ETV Bharat / bharat

ৰাজস্থানত বিজেপিৰ জয়ৰ আঁৰত মোদী মেজিক নাছিল; কংগ্ৰেছ - Rajasthan Assembly Election 2023 results

ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়ৰ কেইবাটাও কাৰণ আছে । গেহলট-পাইলটৰ সংঘাত আৰু বিধায়কৰ প্ৰতিষ্ঠান বিৰোধী স্থিতি তাৰ ভিতৰত অন্যতম । কিন্তু মোদী মেজিকে কোনো কাম কৰা নাই বুলিও নিশ্চিত কংগ্ৰেছ ।

Rajasthan Assembly Election
ৰাজস্থানত বিজেপিৰ জয়ৰ আঁৰত মোদী মেজিক নাছিল
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 8:02 PM IST

নেশ্যনেল ডেস্ক,৩ ডিচেম্বৰ : ৰাজস্থানত বিজেপিৰ জয়ৰ আঁৰত কোনো মোদী মেজিক নাছিল । ৰাজস্থানত বিজেপিৰ হাতত শোচনীয় পৰাজয়ৰ পাছতে এনে দৃষ্টিভংগীৰে আত্মসন্তুষ্টি লৈছে কংগ্ৰেছে । ৰাজস্থানৰ দায়িত্বত থকা এআইচিচিৰ সম্পাদক কাজী নিজামুদ্দিনে ইটিভি ভাৰতক কয় যে এয়া কংগ্ৰেছৰ বাবে সুখৰ দিন নহয় কিন্তু ফলাফল ইমানো বেয়া নহয় । প্ৰতিষ্ঠান বিৰোধীয়ে দলৰ বিৰুদ্ধে কাম কৰাৰ সন্দেহ কৰিছে নেতাগৰাকীয়ে । কিন্তু তেওঁ দাবী কৰিছে যে ৰাজ্যিক নিৰ্বাচনত কোনো মোডী মেজিক কাৰক নাছিল । এআইচিচিৰ বিষয়াগৰাকীয়ে তেওঁৰ কথা প্ৰমাণ কৰিবলৈ কেইটামান উদাহৰণো দাঙি ধৰে ।

তেওঁ কয় যে হনুমানগড় জিলাৰ ইলিবাঙ্গা সংৰক্ষিত আসনত কংগ্ৰেছ প্ৰাৰ্থী বিনোদ গোঠৱালে ২০১৮ চনত ২৭৮ টা ভোটত পৰাজিত হৈছিল কিন্তু তেওঁ এইবাৰ ৫০,০০০ তকৈও অধিক ভোটত জয়ী হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোত নিৰ্বাচনী প্ৰচাৰ চলাইছিল কিন্তু তেওঁৰ মেজিকে তাত কাম নকৰিলে । একেদৰে, নাগাউৰ আসনত প্ৰধানমন্ত্ৰী মোদীয়ে বহু চৰ্চিত বিজেপি প্ৰাৰ্থী জ্যোতি মিৰ্ধাৰ হৈ প্ৰচাৰ চলাইছিল কিন্তু তাতো বিজেপি প্ৰাৰ্থী পৰাজিত হৈছে । জ্যোতি মিৰ্ধাই নিৰ্বাচনৰ ঠিক পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল । কাজীৰ মতে তাত মোদী মেজিকে কোনো কাম নকৰিলে ।

কংগ্ৰেছৰ সূত্ৰৰ মতে কংগ্ৰেছৰ বিধায়কসকলৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ নিৰ্বাচনী পৰাজয়ত ভূমিকা পালন কৰিছে । এআইচিচিৰ জ্যেষ্ঠ নেতাগৰাকীৰ মতে দলটোৱে য'তেই বৰ্তমানৰ বিধায়কসকলক সলনি কৰিছে তাত ফলাফল ভাল হৈছে । উদাহৰণ দাঙি ধৰি তেওঁ কয় যে কংগ্ৰেছে অনুপগড়, চুৰাটগড় আৰু ৰাইজিংনগৰত বৰ্তমানৰ বিধায়কসকলক সলনি কৰিছিল আৰু তাত কংগ্ৰেছ জয়ী হৈছে । অৱশ্যে কিছু কাৰণত সাদুলচহৰত বৰ্তমানৰ বিধায়কক সলনি কৰিব নোৱাৰিলে আৰু দলটোৱে তাত আসনখন হেৰুৱালে ।

দলৰ সূত্ৰৰ মতে গৌৰৱ গগৈৰ নেতৃত্বত স্ক্ৰীণিং কমিটীয়ে ৯৯ গৰাকী বৰ্তমানৰ বিধায়কৰ কমেও ৫০ শতাংশ সলনি কৰাৰ পৰামৰ্শ দিছিল কিন্তু তেওঁলোকৰ বহুতক গেহলটৰ প্ৰভাৱৰ বাবে সলনি কৰিব নোৱাৰিলে । কংগ্ৰেছে ২০১৮ চনত চৰকাৰ গঠন কৰিছিল যদিও ২০১৩ চনৰ নিৰ্বাচনত মুঠ ২০০ খন বিধানসভা আসনৰ মাত্ৰ ২১ খনত জয়লাভ কৰিছিল । বিজেপিয়ে ১৬৩ খন আসন লাভ কৰিছিল ।

ইফালে এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ১১৫ খন আসনত আগবাঢ়ি আছে আৰু কংগ্ৰেছে ৬৯ খনত আগবাঢ়িছে । এআইচিচিৰ সম্পাদক অভিষেক দত্তই কংগ্ৰেছৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া কংগ্ৰেছৰ ভাল ফলাফল নহয় যদিও দলটোৱে ৰাজস্থানত অত্যন্ত ভাল প্ৰদৰ্শন কৰিছে । দলটোৰ নীতিসমূহ ৰাইজে গ্ৰহণ কৰিছে বুলিও ৰাজস্থানৰ কংগ্ৰেছৰ স্ক্ৰীণিং কমিটিৰ সদস্যগৰাকীয়ে উল্লেখ কৰে ।

দলৰ ভিতৰুৱা খবৰ অনুসৰি যোৱা ৫ বছৰত মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত সঘনাই হোৱা বিবাদে দলটোৰ কৰ্মীসকলৰ মাজত যোগাযোগৰ ব্যৱধানৰ সৃষ্টি কৰিছিল । এআইচিচিৰ এগৰাকী নেতাৰ মতে গেহলট-পাইলটৰ বিবাদে যোৱা ৫ বছৰত দলটোক আঘাত কৰিছে । হাইকমাণ্ডে হস্তক্ষেপ কৰি নিৰ্বাচনৰ পূৰ্বে বিবাদৰ অৱসানৰ ঘোষণা কৰিছিল যদিও দলটোৰ যথেষ্ট ক্ষতি হৈছিল । গেহলট-পাইলটৰ কাজিয়াৰ বাবে দলে প্ৰায় ২০-২৫ খন আসন হেৰুৱাইছে বুলিও তেওঁ দাবী কৰে । অভিযোগ অনুসৰি দলীয় কৰ্মীসকলক ৰাজ্য চৰকাৰে অৱহেলা কৰিছিল ।

লগতে পঢ়ক :৩ ৰাজ্যত শোচনীয় প্ৰদৰ্শন; ৰাইজৰ সিদ্ধান্তক আন্তৰিকতাৰে গ্ৰহণ ৰাহুলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.