ETV Bharat / bharat

Infighting in Rajasthan Congress : গেহলট আৰু পাইলটক সাক্ষাৎ শীৰ্ষ নেতৃত্বৰ - Infighting in Rajasthan Congress

অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ দূৰত্ব হ্ৰাস কৰাৰ বাবে তৎপৰ হৈছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব । দিল্লীত দুয়োগৰাকী নেতাৰ সৈতে দলৰ সভাপতি খাৰ্গে আৰু ৰাহুল গান্ধীৰ বৈঠক (Gehlot and Pilot meet high command)। দীৰ্ঘ সময় ধৰি চলা এই বৈঠকত দলৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে ।

Infighting in Rajasthan Congress
গেহলট আৰু পাইলটক সাক্ষাৎ শীৰ্ষ নেতৃত্বৰ
author img

By

Published : May 30, 2023, 10:39 AM IST

নেশ্যনেল ডেস্ক,৩০ মে': এইবছৰতে অনুষ্ঠিত হ'ব ৰাজস্থানৰ বিধানসভা নিৰ্বাচন (Rajasthan election 2023)। তাৰ প্ৰাকক্ষণত দলীয় অসন্তুষ্টি দূৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে কংগ্ৰেছ দলে । বিশেষকৈ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি থকা মতবিৰোধ নিষ্পত্তি কৰাৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব অধিক তৎপৰ হৈছে (Clashes between Gehlot and Pilot)।

যাৰ অংশস্বৰূপে অশোক গেহলট আৰু তেওঁৰ বিৰোধী শচীন পাইলটে সোমবাৰে দিল্লীত ৰাহুল গান্ধীৰ উপস্থিতিত দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰে । গেহলটে প্ৰথমতে খাৰ্গেক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে । তাৰ পাছত ৰাহুল গান্ধীও বৈঠকত যোগদান কৰে (Rahul meet Gehlot and Pilot)। তেওঁলোক তিনিওগৰাকী প্ৰায় আধা ঘণ্টা ধৰি আলোচনা কৰে । তাৰ পাছত ৰাজস্থানৰ কংগ্ৰেছ দলৰ ভাৰপ্ৰাপ্ত বিষয়া সুখজিন্দৰ ৰন্ধাৱাকো মাতি অনা হৈছিল ।

পূৰ্বৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত দুৰ্নীতিৰ ওপৰত নিষ্ক্ৰিয়তাৰ অভিযোগত গেহলট চৰকাৰক সমালোচনা কৰি অহা শচীন পাইলটে দুঘণ্টা পাছত খাৰ্গেৰ বাসগৃহত উপস্থিত হয় । দীৰ্ঘদিন ধৰি চলি অহা মতবিৰোধৰ পাছত শীৰ্ষ নেতৃত্বৰ সন্মুখত দুয়োগৰাকী নেতা মুখামুখি হয় । বৈঠকত এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰাজস্থানৰ দলৰ নেতা জিতেন্দ্ৰ সিঙেও অংশগ্ৰহণ কৰে ।

বৈঠকৰ পূৰ্বে গেহলটে গুৰুত্ব আৰোপ কৰে যে দলটোৰ হাইকমাণ্ড শক্তিশালী হৈ আছে আৰু কোনো নেতা বা কৰ্মীক সন্তুষ্ট কৰিবলৈ ত্ৰুটি নাৰাখে । পাইলটে শেহতীয়াকৈ ঘোষণা কৰিছে যে যদি মাহটোৰ শেষৰ ফালে তেওঁৰ তিনিটা দাবী পূৰণ কৰা নহয়, তেন্তে তেওঁ ৰাজ্যজুৰি আন্দোলন আৰম্ভ কৰিব । পাইলটৰ এটা দাবী হ'ল মুখ্যমন্ত্ৰী হিচাপে বসুন্ধৰা ৰাজেৰ কাৰ্যকালত সংঘটিত কথিত কেলেংকাৰীৰ পুংখানুপুংখ তদন্ত । পাইলটৰ এই ঘোষণাৰ পাছতে শীৰ্ষ নেতৃত্বই দুয়োগৰাকী নেতাক সাক্ষাৎ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ।

উল্লেখ্য যে দেশৰ যিসমূহ ৰাজ্যত নিৰ্বাচন সমাগত সেই ৰাজ্যসমূহৰ নেতাসকলৰ সৈতে শেহতীয়াকৈ খাৰ্গে আৰু গান্ধীয়ে যোগাযোগ তীব্ৰতৰ কৰি তুলিছে ।

ইয়াৰ উপৰিও, দলৰ নেতৃত্বই বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থান গোটৰ ভিতৰৰ আভ্যন্তৰীণ বিবাদ সমাধানৰ দিশত সক্ৰিয়ভাৱে কাম কৰি আছে । দুয়োগৰাকী নেতাক একেখন মঞ্চৰ তললৈ অনাৰ প্ৰয়াস কৰি থকা হৈছে । ইফালে কংগ্ৰেছ নেতৃত্বই মধ্য প্ৰদেশৰ শীৰ্ষ নেতাসকলৰ সৈতেও বৈঠকত মিলিত হৈছে । তাৰ পাছতে ৰাহুল গান্ধীয়ে ঘোষণা কৰিছে যে আগন্তুক নিৰ্বাচনত দলটোৱে ৰাজ্যখনত ১৫০ খন আসন লাভ কৰিব ।

লক্ষণীয়ভাৱে ২০১৮ চনত কংগ্ৰেছে ৰাজস্থানত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা গেহলট আৰু পাইলটৰ মাজত ক্ষমতাকেন্দ্ৰিক সংঘাত আৰম্ভ হৈছিল । ২০২০ চনত পাইলটে গেহলট চৰকাৰৰ বিৰুদ্ধে এক অসফল বিদ্ৰোহৰ নেতৃত্ব দিয়ে, যাৰ ফলত তেওঁক ৰাজ্যিক গোটৰ সভাপতি আৰু উপ-মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হয় ।

লগতে পঢ়ক :Gehlot vs Pilot : সভাপতি খাৰ্গেই সাক্ষাৎ কৰিব ৰাজস্থানৰ দুই অসন্তুষ্ট নেতাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.