ETV Bharat / bharat

Rahul Gandhi in USA : ৰাহুল গান্ধীয়ে কেতিয়া কলে "হেল্ল' ! মিঃ মোদী ।"

author img

By

Published : Jun 1, 2023, 5:58 PM IST

পেগাছাছ স্পাইৱেৰ আৰু একে ধৰণৰ প্ৰযুক্তিৰ বিষয়ত ৰাহুলে দৰ্শকসকলক কয় যে তেওঁ এই বিষয়ে চিন্তিত নহয় (Rahul Gandhi on Pegasus spyware) । আনহাতে, তেওঁ লগতে কয় যে এটা সময়ত তেওঁ জানিছিল যে তেওঁৰ ফোনটো টেপ কৰা হৈছে । আৰু সেয়ে ধেমালিতে তেওঁৰ আইফোনত কৈছিল, "হেল্ল' ! মিঃ মোদী ।"

Rahul Gandhi in USA
Rahul Gandhi in USA

নিউজ ডেস্ক, ১ জুন : বৰ্তমান আমেৰিকা ভ্ৰমণত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Congress leader Rahul Gandhi USA visit) বুধবাৰে পুনৰ পেগাছাছ প্ৰসংগ উত্থাপন কৰে (Rahul Gandhi on Pegasus spyware in USA) । এই প্ৰসংগত তেওঁ কয়, তেওঁ জানে যে কৃত্ৰিম বুদ্ধিমত্তা আৰু অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত পথপ্ৰদৰ্শক হিচাপে কাম কৰাৰ বাবে জনাজাত ছিলিকন ভেলী-ভিত্তিক ষ্টাৰ্টআপ উদ্যোগীসকলৰ সৈতে তথ্য সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ে কথা কোৱাৰ সময়ত তেওঁৰ ফোনটো টেপ কৰা হৈছিল (Rahul Gandhi on Artificial Intelligence) ।

  • It was a pleasure to engage with the learned audience at @Stanford on 'The New Global Equilibrium'.

    We discussed the challenges and opportunities of a changing world order. Actions based on truth is the way forward. pic.twitter.com/6tEoCV6OsM

    — Rahul Gandhi (@RahulGandhi) June 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য, ৰাহুল গান্ধীয়ে প্লাগ এণ্ড প্লে প্ৰেক্ষাগৃহত সন্মুখৰ শাৰীত বহি (Rahul Gandhi at Plug and Play auditorium) ইণ্ডিয়ান অ'ভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোডা আৰু ভাৰতৰ পৰা তেওঁৰ সৈতে ভ্ৰমণ কৰা আন কিছুসংখ্যক গুৰুত্বপূৰ্ণ সহায়কৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা, বিগ ডাটা, মেচিন লাৰ্ণিং আৰু সেইবোৰৰ মানৱজাতিৰ ওপৰত প্ৰভাৱৰ দৰে বিষয়ত বিশেষজ্ঞসকলৰ সৈতে এক আলোচনাত মিলিত হয়। লগতে উক্ত বিষয়বোৰৰ সমাজ কল্যাণৰ ব্যৱস্থা আৰু অপপ্ৰচাৰ তথা ভুল তথ্য প্ৰচাৰৰ বিষয়তো আলোচনা কৰে ।

এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয় যে তথ্য হৈছে নতুন সোণ আৰু ভাৰতৰ দৰে দেশে ইয়াৰ প্ৰকৃত সম্ভাৱনা উপলব্ধি কৰিছে । তেওঁ কয়, "তথ্যৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত উপযুক্ত নিয়মাৱলী থকাটো প্ৰয়োজন"। অৱশ্যে পেগাছাছ স্পাইৱেৰ আৰু একে ধৰণৰ প্ৰযুক্তিৰ বিষয়ত ৰাহুল গান্ধীয়ে দৰ্শকসকলক কয় যে তেওঁ এই বিষয়ে চিন্তিত নহয় । আনহাতে, তেওঁ লগতে কয় যে এটা সময়ত তেওঁ জানিছিল যে তেওঁৰ ফোনটো টেপ কৰা হৈছে । আৰু সেয়ে ধেমালিতে তেওঁৰ আইফোনত কৈছিল, "হেল্ল' ! মিঃ মোদী ।"

"মই অনুমান কৰোঁ যে মোৰ আইফোনটো টেপ কৰা হৈছে । এখন ৰাষ্ট্ৰ হিচাপে আৰু এজন ব্যক্তি হিচাপে তথ্যৰ গোপনীয়তাৰ সন্দৰ্ভত নিয়ম প্ৰৱৰ্তন কৰিব লাগিব ।" তেওঁ কয় । "যদি এখন ৰাষ্ট্ৰই সিদ্ধান্ত লয় যে তেওঁলোকে আপোনাৰ ফোনটো টেপ কৰিব বিচাৰে, তেন্তে কোনেও আপোনাক বাধা দিব নোৱাৰে । এয়াই মোৰ বোধ ।" তেওঁ লগতে কয় । "যদি ৰাষ্ট্ৰই ফোন টেপ কৰিবলৈ আগ্ৰহী, তেন্তে ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াটো যুগুত নহয় । মই ভাবোঁ মই যি কাম কৰোঁ, সেয়া চৰকাৰৰ ওচৰত উপলব্ধ ।" তেওঁ দাবী কৰে ।

উল্লেখ্য, কেলিফ'ৰ্ণিয়াৰ ছানীভেলৰ (Sunnyvale in California) বাহিৰত প্লাগ এণ্ড প্লে টেক চেণ্টাৰ হৈছে ষ্টাৰ্টআপৰ সৰ্ববৃহৎ ইনকিউবেটৰ । ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপক ছায়িদ আমিদিৰ মতে, প্লাগ এণ্ড প্লেৰ প্ৰতিষ্ঠাপক ষ্টাৰ্টআপৰ ৫০ শতাংশতকৈও অধিক ভাৰতীয় বা ভাৰতীয় আমেৰিকান । অনুষ্ঠানটোৰ পিছত আমিদীয়ে পিটিআইৰ আগত কয় যে ৰাহুল গান্ধীয়ে তথ্য-প্ৰযুক্তি খণ্ডৰ বিষয়ে গভীৰ জ্ঞান দেখুৱাইছে আৰু শেহতীয়া আৰু অত্যাধুনিক প্ৰযুক্তিৰ বিষয়ে তেওঁৰ জ্ঞান যথেষ্ট চিত্তাকৰ্ষক ।

ফিক্সনিক্স ষ্টাৰ্টআপৰ (FixNix Startup) প্ৰতিষ্ঠাপক আমিদি আৰু শ্বন শংকৰনৰ সৈতে এক বাৰ্তালাপত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে ভাৰতৰ প্ৰান্তীয় গাঁওসমূহৰ সাধাৰণ মানুহৰ ওপৰত প্ৰভাৱ পৰিব পৰাকৈ সকলো প্ৰযুক্তি সংযোগ কৰিবলৈ চেষ্টা কৰে ।

"যদি আপুনি ভাৰতত যিকোনো প্ৰযুক্তি প্ৰসাৰ কৰিব বিচাৰে, তেন্তে আপোনাৰ এনে এক ব্যৱস্থা থাকিব লাগিব য'ত ক্ষমতা তুলনামূলকভাৱে বিকেন্দ্ৰীভূত হয় ।" তেওঁ এক প্ৰশ্নৰ উত্তৰত এনেদৰে কয় । তাৰ পিছত তেওঁ আমন্ত্ৰিত উদ্যোগীসকলৰ নিৰ্বাচিত এটা অংশৰ সৈতে তেওঁৰ ড্ৰোন প্ৰযুক্তিৰ ব্যক্তিগত অভিজ্ঞতা আৰু ইয়াৰ নিয়ন্ত্ৰণৰ বিষয়ে মত বিনিময় কৰে । তেওঁৰ মতে, "এই ক্ষেত্ৰত বৃহৎ আমোলাতান্ত্ৰিক বাধাৰ সন্মুখীন হৈছে ।"

উল্লেখ্য যে প্লাগ এণ্ড প্লেত কৃত্ৰিম বুদ্ধিমত্তা অনুষ্ঠানৰ বাবে গান্ধীক আতিথ্য দিয়া শংকৰনে কয় যে প্ৰযুক্তিবিদ্যাৰ শেহতীয়া বিকাশৰ বিষয়ে তেওঁ দেখুওৱা জ্ঞানৰ বিষয়ত তেওঁ যথেষ্ট প্ৰভাৱিত হৈছে ।

লগতে পঢ়ক :Nepal PM meet PM Modi : ভাৰত আৰু নেপালৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.