ETV Bharat / bharat

Rahul Gandhi visit Kerala: তিনিদিনীয়া কাৰ্যসূচীৰে কেৰালা ভ্ৰমণ ৰাহুল গান্ধীৰ

author img

By

Published : Jul 1, 2022, 10:26 AM IST

Updated : Jul 1, 2022, 10:49 AM IST

তিনিদিনীয়া কাৰ্যসূচীৰে কেৰালাৰ ৱায়াণ্ড সমষ্টি ভ্ৰমণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Congress MP Rahul Gandhi)৷ নেতাগৰাকীৰ বিৰুদ্ধে তেওঁৰ সমষ্টি ৱায়ানাডত শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছৰ দলীয় কাৰ্যালয়টো লণ্ড ভণ্ড কৰে (SFI ransack Rahul Gandhi Wayanad office) এছএফআইৰ কৰ্মীসকলে ।

Rahul Gandhi visit Kerala from July 1
তিনিদিনীয়া কাৰ্যসূচীৰে কেৰালা ভ্ৰমণ ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক, 1 জুলাই : 1 জুলাইৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কেৰেলাৰ ৱায়াণ্ড সমষ্টি ভ্ৰমণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Congress MP Rahul Gandhi)৷ যোৱা 24 জুনত শাসকীয় চি পি আই (এম)ৰ ছাত্ৰগোট ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়া চমুকৈ এছএফআইৰ কৰ্মীসকলে ৱায়াণ্ড সমষ্টিত কংগ্ৰেছৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰাৰ পিছতে সমষ্টিটোলৈ শুকুৰবাৰে ৰাওনা হয় নেতাগৰাকী ৷

দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তিনিদিনীয়া ভ্ৰমণকালত গান্ধীয়ে তেওঁৰ সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ ইয়াৰোপৰি নেতাগৰাকীয়ে মন্তাৱদীত এটা কৃষক বেংক ভৱন উদ্বোধন কৰাৰ লগতে ছুলথান বাথেৰীত নৱনিৰ্মিত ইউ ডি এফ বহুজন সংগম হল উদ্বোধন কৰিব ৷

প্ৰাপ্ত তথ্য অনুসৰি কেপিচিচিৰ মুৰব্বী কে সুধাকৰণৰ নেতৃত্বত এটা দলে কংগ্ৰেছৰ নতাগৰাকীক কান্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উষ্ম আদৰণি জনাব ৷

যোৱা 24 জুনত সমগ্ৰ দেশৰ প্ৰতিখন সুৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত নিৰ্ধাৰিত সীমাৰ পৰা আৰম্ভ কৰি নিম্নতম এক কিলোমিটাৰলৈকে বাধ্যতামূলক পৰিৱেশ-সংবেদনশীল অঞ্চল থাকিব লাগে বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পাছতে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল (Supreme Court order on wildlife buffer zone)। এই নিৰ্দেশনা সম্পৰ্কত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া নিদিয়াৰ বাবেই তেওঁৰ বিৰুদ্ধ জাঙুৰ খাই উঠিছিল এছএফআই ।

নেতাগৰাকীৰ বিৰুদ্ধে তেওঁৰ সমষ্টি ৱায়ানাডত শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছৰ দলীয় কাৰ্যালয়টো লণ্ড ভণ্ড কৰে (SFI ransack Rahul Gandhi Wayanad office)এছএফআই কৰ্মীসকলে । কৰ্মীসকলে কাৰ্যালয়ৰ ভিতৰৰ বিভিন্ন সামগ্ৰীও ভাঙি পেলায় (SFI vandalize Rahul Gandhi MP office)। কংগ্ৰেছৰ কাৰ্যালয়টোত কৰা প্ৰতিবাদে এটা সময়ত হিংসাত্মক ৰূপ ধাৰণ কৰে । যাৰ বাবে প্ৰতিবাদকাৰীক ছত্ৰভঙ্গ দিবলৈ আৰক্ষীয়ে লাঠি চালনাও কৰিবলগীয়া হৈছিল ।

এই ঘটনাৰ পাছতে কংগ্ৰেছে অভিযোগ উত্থাপন কৰি কয় যে আৰক্ষীয়ে ৰাহুল গান্ধীৰ কাৰ্যালয়ত হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ এছএফআই কৰ্মীসকলক সমৰ্থন কৰিছে । এই ঘটনাত কাৰ্যালয়টোৰ সম্পাদক আগষ্টিন পালপাল্লিকো এছএফআই কৰ্মীসকলে আক্ৰমণ কৰি আহত কৰে । ঘটনাটোৰ পিছত, কংগ্ৰেছ কৰ্মীসকলো ঘটনাস্থলীলৈ ৰাওনা হয় । ইফালে চিপিআই(এম)য়ে স্পষ্ট কৰি দিয়ে যে দলটোৰ এই প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাটো তেওঁলোকে বিচৰা নাছিল ।

লগতে পঢ়ক: কেৰালাস্থিত ৰাহুল গান্ধীৰ কাৰ্যালয়ত প্ৰতিবাদ, SFIয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিভিন্ন সামগ্ৰী

Last Updated : Jul 1, 2022, 10:49 AM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.