নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ : নিৰ্বাচনমুখী ৰাজস্থানত শনিবাৰে উপস্থিত হয় কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী । ৰাহুল গান্ধীয়ে শনিবাৰে জয়পুৰত কংগ্ৰেছ ভৱনৰ আধাৰশিলা স্থাপন কৰে । তাৰ পিছত দিয়া ভাষণত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছ নেতাজনে । "আমি আদানিৰ নাম উল্লেখ কৰাৰ লগে লগে বিজেপিৰ খং উঠে । তথাপিও আমি প্ৰশ্ন কৰা বন্ধ কৰিব নোৱাৰোঁ । আমি তেওঁলোকতকৈ দেশখনৰ বিষয়ে বেছি চিন্তা কৰোঁ ।" ৱায়নাডৰ সাংসদগৰাকীয়ে কয় । ৰাহুল গান্ধীয়ে লগতে কয় যে আজিৰ সভাত হাজাৰ হাজাৰ সিংহ শান্তিপূৰ্ণভাৱে একেলগে বহি আছে । আমি ঘৃণাৰ দোকান নহয়, প্ৰেমৰ দোকান চলাওঁ ।
তেওঁ কয়, "পূৰ্বতে তেওঁলোকে সংসদত মাইক বন্ধ কৰিছিল, কিন্তু এতিয়া তেওঁলোকে টিভিয়েই বন্ধ কৰি দিয়ে । যেনেদৰে গাড়ীৰ এক্সেলেৰেটৰ বৃদ্ধি কৰা হয়, ঠিক একে মোৰ ক্ষেত্ৰতো ঘটিছে । আনকি মোৰ লোকসভাৰ সদস্যপদো বাতিল কৰা হৈছিল । কাৰণ তেওঁলোকে মোক ভয় কৰে ।" ৰাহুলে লগতে কয়, যদি কোনো বিজেপি কৰ্মী আপোনাৰ সন্মুখলৈ আহে, তেন্তে কেৱল আদানিৰ নাম লওক । তেওঁ তৎক্ষণাৎ পলাই যাব । আৰু যদি আপুনি মোদী আৰু আদানিৰ মাজৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰে, তেন্তে তেওঁৰ বাবে আপোনাৰ সন্মুখত থিয় হোৱাটোৱে কঠিন হ'ব ।
-
LIVE: Public Meeting | Jaipur, Rajasthan https://t.co/dx7jrKJukW
— Rahul Gandhi (@RahulGandhi) September 23, 2023 " class="align-text-top noRightClick twitterSection" data="
">LIVE: Public Meeting | Jaipur, Rajasthan https://t.co/dx7jrKJukW
— Rahul Gandhi (@RahulGandhi) September 23, 2023LIVE: Public Meeting | Jaipur, Rajasthan https://t.co/dx7jrKJukW
— Rahul Gandhi (@RahulGandhi) September 23, 2023
নাৰী সংৰক্ষণ বিধেয়ক সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয় যে পূৰ্বতে নাৰী সংৰক্ষণৰ বিষয়ে কোনো আলোচনা হোৱা নাছিল । প্ৰথমতে তেওঁলোকে ইণ্ডিয়াক ভাৰত হিচাপে গঢ়ি তুলিবলৈ জোৰ দিছিল । কিন্তু যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে ৰাইজে সেই কথা নুশুনিব, তেতিয়া তেওঁলোকে নাৰী সংৰক্ষণৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰে । তেওঁ কয় যে ৰাজীৱ গান্ধীজীয়ে পঞ্চায়তীৰাজত নাৰী সংৰক্ষণ আনিছিল । কিন্তু যেতিয়া কেন্দ্ৰৰ মোদী চৰকাৰে এই বিধেয়ক অনাৰ কথা কৈছিল তেতিয়া সকলো দলেই এই বিধেয়কখনৰ সমৰ্থন কৰিছিল ।
কিন্তু এইসকল লোকে আমাৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই । আমি অ'বিচি মহিলাসকলৰ বাবে সংৰক্ষণৰ কথা কৈছোঁ । কিন্তু বিজেপিয়ে কয় যে সংৰক্ষণৰ আগতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাটো প্ৰয়োজন, যিটো সঁচা নহয় । ৰাহুল গান্ধীয়ে লগতে কয় যে বিজেপিয়ে এই অজুহাত দেখুৱাই বিধেয়কখন ১০ বছৰৰ বাবে ওলোমাই থব বিচাৰে । কিন্তু আমি বিচাৰোঁ যে ইয়াক তৎক্ষণাৎ কাৰ্যকৰী কৰিব লাগে ।