ETV Bharat / bharat

Rahul slams BJP : উৰিষ্যা ৰেল দুৰ্ঘটনাক গাড়ী দুৰ্ঘটনাৰ সৈতে তুলনা কৰিলে ৰাহুলে - Rahul Gandhi in US

আমেৰিকা ভ্ৰমণত থকা ৰাহুল গান্ধীয়ে পুনৰ বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰে (Rahul Gandhi slams BJP)। শাসকীয় দলটোৱে কেতিয়াও ভৱিষ্যতৰ কথা নকয় বুলিও তেওঁ অভিযোগ কৰে । ওড়িশাৰ দুৰ্ঘটনাক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

Rahul slams BJP
বিজেপি আৰু প্ৰধানমন্ত্ৰীক সমালোচনা ৰাহুল গান্ধীৰ
author img

By

Published : Jun 5, 2023, 12:06 PM IST

Updated : Jun 5, 2023, 1:20 PM IST

নেশ্যনেল ডেস্ক,৫ জুন : "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিয়ে কেতিয়াও ভৱিষ্যতৰ কথা নকয় । তেওঁলোকে সদায় অতীতৰ কোনো লোকক দোষাৰোপ কৰে ।" এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । আমেৰিকা ভ্ৰমণত থকা ৰাহুল গান্ধীয়ে জাভিটচ কেন্দ্ৰত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি এই মন্তব্য কৰে (Rahul Gandhi slams PM Modi)। ইফালে অনুষ্ঠানত ওড়িশাৰ ৰে'ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ৬০ ছেকেণ্ডৰ মৌন প্ৰাৰ্থনা কৰে ।

ৰে'ল দুৰ্ঘটনাক লৈ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী উঠাৰ সময়তে ৰাহুল গান্ধীয়ে কোনো নাম নোলোৱাকৈ কয় যে দোষ স্বীকাৰ কৰি পদত্যাগ কৰাৰ পৰিৱৰ্তে অজুহাত দেখুওৱা হৈছে আৰু সন্মুখীন হোৱা বাস্তৱতাক গ্ৰহণ কৰা নাই (Rahul Gandhi on train tragedy)।

তেওঁ বিজেপি আৰু আৰ এছ এছক সমালোচনা কৰি কয় যে ভৱিষ্যতৰ প্ৰতি গুৰুত্ব দিয়াত ব্যৰ্থ বিজেপি । ৰাহুল গান্ধীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় গাড়ীখন চলাবলৈ চেষ্টা কৰি আছে । কিন্তু তেওঁ পিছফালৰ গ্লাছত চাই আছে । যাৰবাবে তেওঁ বুজি পোৱা নাই যে গাড়ীখন কিয় দুৰ্ঘটনাগ্ৰস্ত হৈছে । বিজেপি আৰু আৰ এছ এছৰ একেই ধাৰণা বুলি তেওঁ উল্লেখ কৰে ।

ভাৰতীয় প্ৰবাসীক সম্বোধন কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ কথা শুনিছে (Rahul Gandhi in US)। তেওঁলোকে কেতিয়াও ভৱিষ্যতৰ বিষয়ে একো নকয় । তেওঁলোকে কেৱল অতীতৰ কথা হে কয় ।

ৰাহুল গান্ধীয়ে লগতে কয় যে ভাৰতত দুটা মতাদৰ্শৰ মাজত যুঁজ চলি আছে । এটা কংগ্ৰেছৰ আৰু আনটো বিজেপি আৰু আৰ এছ এছৰ । তেওঁ এই যুঁজখন বৰ্ণনা কৰাৰ আটাইতকৈ সৰল উপায়ো উল্লেখ কৰে । ৰাহুল গান্ধীৰ মতে এফালে মহাত্মা গান্ধী আছে আৰু আনফালে নাথুৰাম গডছে আছে । তেওঁ লগতে ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ক আমেৰিকাত বাস কৰাৰ বাবে প্ৰশংসা কৰে ।

ৰাহুল গান্ধীৰ মতে ভাৰতত জন্ম লাভ কৰা এই লোকসকলৰ কিছুমান গুণ আছিল । প্ৰথমতে, তেওঁলোকে সত্যৰ বাবে অনুসন্ধান কৰিছিল, প্ৰতিনিধিত্ব কৰিছিল আৰু যুঁজ দিছিল । দ্বিতীয়তে, এই সকলো লোক নম্ৰ আছিল আৰু তেওঁলোকৰ মাজত কোনো অহংকাৰ নাছিল । এনেদৰেই ভাৰতীয়সকলে আমেৰিকা যুক্তৰাষ্ট্ৰত কাম কৰিছে আৰু সেয়েহে ভাৰতীয়সকল ইয়াত সফল হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Rahul Gandhi on BJP: আমি বিজেপিক পৰাজিত নহয়, ভাঙি চুৰমাৰ কৰিছিলো; ৰাহুল গান্ধী

Last Updated : Jun 5, 2023, 1:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.