ETV Bharat / bharat

২২ জানুৱাৰীত নিশা ১২.২০ বজাত অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 4:05 PM IST

আগন্তুক বৰ্ষৰ ২২ জানুৱাৰীৰ নিশা ১২.২০ বজাত অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক কৰা হ’ব । ইয়াৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই চাৰিটা পৰ্যায়ৰ অভিযান সাজু কৰিছে । ইয়াক কাৰ্যকৰী কৰিবলৈ ৰাম মন্দিৰ আন্দোলনৰ কৰ সেৱকৰ পৰাও সহায় লোৱা হ’ব ।

Ram temple consecration in Ayodhya
ৰাম মন্দিৰৰ অভিষেক

নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ : ২২ জানুৱাৰীৰ নিশা ১২:২০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব । অভিজিত মুহূৰ্ত মৃগষিৰা নক্ষত্ৰত অনুষ্ঠিত হ’ব প্ৰাণ প্ৰতিষ্ঠা । এই কাৰ্য্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰি তুলিবলৈ সংঘ পৰিয়ালে দেওবাৰে সাকেত নিলায়মত এখন বৈঠক অনুষ্ঠিত কৰে । তাতেই অনুষ্ঠানটো চাৰিটা পৰ্যায়ত ভাগ কৰা হয় । ইয়াৰ উপৰিও, বৈঠকত প্ৰস্তুতিৰ বাবে পৰ্যালোচনা কৰা হৈছিল ।

দেওবাৰৰ পৰা আৰম্ভ হৈছে অযোধ্যাৰ ৰাম মন্দিৰ সন্দৰ্ভত প্ৰথম পৰ্যায়ৰ অভিযান । এই অভিযান ২০ ডিচেম্বৰলৈকে চলিব । অযোধ্যাৰ ৰাম মন্দিৰ উদযাপনৰ বাবে কৰ্ম পৰিকল্পনাৰ ৰূপৰেখা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে । ইয়াক কাৰ্যকৰী কৰিবলৈ কেইবাখনো পৰিচালনা সমিতি গঠন কৰিব লাগিব । জিলা আৰু খণ্ড পৰ্যায়ত 10-10 জনীয়া এটা দল গঠন কৰা হ’ব, যাতে সমগ্ৰ কাৰ্যসূচীটো পৰিচালনাত কোনো ব্যাঘাত নহয় ।

  • अवधपुरी प्रभु आवत जानी।
    भई सकल सोभा कै खानी॥

    Shri Ramjanmabhoomi all geared up to welcome Shri Ram. pic.twitter.com/P32AM4gkkN

    — Shri Ram Janmbhoomi Teerth Kshetra (@ShriRamTeerth) November 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাম মন্দিৰ আন্দোলনৰ কৰসেৱকসকলকো জিলা আৰু ব্লক পৰ্যায়ত গঠন হৈ থকা দলসমূহত অন্তৰ্ভুক্ত কৰা হৈছে । এই গোটসমূহে ২৫০ স্থানত সভা অনুষ্ঠিত কৰিব আৰু ৰাম মন্দিৰৰ উদযাপনত যিমান পাৰি সিমান লোকক জড়িত কৰাৰ চেষ্টা কৰিব । ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায় । দ্বিতীয় পৰ্যায়ত ঘৰে ঘৰে যোগাযোগ কৰা হ’ব । এই পৰ্যায়ত ১০ কোটি পৰিয়ালক ৰামলালাৰ মূৰ্তিৰ অক্ষত ফটো আৰু প্ৰচাৰ পত্ৰিকা প্ৰদান কৰা হ’ব ৷

এই পৰ্যায়ৰ জৰিয়তে অনুষ্ঠানৰ দিনটোত দীপোৎসৱ উদযাপন কৰিবলৈ ৰাইজক আহ্বান জনোৱা হ’ব । ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায় । এই দিনটো সমগ্ৰ দেশতে উদযাপন কৰা হ’ব আৰু প্ৰতিটো ঘৰতে যাতে অনুষ্ঠান অনুষ্ঠিত কৰা হয় তেনে এক পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ’ব । চতুৰ্থ পৰ্যায়ত সমগ্ৰ দেশৰ ৰামভক্তসকলক ৰামলালাৰ দৰ্শন প্ৰদানৰ পৰিকল্পনা কৰা হৈছে ৷ এই পৰ্যায় ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ২২ ফেব্ৰুৱাৰীলৈকে চলিব । এই অভিযান প্ৰাদেশিক পৰ্যায়ত হ’ব । আগন্তুক ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত অৱধ প্ৰদেশৰ শ্ৰমিকসকলক দৰ্শন কৰোৱাৰ পৰিকল্পনা কৰা হৈছে ।

  • श्री राम के स्वागत हेतु आतुर श्री राम जन्मभूमि

    शुभ दीपावली
    Shubh Deepawali pic.twitter.com/kgQRij6fqq

    — Shri Ram Janmbhoomi Teerth Kshetra (@ShriRamTeerth) November 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আজি নিশা ২ বজাৰ পৰা আৰম্ভ হ'ব অযোধ্যাৰ ১৪ কোচি পৰিক্ৰমা: আজি নিশা প্ৰায় ২ বজাৰ পৰা আৰম্ভ হ’ব ৰামনগৰীৰ ১৪ কোচি পৰিক্ৰমা । এই পৰিক্ৰমাত প্ৰায় ৪২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা হৈছে । ইয়াৰ বাবে, প্ৰশাসনে ৰাস্তা আৰু চাৰিআলিবোৰ মেৰামতি কৰিছে। ভক্তসকলৰ পৰিক্ৰমাৰ সময়ত যাতে ধূলিময় পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে পানী ছটিয়াই দিয়া হ'ব । উত্তৰ প্ৰদেশ পথৰ বাছসমূহৰ ৰাউণ্ডো বৃদ্ধি কৰা হৈছে । অযোধ্যাত এটা অস্থায়ী বাছ ষ্টেণ্ডো নিৰ্মাণ কৰা হৈছে ।

ৰামনগৰৰ মঠ আৰু মন্দিৰবোৰ বিশেষভাৱে সজাই তোলা হৈছে । লক্ষ্নৌৰ পৰা অহা ৰাম ভক্তসকলে সহদাতগঞ্জ পৰিক্ৰমা মাৰ্গ আৰু ফৈজাবাদ বাছ আস্থানত উপস্থিত হ’ব । বাইপাছৰ জৰিয়তে মানুহে অযোধ্যা পোৱাৰ ব্যৱস্থা কৰা হৈছে । ৰে’লৰ দ্বাৰা অহা ভক্তসকল অযোধ্যা কেণ্টত উপস্থিত হ'ব । তাৰ পৰা, তেওঁলোকে অযোধ্যা ধাম ৰে’ল ষ্টেচনলৈ যাব লাগিব । এই ১৪ কোচি পৰিক্ৰমা ২১ নৱেম্বৰৰ নিশা ১১:৩৮ বজাত সমাপ্ত হ’ব ।

লগতে পঢ়ক : উত্তৰকাশী সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ কামৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.