ETV Bharat / bharat

ভূপালত ৰেলৰ ডবাত ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন

author img

By

Published : Apr 25, 2021, 10:01 PM IST

ভাৰতীয় ৰে'ল বিভাগে ২০ টা ডবা থকা এখন ৰে'ল ৩০০ বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰিছে । ভূপাল ৰেল ষ্টেচনত থকা এই বিশেষ চেণ্টাৰটো ইতিমধ্যে কাৰ্যক্ষম কৰি তোলা হৈছে ।

ভূপালত ৰেলতে স্থাপন ক'ভিড কেয়াৰ চেণ্টাৰ

নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল : কৰ'ণাৰ প্ৰথম ঢৌৰ দৰেই এইবাৰো নাগৰিকক সহায়ৰ বাবে সাজু ভাৰতৰ ৰেল বিভাগ । ক'ভিড ৰোগীৰ চিকিৎসা কৰি থকা চিকিৎসালয়সমূহৰ বোজা হ্ৰাস কৰাৰ উদ্দেশ্যে ভাৰতীয় ৰে'ল বিভাগে ২০ টা ডবা থকা এখন দীঘল ৰে'লক ৩০০ বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰলৈ সলনি কৰিছে । ভূপাল ৰেল ষ্টেচনত থকা এই বিশেষ চেণ্টাৰটো ইতিমধ্যে কাৰ্যক্ষম কৰি তোলা হৈছে বুলি ৰেল বিভাগৰ বিষয়াসকলে দেওবাৰে জানিবলৈ দিয়ে ।

পশ্চিম মধ্য ৰে'লৱেৰ ভূপাল বিভাগৰ এজন বিষয়াই জনোৱা মতে ডবাবোৰ ৰেল ষ্টেচনৰ ৬ নং প্লেটফৰ্মত ৰখা হৈছে । ইফালে এই বিশেষ সুবিধা পৰিদৰ্শন কৰে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী বিশ্বভাষ সাৰঙে । পৰিদৰ্শনৰ পিচত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিটো ডবাতে প্ৰয়োজনীয় ঔষধ আৰু চিকিৎসা কৰ্মী উপলব্ধ কৰা হৈছে । অৱশ্যে এই ডবাবোৰত অক্সিজেনৰ সুবিধা ৰখা হোৱা নাই সেয়ে যিসকল ৰোগীক অক্সিজেনৰ প্ৰয়োজন তেওঁলোকক ইয়াত ভৰ্তি কৰিব নোৱাৰিব ।

কিন্তু মন্ত্ৰী সাৰঙে কয় যে জৰুৰীকালীন ব্যৱহাৰৰ বাবে তাত অক্সিজেন চিলিণ্ডাৰ উপলব্ধ কৰা হ'ব । প্ৰতিটো ডবাতে কুলাৰ আৰু মহৰ জাল লগোৱা হৈছে যাতে গৰমৰ দিনত ৰোগীসকলে কষ্ট নোহোৱাকৈ থাকিব পাৰে ।

লগতে পঢ়ক:দিল্লী সীমান্তত জৰুৰীকালীন সেৱাৰ বাবে পথ মুকলি কৰিলে প্ৰতিবাদকাৰী কৃষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.