নিউজ ডেস্ক, 17 অক্টোবৰ : সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে ৰাহুল গান্ধীয়ে মিজোৰামত উপস্থিত হোৱাৰ পাচতে আজি এক সংবাদমেল আয়োজন কৰে ৷ সংবাদমেলত কেন্দ্ৰৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে গান্ধী ৷
গান্ধীয়ে কয় যে, বিৰোধী মিত্ৰজোঁটে ধৰ্ম বা সংস্কৃতি নিৰ্বিশেষে নিজৰ মূল্যবোধ, সাংবিধানিক পৰিকাঠামো আৰু মানুহৰ স্বাধীনতা সুৰক্ষিত কৰিব ৷ লগতে সম্প্ৰীতিৰে বাস কৰি থকা ভাৰতৰ ধাৰণা ৰক্ষা কৰিব ৷ বিজেপি, আৰ এছ এছৰ দেশৰ প্ৰতি দৃষ্টিভংগী পৃথক ৷
-
LIVE: Media Interaction | Aizawl, Mizoram | Bharat Jodo Yatra https://t.co/Y05Y1qaf5C
— Rahul Gandhi (@RahulGandhi) October 17, 2023 " class="align-text-top noRightClick twitterSection" data="
">LIVE: Media Interaction | Aizawl, Mizoram | Bharat Jodo Yatra https://t.co/Y05Y1qaf5C
— Rahul Gandhi (@RahulGandhi) October 17, 2023LIVE: Media Interaction | Aizawl, Mizoram | Bharat Jodo Yatra https://t.co/Y05Y1qaf5C
— Rahul Gandhi (@RahulGandhi) October 17, 2023
‘‘আমাৰ দেশৰ প্ৰতি বিজেপি বা আৰ এছ এছৰ দৃষ্টিভংগী আমাৰ দৃষ্টিভংগীতকৈ পৃথক। আৰ এছ এছে বিশ্বাস কৰে যে ভাৰতত একক আদৰ্শ আৰু সংগঠনৰ দ্বাৰা পৰিচালিত হ'ব লাগে ৷ যাক আমি বিৰোধিতা কৰি আছো । আমি ক্ষমতা বিকেন্দ্ৰীকৰণত বিশ্বাস কৰো ৷ আমি বিশ্বাস কৰো যে দেশৰ প্ৰতিজন নাগৰিকৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতি প্ৰত্যাহ্বান আহিব নালাগে ৷ কিন্তু বিজেপিয়ে বিশ্বাস কৰে যে সকলো সিদ্ধান্ত দিল্লীত লোৱা উচিত ।’’ এইদৰে বিজেপি আৰু আৰ এছ এছক সমালোচনা কৰে গান্ধীয়ে ৷
তেওঁ লগতে কয়, ‘‘উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যই বিজেপি আৰু আৰ এছ এছৰ আক্ৰমণৰ সন্মুখীন হৈছে, যাৰ ফলত আপোনাৰ ধৰ্মীয় বিশ্বাসৰ ভেটি ভাবুকিৰ সন্মুখীন হৈছে ৷ আপোনালোকে জানে যে মণিপুৰত কি পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাইজ ৷ মণিপুৰ জ্বলিলে তথাপিও প্ৰধানমন্ত্ৰীয়ে মোদীয়ে এটা শব্দ প্ৰকাশ নকৰিলে ৷ যেতিয়া বিৰোধীয়ে সদনত প্ৰতিবাদ কৰিলে তাৰ পাচতে কেই ছেকেণ্ড মানৰ ভিতৰতে দুই এটা শব্দকৈয়ে দায়িত্ব সামৰিলে ৷’’
উল্লেখ্য যে ৪০ জনীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচন ৭ নৱেম্বৰত অনুষ্ঠিত হ'ব।
লগতে পঢ়ক:Rahul Gandhi rides pillion on scooter: নিৰ্বাচনমুখী মিজোৰামৰ ৰাজপথত 'পিলিয়ন’ ৰাহুল গান্ধী