ETV Bharat / bharat

Rahul Gandhi disqualification : সংসদৰ পৰা ক'লা প্ৰতিবাদ অব্যাহত ৰাখিব কংগ্ৰেছে

ৰাহুল গান্ধীৰ অযোগ্যতাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদে মঙলবাৰে তৃতীয় দিনত প্ৰৱেশ কৰিব (Rahul Gandhi disqualification imbroglio) । জানিব পৰা মতে, কংগ্ৰেছৰ সমভাবাপন্ন বিৰোধী দলৰ সদস্যসকলে তেওঁলোকৰ সৈতে এই প্ৰতিবাদত যোগদান কৰিব ।

author img

By

Published : Mar 28, 2023, 10:22 AM IST

Rahul Gandhi controversy
Rahul Gandhi controversy

নিউজ ডেস্ক, ২৮ মাৰ্চ : প্ৰাক্তন সাংসদ ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ বিৰুদ্ধে কংগ্ৰেছে দেশজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে (Congress protest against Rahul Gandhi disqualification) । আনহাতে, এই প্ৰতিবাদত বহুকেইটা বিৰোধী দলেও যোগদান কৰা দেখা গৈছে । ইফালে কংগ্ৰেছে মঙলবাৰে সংসদ চৌহদত গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জনাইছে (Congress protest at Gandhi Statue at Parliament premises) । সোমবাৰে সন্ধিয়া কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত বিৰোধী দলৰ বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হয় ।

উল্লেখ্য যে ৰাহুল গান্ধীক শুকুৰবাৰে সংসদত অযোগ্য ঘোষণা কৰাৰ পিছত কংগ্ৰেছে একেৰাহে তৃতীয়দিনাও প্ৰতিবাদ সাব্যস্ত কৰিব (congress with oppositions protest against Modi govt) । মোডী চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰচাৰৰ ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অনুষ্ঠিত বৈঠকত ডিএমকে, এনচিপি, জেডি-ইউ, ভাৰত ৰাষ্ট্ৰ সমিতি, চিপিআই-এম, চিপিআই, আপ, এমডিএমকে, টিএমচি, আৰএছপি, আৰজেডি, নেচনেল কনফাৰেন্স, আইইউএমএল, সমাজবাদী পাৰ্টী আৰু জেএমএমকে ধৰি ১৮ টা বিৰোধী দলৰ নেতা উপস্থিত আছিল (Congress to continue black protest from Parliament) ।

ইফালে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ ঐক্য প্ৰদৰ্শনত টিএমচিৰ অংশগ্ৰহণ আশ্বৰ্যকৰ হ'লেও দেশৰ ৰাজনীতিৰ সবাতোকৈ পুৰণি দলটোৰ জ্যেষ্ঠসকলে ইয়াক আদৰণি জনাইছে । আনহাতে, উক্ত বৈঠকত এক উল্লেখনীয় অনুপস্থিতি হৈছে উদ্ধৱ থাকৰেৰ শিৱসেনা । কিয়নো উদ্ধৱ থাকৰেয়ে ছাভাৰকাৰ সন্দৰ্ভত ৰাহুলৰ মন্তব্যত সন্তুষ্ট নহয় (Rahul Gandhi Modi surname controversy) ।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে সতৰ্ক কৰি দিছিল যে এইটো অপচয় কৰাৰ সময় নহয় । লগতে ৰাহুলক ছাভাৰকাৰক মৌখিকভাৱে আক্ৰমণ কৰিবলৈ প্ৰৰোচিত নহ'বলৈ আহ্বান জনাইছিল । "মোৰ নাম ছাভাৰকাৰ নহয় । মই গান্ধী । গান্ধীয়ে ক্ষমা নিবিচাৰে ।" ৰাহুলে অযোগ্যতাৰ পিছত তেওঁৰ প্ৰথম সংবাদমেলত এনেদৰে কৈছিল ।

আনহাতে, তেওঁৰ অযোগ্যতাৰ আন এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত ৰাহুল গান্ধীক লোকসভাৰ হাউছিং কমিটীয়ে নিম্ন সদনৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিছত তেওঁৰ তোঘলক লেন বাংলো খালী কৰাৰ আনুষ্ঠানিক জাননী প্ৰদান কৰিছে । আনহাতে, ইয়াৰ বাবে সম্ভাৱ্য উচ্ছেদ পৰিহাৰ কৰিবলৈ তেওঁক 30 দিনৰ সময়সীমাৰ জাননীও দিয়া হৈছে ।

অৱশ্যে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে ঘৰটোক লৈ ৰাহুল চিন্তিত নহয়। দেশৰ গণতন্ত্ৰৰ বাবে যুঁজ দিয়াটো এই মুহূৰ্তত তেওঁৰ বাবে অধিক গুৰুত্বপূৰ্ণ বুলিও বেণুগোপালে কয় । উল্লেখ্য যে সোমবাৰে দুয়োখন সদন পুৱা স্থগিত ৰখাৰ পিছত বিৰোধীয়ে সংসদৰ পৰা বিজয় চ'কলৈ এক প্ৰতিবাদী সমদল উলিয়ায় । আনহাতে, কংগ্ৰেছে তেওঁলোকৰ প্ৰতিবাদকল্পে সংসদলৈ ক'লা ৰং পৰিধান কৰি অহাৰ সিদ্ধান্ত লয় ।

প্ৰণিধানযোগ্য যে ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ সময়ত ৰাহুল গান্ধীয়ে মোডী উপাধিৰ ওপৰত এক বিতৰ্কিত মন্তব্য কৰিছিল । উক্ত ভাষণৰ বিৰুদ্ধে গুজৰাটৰ এজন বিধায়কে 'মোডী উপাধি' মানহানিৰ গোচৰ দাখিল কৰে । উক্ত গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ৰাহুলক সংসদৰ পৰা অযোগ্য ঘোষণা কৰা হয় । ৰাহুল গান্ধীয়ে এক ৰাজনৈতিক ব্যংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পলাতক নীৰৱ আৰু ললিত মোডীৰ ওপৰত টিপ্পনি কৰি কৈছিল যে সকলো চোৰৰ উপাধি মোডী কিয় হয় ।

লগতে পঢ়ক :Rahul Gandhi statement over Savarkar : ৰাহুল গান্ধীক বিজেপিৰ আক্ৰমণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.