নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে তেওঁৰ লোকসভা সমষ্টি ৱায়ানাড অভিমুখে ৰাওনা হ'ব । কেৰালাত উপস্থিত হৈ প্ৰথমে তেওঁ কোজিকোড়েৰ এনগাপুঝাস্থিত পেৰিছ হলত অনুষ্ঠিত প্ৰাক্তন বিধায়ক চি মইনকুট্টিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
এই অনুষ্ঠানৰ পাচতে গান্ধীয়ে এনগাপুঝাত ৰাহুল ব্ৰিগেডৰ এম্বুলেন্সৰ ফ্লেগ অফ কৰিব (Rahul Gandhi to flag off Rahul Brigade's Ambulance) ।
দুদিনীয়া কাৰ্যসূচীৰে কংগ্ৰেছৰ যুৱনেতা গৰাকী কেৰালালৈ ৰাওনা হ'ব (Rahul Gandhi's two day visit to Kerala) । ৱায়ানাডৰ কংগ্ৰেছ সাংসদজনে আবেলি ৩ বজাত নিজৰ সমষ্টিত উপস্থিত হ'ব । ৱায়ানাডৰ কালপেট্টা বিধানসভা সমষ্টিৰ টি ছিদ্দিক নামৰ এজন বিধায়কৰ কাৰ্যালয় উদ্বোধন কৰিব ৰাহুল গান্ধীয়ে ।
কাৰ্যালয়ৰ উদ্বোধন কৰাৰ পিছত, ৰাহুল গান্ধীয়ে আবেলি ৪ বজাত ৱায়ানাডৰ পোঝুথানাত আচুৰ-চথোথ সংযোগী নৱনিৰ্মিত পথটি মুকলি কৰিব । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছে এই পথটো ।
লগতে পঢ়ক: ঠেঁহ লাগিল মমতাৰ : অসম চৰকাৰৰ গাৰ্ড অৱ অ'নাৰ প্ৰত্যাখ্যান বংগ কন্যাৰ