নিউজ ডেস্ক, 3 জানুৱাৰী: অহা 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব বহু চৰ্চিত অযোধ্যাৰ ৰাম মন্দিৰৰ ৷ এই উপলক্ষে উক্তদিনটোত এই মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হ’বলৈ বিশেষ একাংশ অতিথিকহে নিমন্ত্ৰণ জনাইছে ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানৰ বাবে ইতিমধ্যে সমগ্ৰ বিশ্বৰ নিৰ্বাচিত একাংশ ৰামভক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে ন্যাসে ৷ শাসনৰ গাদীত থকা গেৰুৱা বাহিনী আৰু ইয়াৰ সহযোগী সংগঠন সমূহে এই অনুষ্ঠানক বিশ্বব্যাপী প্ৰসাৰিত এক অনুষ্ঠানলৈ ৰূপন্তৰিত কৰাৰ প্ৰয়াস চলাইছে ৷
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে বিহাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱকো ৷ ইতিমধ্যে ন্যাসৰ তৰফৰ পৰা তেওঁলোকলৈ প্ৰেৰণ কৰা হৈছে নিমন্ত্ৰণী পত্ৰ ৷
একে সময়তে বিৰোধী নেতাৰ সন্মুখত এক বৃহৎ ধৰ্মীয় সংকটৰ সৃষ্টি হৈছে । এই অনুষ্ঠানৰ নিমন্ত্ৰণ গ্ৰহণ কৰক বা নকৰক এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল ২০২৪ চনৰ নিৰ্বাচনত বিজেপিয়ে এই কাৰ্যসূচী তথা মন্দিৰ নিৰ্মাণৰ সুবিধা ক’ত কেনেকৈ লোৱাৰ চেষ্টা কৰিব ? বিৰোধী নেতাসকলে এই কাৰ্যসূচীত উপস্থিত থাকিলেও বিজেপি ইয়াৰ পৰা লাভৱান হ’ব আৰু যদি তেওঁলোকে আহিবলৈ অস্বীকাৰ কৰে, তেন্তে সমগ্ৰ দেশৰ হিন্দু সমাজলৈ সেই নেতাসকলৰ প্ৰতি ভুল বাৰ্তা প্ৰেৰণ কৰা হ’ব ।
পাটনাত উপস্থিত হৈ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্য কামেশ্বৰ চাউপালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত উপস্থিত থকাৰ বাবে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু আৰজেডিৰ মূৰব্বী লালু প্ৰসাদ যাদৱৰ পৰা সময় বিচাৰিছে । একে সময়তে ৰাম মন্দিৰৰ কাৰ্যসূচীৰ বাবে ৰাম মন্দিৰ ট্ৰাষ্টৰ স্থায়ী সদস্য কামেশ্বৰ চাউপালে নীতিশ-লালুক নিমন্ত্ৰণ জনায় এখন পত্ৰ প্ৰদানৰ বাবে তেওঁলোকক সাক্ষাৎ কৰিবও খুজিছে ৷ কিন্তু, এতিয়ালৈকে তেওঁ সময় পোৱা নাই । এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল লালু যাদৱ আৰু নীতিশ কুমাৰে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰিবনে ? বৰ্তমান সময়ত কামেশ্বৰ চাউপালক নীতিশ কুমাৰক লগ কৰিবলৈ সময় দিয়া হোৱা নাই ।
শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এজন সদস্যই কয় যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু লালু যাদৱ সমাজৰ আগশাৰীৰ ব্যক্তি । সমাজত তেওঁৰ এক সন্মানীয় স্থান আছে ৷ সেয়েহে তেওঁ তেওঁলোকক ৰামৰ মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ সন্মানজনকভাৱে নিমন্ত্ৰণ কৰিব বিচাৰে । এই অনুষ্ঠানত দুয়োজনেই অংশগ্ৰহণ কৰিব বুলি তেওঁ আত্মবিশ্বাসী বুলিও কয় ।
একে সময়তে বহু বিৰোধী নেতাই এই অনুষ্ঠানত অংশগ্ৰহণ নকৰো বুলি কোৱাৰ লগে লগে লালু আৰু নীতিশ কুমাৰেও এই অনুষ্ঠান এৰাই চলিব পাৰে বুলি আশংকা কৰা হৈছে । যদি এনে হয়, তেন্তে এই দুই নেতাক সনাতন বিৰোধী আৰু ৰাম বিৰোধী বুলি কোৱাটো বিজেপিৰ বাবে এক ডাঙৰ সুযোগ হ’ব । বৰ্তমান কামেশ্বৰ চাউপালে এতিয়াও নীতিশ কুমাৰক লগ পোৱা নাই আৰু তেওঁ নিমন্ত্ৰণ পত্ৰখন লৈ বৈঠকৰ বাবে অপেক্ষা কৰি আছে ।
লগতে পঢ়ক: ৰাম মন্দিৰত অধিষ্ঠিত হ'ব কৰ্ণাটকৰ ভাস্কৰ্যশিল্পী যোগীৰাজ অৰুণৰ ৰামলালাৰ মূৰ্তি