ETV Bharat / bharat

Bihar train accident : ৰে'লপথৰ ত্ৰুটি বক্সাৰৰ ৰে’ল দুৰ্ঘটনাৰ কাৰণ আছিল

বিহাৰৰ ৰে'ল দুৰ্ঘটনাৰ প্ৰাথমিক তদন্তৰ প্ৰতিবেদন অনুসৰি ৰে'লপথত ত্ৰুটি আছিল । যাৰ ফলত কেইবাটাও ডবা লাইনচ্যুত হয় । দুৰ্ঘটনাটোত ৪ গৰাকী যাত্ৰী নিহত হোৱাৰ লগতে বহু যাত্ৰী আহত হয় ।

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 5:02 PM IST

Bihar train accident
ৰে'লপথৰ ত্ৰুটি দুৰ্ঘটনাৰ কাৰণ আছিল

নেশ্যনেল ডেস্ক,১২ অক্টোবৰ : বিহাৰৰ বক্সাৰৰ ৰে'ল দুৰ্ঘটনাটোক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল তাক লৈ বিভিন্ন মহলত প্ৰশ্নও উত্থাপন হৈছিল । ইয়াৰ মাজতে দুৰ্ঘটনাৰ তদন্তৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । তদন্তৰ প্ৰতিবেদন অনুসৰি ৰে'লপথৰ ত্ৰুটিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু ডবাবোৰ লাইনচ্যুত হৈছিল ।

বৃহস্পতিবাৰে প্ৰাথমিক তদন্ত প্ৰতিবেদনৰ উদ্ধৃতি দি এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে । প্ৰতিবেদন অনুসৰি বিহাৰত দিল্লী-কামাখ্যা নৰ্থ ইষ্ট এক্সপ্ৰেছত লাইনচ্যুত হোৱাৰ সম্ভাৱ্য কাৰণ আছিল ৰে'লপথৰ ত্ৰুটি । ৰে'লখনৰ চালককে ধৰি ৬ গৰাকী ৰে'ল বিষয়াই স্বাক্ষৰ কৰা প্ৰতিবেদনত দুৰ্ঘটনাৰ সম্ভাব্য কাৰণ উল্লেখ কৰিছে ।

দুৰ্ঘটনাটোৰ ফলত ৪ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে । ইফালে দুৰ্ঘটনাটোৰ ফলত ক্ষতিৰ পৰিমাণো ৫২ কোটি টকাতকৈও অধিক বুলি অনুমান কৰা হৈছে । দুৰ্ঘটনাটোত লোকো পাইলটজন আৰু তেওঁৰ সহকাৰীও আংশিকভাৱে আঘাতপ্ৰাপ্ত হৈছে । প্ৰতিবেদনখনত লোকো পাইলটজনে দিয়া বিবৃতি অনুসৰি ৰে'লখন ৰঘুনাথপুৰ ষ্টেচন পাৰ হৈ যোৱাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হৈছিল । ৰে'লখনৰ গতিবেগ প্ৰতি ঘণ্টাত ১২৮ কিলোমিটাৰ আছিল । কিন্তু ষ্টেচন শাখা অতিক্ৰম কৰাৰ পাছতে ৰে'লখনত অত্যাধিক কম্পনৰ সৃষ্টি হৈছিল বুলি লোকো পাইলটজনে উল্লেখ কৰিছে ।

অত্যাধিক কম্পন আৰু তীব্ৰ জোকাৰণিৰ ফলত ব্ৰেক পাইপৰ চাপ হঠাতে হ্ৰাস পায় আৰু নিশা প্ৰায় ৯.২৫ বজাত ৰে'লখন লাইনচ্যুত হয় । প্ৰতিবেদনত ৰঘুনাথপুৰ ষ্টেচনৰ এগৰাকী গেটমেন আৰু এজন পইণ্টমেনে উল্লেখ কৰা মতে তেওঁলোকে ৰে'লখনৰ চকাৰ পৰা জুইৰ ফিৰিঙতি ওলাই অহা দেখিছিল । প্ৰতিবেদন অনুসৰি লোকো পাইলট আৰু তেওঁৰ সহায়কৰ ব্ৰেথ এনালাইজাৰ পৰীক্ষা ফলাফলো নিগেটিভ আছিল । অৰ্থাৎ তেওঁলোক সুৰাপান কৰি থকা নাছিল !

লগতে পঢ়ক :Buxar Train Accident : ৰে'ল দুৰ্ঘটনাৰ ভুক্তভোগীসকলৰ বাবে ক্ষতিপূৰণ ঘোষণা নীতিশ কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.