ETV Bharat / bharat

Former Twitter CEO vs Govt : ভাৰত চৰকাৰে দিছিল টুইটাৰ কাৰ্যালয় বন্ধৰ ভাবুকি - Former Twitter CEO slams govt

ভাৰত চৰকাৰ আৰু টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্ছেৰ মাজত বিতৰ্ক অব্যাহত আছে । ডৰ্ছেৰ মতে ভাৰত চৰকাৰে বিভিন্ন ভাবুকি দিছিল টুইটাৰক । কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এই অভিযোগ নস্যাৎ কৰে ।

Former Twitter CEO vs Govt
ভাৰত চৰকাৰে দিছিল টুইটাৰ কাৰ্যালয় বন্ধৰ ভাবুকি
author img

By

Published : Jun 13, 2023, 2:20 PM IST

নেশ্যনেল ডেস্ক,১৩ জুন : ভাৰত চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্ছেৰ । ডৰ্ছেৰ মতে ভাৰত চৰকাৰে টুইটাৰ বন্ধ কৰাৰ ভাবুকি দিছিল । অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এই অভিযোগ সম্পূৰ্ণ মিছা আখ্যা দিছে ।

ডৰ্ছেয়ে এটা ইউটিউব চেনেলৰ সাক্ষাৎকাৰত দাবী কৰিছিল যে কৃষকসকলৰ প্ৰতিবাদ আৰু চৰকাৰৰ সমালোচনা কৰা একাউণ্টসমূহ বন্ধ কৰিবলৈ ভাৰতে টুইটাৰক বহুতো অনুৰোধ জনাইছিল । ভাৰতে টুইটাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল বুলিও তেওঁ দাবী কৰে । ডৰ্ছেৰ মতে দাবী মানিবলৈ অস্বীকাৰ কৰিলে দেশত প্লেটফৰ্ম বন্ধ কৰা, কৰ্মচাৰীৰ ঘৰত অভিযান চলোৱা আৰু টুইটাৰ কাৰ্যালয় বন্ধ কৰাৰ ভাবুকি দিছিল ভাৰতে । টুইটাৰৰ প্ৰাক্তন শীৰ্ষ বিষয়াগৰাকীয়ে জোৰ দি কৈছিল যে এই কামবোৰ ভাৰতৰ দৰে গণতান্ত্ৰিক দেশতেই সংঘটিত হৈ আছে ।

ডৰ্ছেৰ এনে গুৰুতৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এক টুইটযোগে কয় যে এয়া প্ৰাক্তন বিষয়াগৰাকীৰ সম্পূৰ্ণ মিছা অভিযোগ । সম্ভৱতঃ টুইটাৰৰ ইতিহাসৰ সেই অতি সন্দেহজনক সময়খিনি আঁতৰাই দিয়াৰ এটা প্ৰয়াস হিচাপে তেওঁ এনে অভিযোগ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ডৰ্ছে আৰু তেওঁৰ দলৰ অধীনত টুইটাৰে ভাৰতৰ আইনৰ নিৰন্তৰ উলংঘন কৰিছিল । দৰাচলতে, টুইটাৰে ২০২০ চনৰ পৰা ২০২২ চনলৈ আইন অনুসৰণ কৰা নাছিল । মন্ত্ৰী চন্দ্ৰশেখৰে দাবী কৰা মতে কোনেও কাৰাগাৰলৈ যোৱা নাছিল বা টুইটাৰো বন্ধ হোৱা নাছিল ।

চন্দ্ৰশেখৰে দাবী কৰিছে যে ডৰ্ছেৰ অধীনত টুইটাৰে এনেদৰে আচৰণ কৰিছিল যেন ভাৰতৰ আইন ইয়াত প্ৰযোজ্য নহয় । কেন্দ্ৰীয় মন্ত্ৰীৰ মতে এক সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে ভাৰতৰ আইনসমূহ ভাৰতত কাম কৰি থকা সকলো কোম্পানীয়ে অনুসৰণ কৰাটো অতি প্ৰয়োজন । মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে ২০২১ চনৰ জানুৱাৰীত হোৱা প্ৰতিবাদৰ সময়ত বহুতো ভুল তথ্য আৰু গণহত্যাৰ বাতৰিও পোৱা গৈছিল যিবোৰ নিশ্চিতভাৱে ভুৱা আছিল । ভাৰত চৰকাৰে টুইটাৰৰ পৰা ভুল তথ্য আঁতৰাবলৈ বাধ্য হৈছিল কিয়নো ভুৱা বাতৰিৰ ওপৰত ভিত্তি কৰি পৰিস্থিতি অধিক উত্তপ্ত হৈ আছিল ।

ডৰ্ছেক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জেক ডৰ্ছেৰ সময়ত টুইটাৰত পক্ষপাতিত্বমূলক আচৰণ, স্বেচ্ছাচাৰী, বৈষম্যমূলক আচৰণ আৰু ক্ষমতাৰ অপব্যৱহাৰ দেখা গৈছিল ।

লগতে পঢ়ক :G20 meet: জি-২০ বৈঠকৰ দস্তাবেজত ইউক্ৰেইন আক্ৰমণৰ বিষয় উত্থাপনক লৈ অসন্তুষ্ট ৰাছিয়া আৰু চীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.