ETV Bharat / bharat

Bipin Rawat's chopper crash : জেনেৰেল ৰাৱাটৰ মৃত্যুক লৈ সদনত প্ৰতিক্ৰিয়া প্ৰতিৰক্ষামন্ত্ৰীৰ - ৱেলিংটনৰ সেনাৰ হাস্পতাল

বুধবাৰৰ M17 V5 হেলিকপ্তাৰৰ দুৰ্ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে সংসদত বক্তৃতা প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ সেনাৰ এখন M17V5 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যু হৈছিল ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন 11 গৰাকী সেনাৰ বিষয়া-কৰ্মচাৰীৰ ৷

Bipin Rawats Chopper Crash
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
author img

By

Published : Dec 9, 2021, 11:46 AM IST

Updated : Dec 9, 2021, 1:08 PM IST

নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ : তামিলনাডুৰ কুন্নুৰত বুধবাৰে সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে সদনত বক্তব্য প্ৰদান কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh speech on Army chopper crash) ৷ সেনাৰ এখন M17V5 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যু হৈছিল ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট (CDS Gen Bipin Rawat), তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন 11 গৰাকী সেনাৰ বিষয়া-কৰ্মচাৰীৰ ৷ সদনত মৃত সকলৰ প্ৰতি শ্ৰদ্ধা জনাই মৌনতা অৱলম্বন কৰা হয় ৷

ৰাজনাথ সিঙে কয় যে, ‘‘গভীৰ দুখেৰে মই ক’ব লগীয়া হৈছে যে, 8 ডিচেম্বৰৰ দুপৰীয়া সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু হৈছে’’ (Gen Bipin Rawat passed away) ৷

লগতে পঢ়ক : General Bipin Rawat passed away : সেনাৰ হেলিকপ্টাৰতেই জীৱন সামৰিলে জেনেৰেল ৰাৱাটে

ৱেলিংটনৰ ডিফেন্স ষ্টাফ কলেজত আয়োজিত এক অনুষ্ঠানত ভাগ ল’বলৈ গৈছিল জেনেৰেল ৰাৱাট ৷ দিনৰ 11.48 বজাত চুলুৰ স্থিত ভাৰতীয় বায়ুসেনাৰ চাউনীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল বায়ুসেনাৰ Mi17V5 হেলিকপ্টাৰখন ৷ 12.15 বজাত হেলিকপ্টাৰখনে ৱেলিংটনত অৱতৰণ কৰাৰ কথা আছিল ৷

কিন্তু 12.08 ত ভাৰতীয় বায়ুসেনাৰ চুলুৰ চাউনীৰ ট্ৰেফিক কণ্ট্ৰ’লৰ সৈতে সংযোগ বিচ্ছিন্ন হয় হেলিকপ্টাৰখনৰ ৷ স্থানীয় একাংশ লোকে কুন্নুৰ জংঘলেৰে আৱৰা অঞ্চলটোত হঠাৎ প্ৰত্যক্ষ কৰে জুই ৷ লগে লগে সেই স্থানলৈ যায় লোকসকল ৷ সেই স্থানত অগ্নিকুণ্ডত পৰিণত হোৱা হেলিকপ্টাৰখন প্ৰত্যক্ষ কৰে লোকসকলে (Indian Army chopper crashed) ৷

লগতে পঢ়ক : Air Crash in India: নেতাজীৰ সুভাষ বসুৰ পৰা জেনেৰেল বিপিন ৰাৱাটলৈ...

স্থানীয় প্ৰশাসনৰ উদ্ধাৰকাৰী দলে সেই জুইৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় লোকসকলক ৷ লগে লগে আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে সেনাক খবৰটো দিয়া হয় ৷

উদ্ধাৰ কৰা সকলক ততাতৈয়াকৈ ৱেলিংটনৰ মিলিটাৰী হাস্পতাললৈ লৈ যোৱা হয় ৷ দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰখনত 14 গৰাকী লোক আছিল (Mi17V5 chopper crash in Tamilnadu) ৷ ইয়াৰে 13 গৰাকীয়ে মৃত্যুক সাৱটি লৈছে ৷

লগতে পঢ়ক : CDS Gen Bipin Rawat chopper crash : কোন আছিল জেনেৰেল বিপিন ৰাৱাট ?

মৃত্যু হোৱা সকলৰ তালিকাত আছে জেনেৰেল বিপিন ৰাৱাট, মধুলিকা ৰাৱাট, সেনা উপদেষ্টা ব্ৰিগেডিয়াৰ লখবিন্দৰ সিং লিড্ডাৰ, ষ্টাফ অফিচাৰ লেঃ কৰ্ণেল হৰজিন্দাৰ সিং, উইং কামাণ্ডাৰ পৃথ্বীৰাজ চৌহান, স্কোৱাৰ্ডন লীডাৰ কুলদ্বীপ সিং, জুনিয়ৰ ৱাৰেন্ট অফিচাৰ ৰাণা প্ৰতাপ দাস, জুনিয়ৰ ৱাৰেন্ট অফিচাৰ আৰাক্কাল প্ৰদীপ, হাবিলদাৰ সতপাল ৰায়, নায়ক গুৰসেৱক সিং, নায়ক জীতেন্দ্ৰ কুমাৰ, লেন্স নায়ক বিবেক কুমাৰ আৰু লেন্স নায়ক বি চাই তেজা ৷

আনহাতে, গ্ৰুপ কেপ্টেই বৰুণ সিং এই ঘটনাত আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ৱেলিংটনৰ সেনাৰ হাস্পতালত ৷

এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা এটা দল গঠন কৰি দিয়া হৈছে ৷ এই দলটোক নেতৃত্ব দিব এয়াৰ মাৰ্শ্বাল মানবেন্দ্ৰ সিঙে ৷

লগতে পঢ়ক : Watch : কুনুৰৰ হেলিকপ্তাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বৰ দৃশ্য

Last Updated : Dec 9, 2021, 1:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.