নেশ্যনেল ডেস্ক, ১৩ আগষ্ট : ৰাজস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত এটা পৰিয়ালৰে ৭ গৰাকীকৈ সদস্যৰ মৃত্যু হয় । দুৰ্ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।
জানিব পৰা মতে শনিবাৰে নিশা এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । ৰাজস্থানৰ বান্থাদি গাঁৱত এখন বাছ আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ হয় । ফলত এটা পৰিয়ালৰে ৭ গৰাকী সদস্য নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয় । বাহনখন চিকাৰৰ পৰা আহি আছিল আৰু বান্থাদি গাঁৱৰ তিত্ৰী চৌৰাহাত বাছখনত খুন্দা মাৰে ।
দুৰ্ঘটনাটোত আহত এগৰাকী শিশুসহ দুজন লোকক উন্নত চিকিৎসাৰ বাবে জয়পুৰলৈ প্ৰেৰণ কৰা হয় । স্থানীয় আৰক্ষী বিষয়া ধৰমচান্দ পুনিয়াই কোৱা মতে চিকাৰৰ পৰা এখন ভান গৈ আছিল য'ত ৯ গৰাকী যাত্ৰী আছিল । সম্ভৱত বাহনখনৰ চালকে সন্মুখৰ বাছখন দেখা নাপালে যাৰ বাবে দুয়োখনৰ মাজত সংঘৰ্ষ হয় । অৱশ্যে তদন্তৰ পাছত দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলিও আৰক্ষীয়ে জনাইছে ।
দুৰ্ঘটনাটোত মৃত্যু হোৱা ৭ গৰাকী লোক এটা পৰিয়ালৰে সদস্য আছিল, যিসকল চিকাৰ জিলাৰ বাসিন্দা আছিল । পৰিয়ালটোৱে চিকাৰৰ পৰা নাগাউৰলৈ এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈ আছিল । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে দিদৱানাৰ বিধায়ক চেতন ডুডি, দিদৱানা জিলা উপায়ুক্ত সীতাৰাম জাট, অতিৰিক্ত জিলা উপায়ুক্ত শ্বেৰাম বাৰ্মা, উপ আৰক্ষী অধীক্ষক ধৰ্মচান্দ পুনিয়া, বিজেপি নেতা জীতেন্দ্ৰ সিং যোধাও দুৰ্ঘটনাস্থলী আৰু চিকিৎসালয়ত উপস্থিত হয় আৰু চিকিৎসকসকলক উপযুক্ত চিকিৎসাৰ পৰামৰ্শ দিয়ে । আনহাতে নিহত লোকসকলৰ আত্মাৰ সদগতিৰ বাবেও তেওঁলোকে প্ৰাৰ্থনা কৰে ।
ইয়াৰ পূৰ্বে শনিবাৰে ৰাজস্থানৰ জয়ছালমেৰতো আন এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । সীমান্ত সুৰক্ষা বাহিনীৰ এখন বাহন দুৰ্ঘটনাত পতিত হয় । য'ত এজন জোৱানৰ মৃত্যু হয় । আনহাতে দুৰ্ঘটনাটোৰ ফলত কেইবাগৰাকী লোক আহত হয় ।
লগতে পঢ়ক :Road Accident in Jaisalmer: জয়ছালমেৰত বি এছ এফৰ বাহন বাগৰি এজন জোৱানৰ মৃত্যু; আহত 13