ETV Bharat / bharat

ৰাজস্থানত বিষাক্ত সুৰা সেৱন কৰি সাত জনৰ মৃত্যু

author img

By

Published : Jan 14, 2021, 2:06 PM IST

বৃহস্পতিবাৰে এজনক জয়পুৰলৈ চিকিৎসাৰ বাবে নি থকাৰ সময়তে মৃত্যু হয় ৷ ইপিনে চিকিৎসালয় খনত সুৰা খাই চিকিৎসাধীন হৈ থকা অন্য চাৰিজনৰো মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ ভৰতপুৰ জিলাখনৰ দায়িত্বত থকা প্ৰভাৰী মন্ত্ৰী মহেশ যোশীয়ে আৱকাৰী বিভাগ, জিলা প্ৰশাসন, আৰক্ষী বিভাগ ক্ষিপ্ৰতাৰে তদন্ত কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷

ৰাজস্থানত বিষাক্ত সুৰা সেৱন কৰি সাত জনৰ মৃত্যু
ৰাজস্থানত বিষাক্ত সুৰা সেৱন কৰি সাত জনৰ মৃত্যু

নিউজ ডেস্ক, 14 জানুৱাৰী : ৰাজস্থানৰ ভৰতপুৰ জিলাৰ চামৰি গাঁৱত বিষাক্ত সুৰা খাই বৰ্তমান পৰ্যন্ত সাত জনকৈ লোকৰ মৃত্যু হৈছে ৷ উল্লেখযোগ্য যে, বৃহস্পতিবাৰে এজনক জয়পুৰলৈ চিকিৎসাৰ বাবে নি থকাৰ সময়তে মৃত্যু হয় ৷ ইপিনে চিকিৎসালয় খনত সুৰা খাই চিকিৎসাধীন হৈ থকা অন্য চাৰিজনৰো মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ ভৰতপুৰ জিলাখনৰ দায়িত্বত থকা প্ৰভাৰী মন্ত্ৰী মহেশ যোশীয়ে আৱকাৰী বিভাগ, জিলা প্ৰশাসন, আৰক্ষী বিভাগ ক্ষীপ্ৰতাৰে তদন্ত কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷ এই দৰে বিষাক্ত সুৰা খাই মৃত্যু হোৱাৰ বাবে মহেশ যোশীয়ে দুখ প্ৰকাশ কৰাৰ লগতে যি সকল লোক ইয়াৰ সৈতে জৰিত তেওঁলোকক উচিত শাস্তি প্ৰদান কৰা হ’ব উল্লেখ কৰে ৷

একেদৰে মধ্যপ্ৰদেশৰ মৰেণা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বিষাক্ত সুৰা সেৱনৰ ফলত বুধবাৰ লৈকে 24 জনকৈ লোকৰ মৃত্যু হৈছে ৷ তাৰ ভিতৰত মৰেনা জিলাৰ তিনিজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ একেদৰে বৰ্তমানেও গোৱালিয়ৰ জিলাত 19 গৰাকী সংকট জনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ ইপিনে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত উচ্চস্তৰীয় কমিটি গঠন কৰি তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ সম্প্ৰতি কমিটিৰ প্ৰতিবেদন অনুসৰি মৰেণা জিলাৰ উপায়ুক্ত অনুৰাগ বাৰ্মা আৰু আৰক্ষী অধীক্ষক অনুৰাগ চুনিয়াক অপসাৰণ কৰিছে ৷

লগতে পঢ়কঃ অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে হৃত্বিক ৰৌছনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.