ETV Bharat / bharat

Flying Kiss Controversy: ৰাহুল গান্ধীৰ ছোৱালীৰ কোনো অভাৱ নাই; ফ্লায়িং কিছ সন্দৰ্ভত কংগ্ৰেছ বিধায়িকা নীতু সিঙৰ চাঞ্চল্যকৰ মন্তব্য - MLA Neetu sing slams Smriti Irani

বিহাৰৰ কংগ্ৰেছ বিধায়িকা নীতু সিঙে ৰাহুল গান্ধীৰ 'ফ্লায়িং কিছ' সন্দৰ্ভত এক ডাঙৰ বিবৃতি দিছে । তেওঁ কয়, "ৰাহুল গান্ধীৰ জীৱনত ছোৱালীৰ কোনো অভাৱ নাই, যিয়ে এগৰাকী ৫০ বছৰীয়া মহিলাক চুম্বন কৰিব ।"

Rahul Gandhi Flying Kiss Controversy
Rahul Gandhi Flying Kiss Controversy
author img

By

Published : Aug 11, 2023, 1:53 PM IST

নিউজ ডেস্ক, ১১ আগষ্ট : সদনত ৰাহুল গান্ধীৰ 'ফ্লায়িং কিছ'ৰ বিষয়টোৱে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে । তাৰ মাজতে এইবাৰ এই বিতৰ্কত এক নতুন মাত্ৰা প্ৰদান কৰিছে কংগ্ৰেছৰ এগৰাকী বিধায়িকাই । বিজেপি নেত্ৰী স্মৃতি ইৰাণীৰ অভিযোগৰ পিছত কংগ্ৰেছ নেতাসকলে নিৰন্তৰভাৱে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি আহিছে । এইবাৰ এই ক্ৰমত যোগ দিলে বিহাৰৰ কংগ্ৰেছ বিধায়িকা নীতু সিঙে । তেওঁ ৰাহুল গান্ধীৰ সপক্ষে এক ডাঙৰ কথা কৈছে ।

কংগ্ৰেছ বিধায়িকা নীতু সিঙে এক বিতৰ্কিত মন্তব্য দি কৈছে, "আমাৰ নেতা ৰাহুল গান্ধীৰ ছোৱালীৰ কোনো অভাৱ নাই । যদি ৰাহুল গান্ধীয়ে ফ্লায়িং কিছ দিবলগা হয়, তেন্তে তেওঁ এগৰাকী ৫০ বছৰীয়া মহিলাক কিয় দিব ?" সেয়েহে স্মৃতি ইৰাণীয়ে উত্থাপন কৰা সকলো অভিযোগ ভিত্তিহীন বুলি তেওঁ কয় । ইয়াত কোনো ফ্লায়িং কিছৰ ঘটনা নাই । কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে নিজৰ ফালে এবাৰ চাওক । যিগৰাকী বান্ধৱীয়ে তেওঁক আশ্ৰয় দিছিল আৰু সহায় কৰিছিল, তেওঁৰেই স্বামীক তেওঁৰ পৰা আঁতৰাই আনি বিয়া কৰাইছিল ।

নীতু সিঙে কয় যে স্মৃতি ইৰাণীয়ে আমাৰ নেতা ৰাহুল গান্ধীৰ বিষয়ে কৈছে । কিন্তু তেওঁ এনে প্ৰশ্ন উত্থাপন কৰাৰ বাবে লজ্জিত হোৱা উচিত । "আমি সকলোৱে ভিডিঅ'টো দেখিছোঁ । তাত তেনেকুৱা একো হোৱা নাই । ৰাহুল গান্ধীয়ে অধ্যক্ষৰ ফালে আঙুলিয়াই আছিল আৰু মই নাজানো স্মৃতি ইৰাণীয়ে কেনেকৈ বুজি পাইছিল যে ৰাহুল গান্ধীজীয়ে তেওঁক এটা ফ্লায়িং কিছ দিছিল ।" নীতু সিঙে কয় ।

তেওঁ লগতে কয়, স্মৃতি ইৰাণীয়ে যি অভিযোগ কৰিছে সদনত তেনে একো হোৱা নাই । এই সকলোবোৰ স্মৃতি ইৰাণীৰ এক সুচিন্তিত ষড়যন্ত্ৰ । তেওঁ ভুল তথ্য প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছে । নীতু সিঙে তেওঁৰ সমষ্টিৰ পৰা এই বিবৃতি প্ৰদান কৰে ।

"ৰাহুল গান্ধীৰ ছোৱালীৰ কোনো অভাৱ নাই । যদি ৰাহুল গান্ধীয়ে ফ্লায়িং কিছ দিবলগা হয়, তেন্তে তেওঁ এগৰাকী ৫০ বছৰীয়া মহিলাক কিয় দিব ? স্মৃতি ইৰাণীয়ে লজ্জিত হোৱা উচিত যে, তেওঁক যিগৰাকী মহিলাই আশ্ৰয় দিছিল আৰু সহায় কৰিছিল, তেওঁৰে স্বামীৰ সৈতে পলাই গৈছিল আৰু বিবাহপাশত আবদ্ধ হৈছিল । ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ সম্পূৰ্ণ ভুল । মই ভিডিঅ'টোত তেনেকুৱা একো দেখা নাই ।" কংগ্ৰেছ বিধায়িকা নীতু সিঙে কয় ।

লগতে পঢ়ক :MP Adhir Ranjan Chowdhury suspension : অধীৰ ৰঞ্জন চৌধুৰীৰ নিলম্বনক লৈ বৈঠকৰ আহ্বান ছোনিয়া গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.