ETV Bharat / bharat

Karnataka Assembly Polls 2023 : বেংগালুৰুত বাছ যাত্ৰা, শিক্ষাৰ্থী-মহিলাৰে বাৰ্তালাপ ৰাহুল গান্ধীৰ - Karnataka State Road Transport Corporation

সোমবাৰে সামৰণি পৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য । নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ৰাজ্যখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আটাইকেইটা ৰাজনৈতিক দলেই ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰে । ব্যতিক্ৰম নাছিল কংগ্ৰেছো । সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বেংগালুৰুত বাছেৰে যাত্ৰা কৰি সাধাৰণ নাগৰিকৰ সৈতে বাৰ্তালাপ কৰে (Rahul Gandhi bus ride in Bengaluru) । আনহাতে, শিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰে ।

arnataka Assembly Polls 2023
arnataka Assembly Polls 2023
author img

By

Published : May 8, 2023, 9:11 PM IST

নিউজ ডেস্ক, ৮ মে' : অহা ১০ মে'ত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন (Karnataka Assembly Polls 2023) । তাৰ পূৰ্বে সোমবাৰে বিয়লি অন্ত পৰে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য (election campaign ended in Karnataka) । প্ৰচাৰৰ অন্তিম দিনটোত কংগ্ৰেছ-বিজেপিকে ধৰি ৰাজ্যখনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিটো ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে নিজৰ নিজৰ হৈ প্ৰচাৰৰ অন্তিম সুযোগ গ্ৰহণ কৰে । ব্যতিক্ৰম নাছিল কংগ্ৰেছো ।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে বেংগালুৰুৰ কানিংহাম ৰোডৰ 'কেফে কফি ডে' আউটলেটত একাপ কফিৰ আমেজ লয় । আনহাতে, বেংগালুৰু মেট্ৰ'পলিটান ট্ৰান্সপোৰ্ট কৰ্প'ৰেচনৰ (Bengaluru Metropolitan Transport Corporation, BMTC) ওচৰৰ এটা বাছ আস্থানত তেওঁ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু কৰ্মৰত মহিলাসকলৰ এটা দলৰ সৈতে বাৰ্তালাপো কৰে (Rahul Gandhi bus ride in Bengaluru) ।

তাৰ পিছত তেওঁ বিএমটিচিৰ এখন বাছত উঠি যাত্ৰা কৰে । নিজৰ বাছ যাত্ৰাৰ সময়ত কৰ্ণাটকৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী বুজিবলৈ মহিলা যাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰা বুলি দলীয় সূত্ৰত প্ৰকাশ (Congress leader Rahul Gandhi) ।

কংগ্ৰেছ সূত্ৰই কয় , "তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য, 'গৃহলক্ষ্মী' আঁচনি (পৰিয়ালৰ মহিলা মুৰব্বীৰ বাবে প্ৰতি মাহে ২,০০০ টকা) আৰু বিএমটিচি আৰু কেএছআৰটিচিৰ (Karnataka State Road Transport Corporation, KSRTC) বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণৰ কংগ্ৰেছৰ 'গেৰাণ্টি'সহ বিষয়বোৰ স্পষ্টভাৱে আলোচনা কৰে ।"

মহিলাসকলে তেওঁক পৰিবহণৰ সমস্যাবোৰৰ বিষয়ে কোৱাৰ লগতে মূল্যবৃদ্ধিয়ে তেওঁলোকৰ বাজেট কেনেদৰে প্ৰভাৱিত কৰিছে সেই বিষয়েও জনায় । আনহাতে, ৰাহুল গান্ধীয়ে লিংগৰাজপুৰমত বাছৰ পৰা নামি তেওঁ পুনৰ বাছ আস্থানত থকা মহিলাসকলৰ সৈতেও বাৰ্তালাপ কৰে ।

উল্লেখ্য, ৰাহুল গান্ধীয়ে কৰ্ণাটকত কেইবাখনো নিৰ্বাচনী সভা সম্বোধন কৰে । আনহাতে, কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত বিজেপি-কংগ্ৰেছ উভয়ে উভয়ৰ প্ৰতি তীব্ৰ আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হয় । কিন্তু সোমবাৰে নিজম পৰে কৰ্ণাটকৰ উত্তপ্ত নিৰ্বাচনী বাতাবৰণৰ । ভোটগণনা অনুষ্ঠিত হ'ব ১৩ মে'ত ।

লগতে পঢ়ক :Congress Eyeing MP Assembly Polls : মধ্যপ্ৰদেশত ৫০০ টকাত কংগ্ৰেছে যোগান ধৰিব এলপিজি চিলিণ্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.