ETV Bharat / bharat

আজি ৰাজ্যসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয়টো দিন, বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত হ’ব আলোচনা

author img

By ANI

Published : Dec 6, 2023, 10:43 AM IST

দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হ’ব শীতকালীন অধিৱেশনৰ তৃতীয় দিনটোত ৷ 22 ডিচেম্বৰত সামৰণি পৰিব শীতকালীন অধিবেশনৰ ।

Rajya Sabha to continue discussion on countrys economic situation on Day 3 of Winter Session
আজি ৰাজ্যসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয়টো দিন

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ: চলি থকা শীতকালীন অধিৱেশনৰ তৃতীয় দিনটোত অৰ্থাৎ বুধবাৰে দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ মঙলবাৰেও একেটা বিষয়তে ৰাজ্যসভাৰ আলোচনা চলিছিল । সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনে আৰম্ভ কৰিছিল দেশৰ অৰ্থনৈতিক পৰিস্থিতি সন্দৰ্ভত হ্ৰস্বম্যাদী জাননী বিষয়ক আলোচনা ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2023-24 অনুদানৰ বাবে পৰিপূৰক দাবী দেখুৱাই বিবৃতি দাখিল কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে । তদুপৰি, বিজেপি সাংসদ সুমেৰ সোলাংকি আৰু বিজু জনতা দলৰ সাংসদ নিৰঞ্জন বিশিয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ সমিতিৰ অধ্যয়নমূলক ভ্ৰমণ প্ৰতিবেদনৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে উচ্চ সদনত ৷

সূত্ৰ অনুসৰি আম আদমি পাৰ্টিৰ সাংসদ অশোক কুমাৰ মিট্টাল আৰু শিৱসেনাৰ সাংসদ অনিল দেশাইয়েও বৈদেশিক পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিৰ পঁচিশতম প্ৰতিবেদন তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ বাবে 2023-24 বৰ্ষৰ অনুদান দাখিল সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে ।

শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা মঙলবাৰে লোকসভাত জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক 2023 আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক 2023 সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হয় । সোমবাৰে অৰ্থাৎ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই দুখন বিধেয়ক উত্থাপন কৰি গৃহীত কৰা হয় আৰু ৰাজ্যসভাতো আপৰ সাংসদ ৰাঘৱ চাড্ডাৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

"ভাৰতীয় ন্যায় সংহিতা 2023" "ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023" আৰু "ভাৰতীয় সাক্ষ্য বিধেয়ক 2023’ৰ ওপৰতো স্থায়ী সমিতিৰ প্ৰতিবেদন দুয়োখন সদনত দাখিল কৰা হয় ।

22 ডিচেম্বৰত শীতকালীন অধিৱেশনৰ সামৰণি পৰিব ।

লগতে পঢ়ক: সংসদৰ শীতকালীন অধিবেশন; আজি লোকসভাত জম্মু-কাশ্মীৰ সন্দৰ্ভত আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.