ETV Bharat / bharat

নৌ সেনা কমাণ্ডাৰ সন্মিলনত ৰাজনাথ সিঙৰ অংশগ্ৰহণ

author img

By

Published : Apr 28, 2022, 11:46 AM IST

বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ভাৰতীয় নৌ সেনাৰ কমাণ্ডাৰ সন্মিলন (Naval Commanders Conference 2022) । এই সন্মিলনত ভাগ ল'ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । নৌ সেনাৰ বিভিন্ন সফলতা, কাৰ্য-কলাপ, ভৱিষ্যতৰ পৰিকল্পনা আদিৰ বিষয়ে এই সন্মিলনত আলোচনা কৰা হ'ব ।

Naval Commanders Conference
নৌ সেনা কমাণ্ডাৰ সন্মিলনত ৰাজনাথ সিঙৰ অংশগ্ৰহণ

নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল : দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে নৌ সেনা কমাণ্ডাৰ সন্মিলনত ভাষণ প্ৰদান কৰিব (Rajnath Singh will address Naval Commanders Conference) । এই সন্মিলনে নৌ সেনা কমাণ্ডাৰসকলৰ বাবে সামৰিক-কৌশলগত পৰ্যায়ত গুৰুত্বপূৰ্ণ সামুদ্ৰিক বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে এক প্ৰতিষ্ঠানিক মঞ্চৰ জৰিয়তে জ্যেষ্ঠ চৰকাৰী কৰ্মকৰ্তাসকলৰ সৈতে বাৰ্তালাপ কৰাৰ এক মঞ্চ হিচাপে কাম কৰি আহিছে ।

ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে আৰু ভাৰতীয় বায়ু সেনাৰ মাৰ্শ্বেল বিবেক ৰাম চৌধুৰীয়েও এক উমৈহতীয়া কাৰ্যকৰী পৰিৱেশৰ বিপৰীতে তিনিটা সেৱাৰ সমন্বয়ৰ মোকাবিলা কৰাৰ লগতে ত্ৰি-সেৱাৰ সমন্বয় আৰু তৎপৰতা বৃদ্ধিৰ বিষয়ে নৌ সেনাৰ কমাণ্ডাৰসকলৰ সৈতে বাৰ্তালাপ কৰিব ।

নৌ সেনাপ্ৰধানে অন্যান্য নৌ সেনা কমাণ্ডাৰসকলৰ সৈতে যোৱা ছয় মাহত ভাৰতীয় নৌসেনাৰ দ্বাৰা গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ কাৰ্যকলাপ, মেটেৰিয়েল, লজিষ্টিক, মানৱ সম্পদ উন্নয়ন, প্ৰশিক্ষণ আৰু প্ৰশাসনিক কাৰ্যকলাপৰ পৰ্যালোচনা কৰিব । লগতে গুৰুত্বপূৰ্ণ কাৰ্যকলাপ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত অধিক চিন্তা-চৰ্চা কৰিব । এই সন্মিলনত (Naval Commanders Conference 2022) চুবুৰীয়া অঞ্চলৰ নিৰাপত্তা পৰিস্থিতিৰ পটভূমিৰ লগতে চলিত ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ (Russia Ukraine war) ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰতো আলোচনা কৰা হ'ব ।

ভাৰতীয় নৌ সেনাই ভৱিষ্যতৰ বাবে সাজু হৈ থাকিবলৈ বিভিন্ন ধৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে । লগতে বিশ্বাসযোগ্য আৰু সংহত শক্তি হোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে । নৌসেনাই ভাৰতৰ বৰ্ধিত সামুদ্ৰিক স্বাৰ্থৰ সৈতে সামঞ্জস্য ৰাখি বছৰ বছৰ ধৰি ইয়াৰ কাৰ্যকলাপ বৃদ্ধি হোৱা দেখিছে । চৰকাৰী বিবৃতি অনুসৰি ২০২০-২১ বৰ্ষত ভাৰতীয় নৌসেনাৰ জাহাজসমূহে আইঅ'আৰ লিট'ৰেল ৰাষ্ট্ৰসমূহক খাদ্য আৰু চিকিৎসা সাহায্য প্ৰদান কৰাৰ লগতে একাধিক ক'ভিড সম্পৰ্কীয় প্ৰচাৰ অভিযান হাতত লৈছে ।

লগতে পঢ়ক : Lalu Prasad Yadav updates: 28 এপ্ৰিলত কাৰামুক্ত হ’ব লালু প্ৰসাদ যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.