ETV Bharat / bharat

ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিলে ৰাজস্থান চৰকাৰে - ৰাজস্থান চৰকাৰ

ৰাজস্থান চৰকাৰে ৰাজ্যখনত ব্লেক ফাংগাছক মহামাৰী হিচাপে ঘোষণা কৰিছে ৷ 'ৰাজস্থান মহামাৰী ৰোগ আইন, 2020' (The Rajasthan Epidemic Diseases Act, 2020) ৰ অধীনত ৰাজস্থান চৰকাৰে ব্লেক ফাংগাছক মহামাৰী হিচাপে ঘোষণা কৰিছে ৷

rajasthan govt declares black fungus an epidemic
ব্লেক ফাংগাছক মহামাৰী ঘোষণা
author img

By

Published : May 20, 2021, 12:43 PM IST

নেচনেল ডেস্ক, 20 মে' : ৰাজস্থানত ব্লেক ফাংগাছত আক্ৰান্ত লোকৰ বৰ্ধিত সংখ্যালৈ লক্ষ্য ৰাখি বুধবাৰে ৰাজস্থান চৰকাৰে ৰাজ্যখনত এই ৰোগবিধক মহামাৰী হিচাপে ঘোষণা কৰে ৷ 'ৰাজস্থান মহামাৰী ৰোগ আইন, 2020' (The Rajasthan Epidemic Diseases Act, 2020) ৰ অধীনত চৰকাৰে ৰোগবিধক মহানাৰী হিচাপে ঘোষণা কৰে ৷

জানিব পৰা মতে, এই পৰ্যন্ত ৰাজধানী চহৰ দিল্লীত ক'ভিড-19 চিকিৎসাত প্ৰদান কৰা ষ্টেৰইডৰ ফলত হোৱা ভেঁকুৰৰ সংক্ৰমণৰ 130 ৰো অধিক ঘটনা ঘটিছে ৷ এতিয়ালৈকে কৰ্ণাটক, উত্তৰাখণ্ড, তেলেংগানা, মধ্য প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা আৰু বিহাৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ব্লেক ফাংগাছত আক্ৰন্ত হোৱাৰ ঘটনা সংঘটিত হৈছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, মুকৰ্মাইকোচিছ (mucormycosis) বা ব্লেক ফাংগাছ হৈছে ভেঁকুৰৰ সংক্ৰমণৰ ফলত হোৱা এক জটিলতা ৷ মানুহ ভেঁকুৰৰ বীজাণুৰ সংস্পৰ্শলৈ আহিলে এই সমস্যাৰ উদ্ভৱ হয় ৷ যিকোনো ধৰণৰ কটা-ছিঙা, জ্বলা পুৰা আৰু অন্য প্ৰকাৰৰ ছালৰ আঘাতৰ জড়িয়তে এই ভেঁকুৰবিধ ছালত বিকশিত হ'ব পাৰে ৷ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, বিশেষকৈ ক'ভিড-19 ৰ পৰা আৰোগ্য হোৱা বা আৰোগ্য লাভ কৰা লোক সকলৰ মাজত এই ৰোগ ধৰা পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: মৃত ক'ভিড ৰোগীক চিকিৎসা কৰি চিকিৎসক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.