ETV Bharat / bharat

অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল ৰায়গড় আৰক্ষীৰ

author img

By

Published : Dec 4, 2020, 10:27 PM IST

এই গোচৰ 2019 ত উপযুক্ত সাক্ষীৰ অভাৱত বন্ধ কৰি দিয়া হৈছিল ৷ কিন্তু চলিত বৰ্ষৰ মে মাহত উক্ত গোচৰক পুনৰ খোলা হৈছিল ৷ ইয়াৰ পাছতে অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰ চৰকাৰে তেওৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বাবেই এনেধৰণৰ কাৰ্য কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷

Raigad Police Filed a charge sheet Against Arnab Goswami
অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল ৰায়গড় আৰক্ষীৰ

নিউজ ডেস্ক, 4 ডিচেম্বৰ : ৰায়গড় আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু অন্য দুজন লোকৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে উচতনি দিয়াৰ অভিযোগত 2018 চনত ৰুজু হোৱা এক গোচৰ সন্দৰ্ভত চাৰ্জ শ্বীট দাখিল কৰে ৷ এই চাৰ্জ শ্বীট ৰায়গড় জিলাৰ আলিবাগৰ এখন আদালতত দাখিল কৰা হৈছে ৷ উক্ত আদালততে ইন্টিৰিয়ৰ ডিজাইনাৰ অন্বয় নায়ক আৰু তেওঁৰ মাতৃক আত্মহত্যাৰ বাবে উচতনি যোগোৱাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল ৷

আলিবাগ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 4 নৱেম্বৰত অৰ্মৱ গোস্বামীসহ অন্য দুজনক গ্ৰেপ্তাৰ কৰিছিল ৷ যাৰ পাছতেই 11 নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল গোস্বামীয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে অৰ্ণৱ গোস্বামীয়ে বম্বে উচ্চ ন্যায়ালয়ৰ পৰা চাৰ্জ শ্বীট দাখিলৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিবলৈ অনুৰোধ জনাইছিল ৷ কিন্তু এই আবেদনৰ ওপৰত নহল কোনো শুনানি ৷

এই গোচৰ 2019 ত উপযুক্ত সাক্ষীৰ অভাৱত বন্ধ কৰি দিয়া হৈছিল ৷ কিন্তু চলিত বৰ্ষৰ মে মাহত উক্ত গোচৰক পুনৰ খোলা হৈছিল ৷ ইয়াৰ পাছতে অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰ চৰকাৰে তেওৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বাবেই এনেধৰণৰ কাৰ্য কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷

লগতে পঢ়ক: দিল্লীলৈ সোণোৱালৰ চিঠি: ডিব্ৰুগড় দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰক বৰ্তমানৰ ৰূপতে বাহাল ৰাখক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.