ETV Bharat / bharat

Rahul Gandhi addresses Parliament house : আদানিৰ প্ৰসংগত মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী - Rahul Gandhi on Agniveer

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে ব্যৱসায়ী গৌতম আদানিৰ ব্যৱসায়িক উত্থান আৰু ব্যক্তিগত সম্পদৰ ব্যাপক বৃদ্ধিক ২০১৪ চনত শাসনলৈ অহা মোডী চৰকাৰৰ সৈতে সম্পৰ্ক থকাৰ কথা উল্লেখ কৰে (Rahul Gandhi allegation against Gautam Adani)। ৰাহুল গান্ধীৰ ভাষণক লৈ উত্তাল সংসদৰ মজিয়া ।

Rahul Gandhi addresses Parliament house
আদানিৰ প্ৰসংগত মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
author img

By

Published : Feb 7, 2023, 7:39 PM IST

নেশ্যনেল ডেস্ক,৭ ফেব্ৰুৱাৰী : সম্প্ৰতি কোটিপতি গৌতম আদানি আৰু হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে (Hindenbarg Research Adani group controversy)। ইতিমধ্যে কংগ্ৰেছে আদানি আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদো সাব্যস্ত কৰিছে । ইয়াৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ । ৰাহুল গান্ধীৰ মতে নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ আশীৰ্বাদতে আদানিয়ে কম সময়ৰ ভিতৰত বিশ্বৰ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম হ'বলৈ সক্ষম হৈছে (Rahul Gandhi on Adani Group share market row)।

সংসদক সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে ২০১৪ চনৰ পৰা ২০২২ চনলৈ বিজেপি শাসনলৈ অহাৰ পাছত আদানিৰ ব্যৱসায় ৮ বিলিয়নৰ পৰা ১৪০ বিলিয়নলৈ বৃদ্ধি পাইছে । কংগ্ৰেছ নেতাজনে লগতে কয় যে ২০১৪ চনত আদানি বিশ্বৰ ৬০৯ তম ধনী ব্যক্তি আছিল আৰু ৮ বছৰত তেওঁ দ্বিতীয়গৰাকী ধনী ব্যক্তি হৈ পৰিছে (Rahul Gandhi on Adani and BJP link)।

কংগ্ৰেছ নেতাজনে অভিযোগ কৰি কয় যে বিমানবন্দৰৰ পৰা প্ৰতিৰক্ষালৈকে, বিদ্যুতৰ পৰা জাহাজৰ তত্বাৱধানলৈকে, আদানিয়ে সদায় মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ পক্ষ লাভ কৰি আহিছে । যেতিয়া চৰকাৰে বিমানবন্দৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়, স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে যিবোৰ কোম্পানীৰ আগতীয়া অভিজ্ঞতা নাই তেওঁলোকক বিমানবন্দৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া নহ'ব । কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত তেওঁলোকে নিয়ম সলনি কৰে আৰু আদানিক ৬ টা বিমানবন্দৰৰ দায়িত্ব দিয়া হয় ।

কেৱল এয়াই নহয় যে আটাইতকৈ লাভজনক বিমানবন্দৰ মুম্বাই বিমানবন্দৰটো এজেঞ্চী ব্যৱহাৰ কৰি জিকেভিৰ পৰা হাইজেক কৰি আদানিক হস্তান্তৰ কৰা হৈছিল । ইয়াৰ ফলস্বৰূপে, ২৪ শতাংশ বিমান যাতায়ত আৰু ৩১ শতাংশ বিমান চলাচল এই বিমানবন্দৰৰ পৰা আহে । মোডী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে অভিযোগ কৰি কয় যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আগতীয়া অভিজ্ঞতা নথকা আদানিয়ে ৪ টা মুখ্য প্ৰতিৰক্ষা গোটৰ গৰাকী হোৱাৰ সুবিধা লাভ কৰিছে ।

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী ইজৰাইললৈ যায় আৰু আদানিজীয়ে ভাৰতীয় সেনাক ড্ৰোণ যোগান ধৰাৰ চুক্তি লাভ কৰে । জাহাজৰ তত্বাৱধানৰ বাবে সামগ্ৰিক এমআৰঅ' লাভ কৰিছিল (Rahul Gandhi addresses Parliament house)।

ৰাহুল গান্ধীৰ এনে অভিযোগক লৈ যদিও সদনত বৃহৎ প্ৰতিবাদ হৈছিল কিন্তু কংগ্ৰেছ নেতাগৰাকী পুনৰ অভিযোগ কৰি কয় যে ভাৰতৰ পৰা বিদ্যুৎ যোগানৰ চুক্তি আদানিক হস্তান্তৰ কৰিবলৈ হেঁচা আছিল । প্ৰধানমন্ত্ৰী বাংলাদেশলৈ গৈ এই চুক্তি আদানিক দিয়ে । আনহাতে ভাৰতীয় উদ্যোগপতিজনে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ৰ পৰাই নৰেন্দ্ৰ মোডীৰ সৈতে তেওঁৰ সম্পৰ্কৰ সুবিধা লাভ কৰি আহিছে বুলিও ৰাহুল গান্ধীয়ে অভিযোগ কৰে (Rahul slams BJP govt)।

ৰাহুল গান্ধীৰ এই অভিযোগৰ পাছতে বিজেপি সাংসদ ৰবি শংকৰ প্ৰসাদে কয় যে ৰাহুল গান্ধীয়ে আগতীয়া জাননী অবিহনে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ।তেওঁ অধ্যক্ষ ওম বিৰলাক সংস্কৰণটো এক্সপাঞ্জ কৰিবলৈ অনুৰোধ কৰে । কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাহুল গান্ধীক ভুৱা অভিযোগ উত্থাপন নকৰিবলৈ আৰু তাৰ পৰিৱৰ্তে বিষয়টো সন্দৰ্ভত প্ৰমাণ উপস্থাপন কৰিবলৈ আহ্বান জনায় । লগে লগে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীক ৰাষ্ট্ৰপতিৰ ভাষণত গুৰুত্ব দিবলৈ কয় ।

প্ৰায় ৫ মাহ ধৰি চলা ভাৰত যোড়ো যাত্ৰা সম্পূৰ্ণ হোৱাৰ পাছত সংসদত ভাষণ প্ৰদান কৰি ৰাহুল গান্ধীয়ে কয় যে অগ্নিবীৰ কেতিয়াও ৰাষ্ট্ৰৰ যুৱক-যুৱতী বা সেনাৰ পছন্দ নহয় । ই আৰ এছ এছ আৰু গৃহ মন্ত্ৰালয়ৰ পৰা আহিছে বুলি তেওঁ অভিযোগ কৰে (Rahul Gandhi on Agniveer)।

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৩৫০০ কিলোমিটাৰ যাত্ৰাৰ সময়ত তেওঁৰ অভিজ্ঞতাৰ বিতং বিৱৰণ দি ৰাহুলে কয় যে পুৱা ৪ বজাত উঠি শাৰীৰিক ব্যায়াম কৰা দেশৰ যুৱক-যুৱতীসকলে সেনাত যোগদান কৰিলেও তেওঁলোক কেতিয়াও সুখী নহয় । ১৫ বছৰৰ চাকৰিৰ পাছত সেনাক পেঞ্চন দিয়া হৈছিল আৰু অগ্নিবীৰত মাত্ৰ ৪ বছৰৰ চাকৰিৰ পিছত বাহিৰ কৰি দিয়া হ'ব বুলিও যুৱক-যুৱতীসকলে ৰাহুল গান্ধীৰ ওচৰত উদ্বেগ প্ৰকাশ কৰে বুলি তেওঁ উল্লেখ কৰে ।

শাসকীয় বিজেপি সাংসদসকলৰ হুলস্থূলক মাজতে ৰাহুল গান্ধীয়ে কয় যে এই আঁচনিৰ জৰিয়তে সেনাৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে । এই সন্দৰ্ভত দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ প্ৰসংগও উল্লেখ কৰে ৰাহুল গান্ধীয়ে ।

সংসদত ৰাষ্ট্ৰপতিৰ ভাষণক লৈ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত কেৱল এবাৰহে 'অগ্নিবীৰ'ৰ কথা উল্লেখ কৰা হৈছিল (Rahul Gandhi reacts over President speech)। ৰাষ্ট্ৰপতিৰ ভাষণত অগ্নিবীৰৰ কোনো প্ৰসংগ নোহোৱাক লৈও ৰাহুল গান্ধীয়ে উদ্বেগ প্ৰকাশ কৰে । আনহাতে ৰাষ্ট্ৰপতিৰ ভাষণত নিবনুৱা আৰু মূল্যবৃদ্ধিৰ কোনো উল্লেখ নাছিল বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । তেওঁৰ মতে দেশৰ ৰাইজে যি কৈ আছে ৰাষ্ট্ৰপতিয়ে আন বেলেগ প্ৰসংগহে কৈ আছে ।

লগতে পঢ়ক :Full Moon Rituals : মাঘী পূৰ্ণিমাত ঘৰত নাথাকে গাঁওবাসী, কিন্তু ক'ত কিয় ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.