ETV Bharat / bharat

Rahul rides his bike from Leh to Pangong lake : বাইক ৰাইডাৰৰ ৰূপত ৰাহুল গান্ধী - Rahul Gandhi in Leh

লেহৰ পৰা লাডাখৰ পাংগং হ্ৰদলৈ কেটিএম ৩৯০ ডিউক মটৰ চাইকেল চলাই গ'ল কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে । দেওবাৰে পাংগং হ্ৰদত পিতৃ ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে বিশেষ পূজা আগবঢ়াব । তাৰ পাছত কাৰ্গিললৈ যাব ।

Rahul rides his bike from Leh to Pangong lake
বাইক ৰাইডাৰৰ ৰূপত ৰাহুল গান্ধী
author img

By

Published : Aug 19, 2023, 5:13 PM IST

নেশ্যনেল ডেস্ক,১৯ আগষ্ট : বাছ বা ট্ৰাকেৰে নহয় এইবাৰ বাইক ৰাইড ৰাহুল গান্ধীৰ । অৱশ্যে বাইক ৰাইডৰ সুযোগ কেতিয়াও হেৰুৱাব নিবিচাৰে ৰাহুল গান্ধীয়ে । কংগ্ৰেছ নেতাগৰাকীয়ে বাইকেৰে এইবাৰ লাডাখ ভ্ৰমণৰ কৰিছে । এই ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীক কেটিএম ৩৯০ ডিউক মটৰ চাইকেল চলাই যোৱা দেখা গৈছে । শনিবাৰে লেহ চহৰৰ পৰা পাংগং হ্ৰদলৈ তেওঁৰ বাইক ৰাইজে বিশেষ চৰ্চা লাভ কৰিছে ।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ইনষ্টাগ্ৰামৰ এটা পোষ্টত তেওঁৰ বাইক ৰাইজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে । তেওঁ কৈছে যে পিতৃয়ে তেওঁ সচৰাচৰ কোৱাৰ দৰে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাইবোৰৰ ভিতৰত অন্যতম পাংগং হ্ৰদলৈ তেওঁ যাত্ৰা । কংগ্ৰেছ দলৰ সূত্ৰৰ মতে ৰাহুল গান্ধীয়ে দেওবাৰে তেওঁৰ পিতৃ স্বৰ্গীয় ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে পাংগং হ্ৰদত পূজা আগবঢ়াব ।

ৰাহুল গান্ধীয়ে পোষ্টত লেহ, লাডাখ আৰু পাংগং টিএছঅ'ৰ হেচটেগ ব্যৱহাৰ কৰে । উল্লেখ্য যে দুদিন পূৰ্বে ৰাহুল গান্ধী পাংগং হ্ৰদ আৰু কাৰ্গিলৰ বাবে লেহত উপস্থিত হয় । কংগ্ৰেছৰ নেতাসকলে তেওঁক বিশালভাৱে আদৰণী জনায় । আনহাতে ৰাহুল পৰৱৰ্তী ৬ দিনৰ বাবে লাডাখত থাকিব আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । শুকুৰবাৰে কংগ্ৰেছ সাংসদগৰাকীয়ে যুৱ বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু পাছত এখন ফুটবল খেল উপভোগ কৰিছিল ।

দেওবাৰে পাংগং হ্ৰদত ৰাজীৱ গান্ধীৰ জন্ম বাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত ৰাহুলে এখন ৰাজহুৱা সভা সম্বোধন কৰিবলৈ কাৰ্গিল ভ্ৰমণ কৰিব । ৰাহুল গান্ধীয়ে দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰাৰ সময়ত বাইক চলোৱা দেখা যায় । আনকি ভাৰত জোড়ো যাত্ৰাৰ সময়তো তেওঁ বাইক চলাইছিল আৰু দলৰ নেতাসকলৰ সৈতে ফটো তুলিছিল । কেইমাহমান পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে ডিউক ৩৯০ বাইক ক্ৰয় কৰাৰ কথা কৈছিল কিন্তু নিৰাপত্তাজনিত সমস্যাৰ বাবে দিল্লীত তেওঁ চলাব পৰা নাই ।

লগতে পঢ়ক :UP Congress in charge : সিদ্ধুৱে চম্ভালিব নেকি উত্তৰ প্ৰদেশ কংগ্ৰেছৰ কমাণ্ড ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.