কৰিছে ৷
![Ramoji Film City got Telangana Tourism Award for giving best services to the tourists](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13176165_2.jpg)
লগতে পঢ়ক : বিশ্ব নদী দিৱস 2021