ETV Bharat / bharat

PEGASUS বিতৰ্ক: তৃতীয় দিনৰ বাবে বৰ্ষাকালীন অধিৱেশন স্থগিত

author img

By

Published : Jul 22, 2021, 10:52 PM IST

বৃহস্পতিবাৰে দিনটোৰ বাবে স্থগিত ৰখা হ'ল ৰাজ্যসভা(Rajya Sabha) আৰু লোকসভা(Lok Sabha)ৰ অধিৱেশন । ইয়াৰ পূৰ্বে কিছু সময়ৰ বাবে লোকসভাৰ অধিৱেশন আৰম্ভ হৈছিল আৰু অত্যাৱশ্যকীয় প্ৰতিৰক্ষা সেৱা বিধেয়ক ২০২১(Essential Defence Services Bill 2021) উত্থাপন কৰাৰ পাছত দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হয় । জানিব পৰা মতে, জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) নিম্ন সদনত আভ্যন্তৰীণ জাহাজ বিধেয়ক ২০২১ উত্থাপন কৰে ।

Rajya Sabha and Lok Sabha were adjourned for the day
তৃতীয় দিনৰ বাবে বৰ্ষাকালীন অধিৱেশন স্থগিত

নেশ্যনেল ডেস্ক, ২২ জুলাই: বিভিন্ন বিতৰ্কৰে বিৰোধীয়ে সদনত হুলস্থূল অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে দিনটোৰ বাবে ৰাজ্যসভা(Rajya Sabha) আৰু লোকসভা(Lok Sabha)ৰ অধিৱেশন স্থগিত ৰখা হয় । অৱশ্যে কিছু সময়ৰ বাবে লোকসভাৰ অধিৱেশন আৰম্ভ হৈছিল । সদনত অত্যাৱশ্যকীয় প্ৰতিৰক্ষা সেৱা বিধেয়ক ২০২১(Essential Defence Services Bill 2021) উত্থাপন কৰাৰ পাছত দুপৰীয়া ২ বজালৈ সদন স্থগিত ৰখা হয় । জানিব পৰা মতে, জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) নিম্ন সদনত আভ্যন্তৰীণ জাহাজ বিধেয়ক ২০২১ উত্থাপন কৰে ।

বিৰোধীয়ে ৰাজ্যসভাত সংবাদ মাধ্যমৰ কাৰ্যালয়ত অভিযান চলোৱা বিষয়টো উত্থাপন কৰাৰ পাছতে এক হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । একাংশ সদস্যই সমস্যা সৃষ্টি কৰি আছে বুলি কৈ অধ্যক্ষ ভেংকায়া নাইডুৱে সদন স্থগিত কৰাৰ কথা ঘোষণা কৰে । বিৰোধী দলে কৃষক আন্দোলন, পেগাচাছ, মুদ্ৰাস্ফীতি, ক'ভিড-১৯ মহামাৰী আৰু সংসদৰ অন্যান্য বিষয়বোৰ উত্থাপন কৰিবলৈ সাজু হৈছে । বিৰোধীয়ে ব্যৱসায় উপদেষ্টা সমিতিৰ (Business Advisory Committee) বৈঠকত উচ্চ সদনত বিষয়বোৰ উত্থাপন কৰাৰ দাবী জনাইছিল ।

আগন্তুক বিধেয়কৰ বাবে আবণ্টিত সময় বৈঠকত আলোচনা কৰা বিষয়বোৰৰ বাবে আছিল ।

সামুদ্ৰিক সাহায্য আৰু নেভিগেচন বিধেয়ক(The Marine Aids and Naviagtion Bill)ৰ বিষয়ে বৃহস্পতিবাৰে উচ্চ সদনত আলোচনা কৰাৰ কথা আছিল ৷ জানিব পৰা মতে, কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে পেগাচাছৰ নিৰীক্ষণক লৈ ৰাজ্যসভাত এক স্বতঃস্ফূৰ্ত ভাষণ আগবঢ়োৱাৰ কথা আছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন কেবিনেট মন্ত্ৰীসকলক চিনাকী কৰাই থকাৰ সময়তো বিৰোধীৰ হুলস্থূলৰ অব্যাহত আছিল ।

লগতে পঢ়ক:ভাৰতত নতুনকৈ ৪১,৩৮৩ জন লোক COVID-19ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.