ETV Bharat / bharat

Gehlot read out Old Budget: নতুন বাজেট বুলি পুৰণি বাজেটকে পঢ়িলে মুখ্যমন্ত্ৰী গেহলটে

author img

By

Published : Feb 10, 2023, 5:48 PM IST

শুকুৰবাৰে ৰাজস্থান বিধানসভাত 2023-24 বৰ্ষৰ বাজেট দাখিল কৰে ৰাজ্যখনৰ বিত্তমন্ত্ৰীৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী অশোক গেহলটে (Rajasthan assembly budget session) ৷ এইখন হৈছে গেহলট চৰকাৰৰ চলিত কাৰ্যকালৰ অন্তিমখন বাজেট ৷ কিন্তু বাজেট ভাষণৰ সময়তে সৃষ্টি হয় এক বিভ্ৰান্তিৰ ৷ যাৰ বাবে বিৰোধীৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে অশোক গেহলট ৷

Gehlot read out Old Budget
পুৰণি বাজেটকে পঢ়িলে মুখ্যমন্ত্ৰী গেহলটে

নিউজ ডেস্ক, 10 ফেব্ৰুৱাৰী: বাজেট বুলি ক’লে দেশৰ প্ৰায় সংখ্যক জনতাৰে আশা আৰু প্ৰত্যাশা থাকে ৷ জন কল্যানৰ বাবে চৰকাৰে কি কি আঁচনি ল’ব, সামগ্ৰীৰ মূল্য কম-বেছি কি হ’ব, কি কি শিতানত কিমান পূঁজি ধাৰ্য কৰা হ’ব, বাজেটে জনতাক উপকৃত কৰিব নে নকৰে আদি অনেক বিষয় জড়িত হৈ থাকে চৰকাৰৰ বাজেটৰ সৈতে (Budget of Government) ৷ কেন্দ্ৰ আৰু ৰাজ্যত বিত্ত বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়েই সদনত বাজেট উত্থাপন কৰে ৷ কিন্তু নতুন বাজেটৰ পৰিৱৰ্তে যদি পুৰণা বাজেটকে দাখিল কৰা হয়, তেতিয়া জনতা আচৰিত নহ’বনে ? ঘটনাটো আচৰিত যেন লাগিলেও ভাৰততে এয়া সম্ভৱ কৰি তুলিলে এখন ৰাজ্য চৰকাৰে ৷

এটা ডাঙৰ বিভ্ৰান্তি কৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শুকুৰবাৰে ৰাজ্যৰ বিধানসভাত বাজেট ভাষণত 2023-24 চনৰ বাজেটৰ পৰিৱৰ্তে যোৱা বছৰৰ বাজেটৰ কিছু অংশ পাঠ কৰে ৷ প্ৰায় 7 মিনিট সময় ধৰি পুৰণি বাজেটখনৰ প্ৰতিলিপিকে পাঠ কৰিলে গেহলটে । এই বিভ্ৰান্তিক লৈ বিজেপিৰ বিধায়কসকলে তীব্ৰ সমালোচনা আৰু হৈ-চৈ কৰাৰ ফলত সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ অৱশেষত বিধানসভা আধা ঘণ্টাৰ বাবে স্থগিত ৰখা হয় । পিচত মুখ্যমন্ত্ৰীয়ে এয়া মানৱীয় ভুল বুলি উল্লেখ কৰি ইয়াৰ বাবে ক্ষমা বিচাৰিলে (Rajasthan CM Ashok Gehlot read out old budget) ।

বাজেট অধিবেশন স্থগিত ৰখাৰ পিচত যেতিয়া দ্বিতীয়বাৰৰ বাবে সদন পুনৰ একত্ৰিত হয়, তেতিয়া মুখ্যমন্ত্ৰীয়ে কয়, "মোৰ দুখ লাগিছে । ভুলতে এটা অতিৰিক্ত পৃষ্ঠা যোগ কৰা হ'ল । ই আছিল মানৱীয় ভুল ।" বসুন্ধৰা ৰাজে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ভুল পৰিসংখ্যা দাখিল কৰা হৈছিল আৰু সেইবোৰো শুধৰণি কৰা হৈছিল বুলিও তেওঁ লগতে কয় । সদনত উপস্থিত থকা বসুন্ধৰা ৰাজেয়ে প্ৰত্যুত্তৰ দি কয় যে, গেহলটে যি কৰিলে সেয়া হৈছে চৰম অসাৱধানতা (Rajasthan MLAs ruckus in House over old budget)।

"বিজেপিয়ে মাথোঁ দেখুৱাব বিচাৰিছে যে, ই ৰাজস্থানৰ উন্নয়ন আৰু প্ৰগতিৰ বিৰোধী । বাজেট ফাদিল হোৱা বুলি তেওঁলোকৰ মন-মগজু জোঁকাৰি যোৱা অভিযোগে দেখুৱাইছে যে, তেওঁলোকো নিজৰ ক্ষুদ্ৰ ৰাজনীতিৰে বাজেট এৰি নাযায় । সঞ্চয়, সকাহ, সুবিধাত এটাহে বাধা আছে ।’’ এইদৰে হিন্দীতে টুইট কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৷

  • भाजपा सिर्फ़ यह दिखाना चाहती है कि वह राजस्थान के विकास और तरक्की के खिलाफ है। इनका मन-गढ़ंत आरोप कि बजट लीक हो गया यह दर्शाता है कि बजट को भी यह अपनी ओछी राजनीति से नहीं छोड़ेंगे। 'बचत, राहत, बढ़त' में एक ही बाधा है - भाजपा।

    — Ashok Gehlot (@ashokgehlot51) February 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজ্যখনৰ বিত্তমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি থকা মুখ্যমন্ত্ৰী অশোক গেহলটে বিধানসভাত পুৱা 11 বজাৰ পৰা বাজেট দাখিল কৰিবলৈ আৰম্ভ কৰে । বাজেট ভাষণ পাঠৰ আঠ মিনিটৰ ভিতৰতে তেওঁৰ কাষত বহি থকা বিধায়ক এজনে কাণত কিবা এটা ফুচফুচাই কয় যদিও ভুলটো ধৰিব পৰা নাছিল । গেহলটৰ বিভ্ৰান্তিৰ প্ৰতি তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধীয়ে অধ্যক্ষৰ আসনৰ ওচৰলৈ উঠি গৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে (Rajasthan Speaker CP Joshi adjourned the House) ।

যদিও ৰাজস্থান বিধানসভাৰ অধ্যক্ষ চি পি যোশীয়ে বিৰোধী দলপতি গুলাব চান্দ কাটাৰিয়াক সদনৰ কাৰ্যবিধিৰ অনুমতি দিবলৈ বাৰে বাৰে আবেদন জনাইছিল, বিৰোধীয়ে কিন্তু তাৰ প্ৰতি গুৰুত্ব নিদিলে (Rajasthan Opposition leader Gulabchand Kataria) ।

বিৰোধী দলৰ নেতা গুলাব চান্দ কাটাৰিয়াই কয় যে, বাজেটৰ কপি তলাবন্ধ হৈ আছে আৰু সেয়া বিত্তমন্ত্ৰীৰ হাতত আছে । সদনৰ মৰ্যাদাৰ বাবে বাজেট পিচুৱাই দি নতুন তাৰিখ নিৰ্ধাৰণ কৰিব লাগে বুলিও তেওঁ কয় । ইয়াৰ পিচত প্ৰায় আধা ঘণ্টা ধৰি সদন স্থগিত ৰখা হয় । ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন গেহলট চৰকাৰৰ এইখন আছিল অন্তিম বাজেট ।

লগতে পঢ়ক: Attack on minister house: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.