ETV Bharat / bharat

কেৰালাস্থিত ৰাহুল গান্ধীৰ কাৰ্যালয়ত প্ৰতিবাদ, SFIয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিভিন্ন সামগ্ৰী - কেৰালাস্থিত ৰাহুল গান্ধীৰ কাৰ্যালয়ত প্ৰতিবাদ

ৰাহুল গান্ধীৰ বিৰুদ্ধে ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ প্ৰতিবাদ (SFI protest against Rahul Gandhi)। কেৰালাস্থিত তেওঁৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে উত্তেজিত প্ৰতিবাদকাৰীয়ে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা ।

Rahul Gandhi
কেৰালাস্থিত ৰাহুল গান্ধীৰ কাৰ্যালয়ত প্ৰতিবাদ
author img

By

Published : Jun 24, 2022, 8:18 PM IST

নেশ্যনেল ডেস্ক,২৪ জুন : সমগ্ৰ দেশৰ প্ৰতিটো সুৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত নিৰ্ধাৰিত সীমাৰ পৰা আৰম্ভ কৰি নিম্নতম এক কিলোমিটাৰলৈকে বাধ্যতামূলক পৰিৱেশ-সংবেদনশীল অঞ্চল থাকিব লাগে বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে (Supreme Court order on wildlife buffer zone)। এই নিৰ্দেশনাৰ পাছতে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । এই নিৰ্দেশনা সম্পৰ্কত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া নিদিয়াৰ বাবেই তেওঁৰ বিৰুদ্ধ জাঙুৰ খাই উঠিল ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়া চমুকৈ এছএফআই ।

নেতাগৰাকীৰ বিৰুদ্ধে তেওঁৰ সমষ্টি ৱায়ানাডত শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে । সমষ্টিটোত থকা তেওঁৰ দলীয় কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাৰ্যালয়টো লণ্ড ভণ্ড কৰে (SFI ransack Rahul Gandhi Wayanad office)। এছএফআই কৰ্মীসকলে কাৰ্যালয়ৰ ভিতৰৰ বিভিন্ন সামগ্ৰীও ভাঙি পেলায় (SFI vandalize Rahul Gandhi MP office)।

ৰাহুল গান্ধীৰ কাৰ্যালয়টোত আয়োজন কৰা প্ৰতিবাদে এটা সময়ত হিংসাত্মক ৰূপ ধাৰণ কৰে । যাৰ বাবে প্ৰতিবাদকাৰীক ছত্ৰভঙ্গ দিবলৈ আৰক্ষীয়ে লাঠি চালনাও কৰিবলগীয়া হয় । এই ঘটনাৰ পাছতে কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

কংগ্ৰেছে অভিযোগ কৰা মতে, আৰক্ষীয়ে ৰাহুল গান্ধীৰ কাৰ্যালয়ত হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ এছএফআই কৰ্মীসকলক সমৰ্থন কৰিছে । কংগ্ৰেছে অভিযোগ কৰা মতে ৰাহুল গান্ধীৰ কাৰ্যালয়ৰ সম্পাদক আগষ্টিন পালপাল্লিকো এছএফআই কৰ্মীসকলে আক্ৰমণ কৰিছে । ঘটনাটোৰ পিছত, কংগ্ৰেছ কৰ্মীসকলো ঘটনাস্থলীলৈ ৰাওনা হয় । ইফালে চিপিআই(এম)য়ে স্পষ্ট কৰি দিয়ে যে দলটোৰ এই প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাটো তেওঁলোকে বিচৰা নাছিল ।

লগতে পঢ়ক :Protests against Agnipath scheme : ছেকেন্দ্ৰাবাদ কাণ্ডৰ মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.