নিউজ ডেস্ক,20 এপ্ৰিল: কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ টুইটাৰযোগে এই কথা সদৰী কৰে নেতা গৰাকীয়ে ৷ তদুপৰি ৰাহুল গান্ধীয়ে কয় যে, তেওঁৰ শৰীৰত কৰ’ণাৰ সাধাৰণ লক্ষণ আছে । যিসকল লোক শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ আহিছে, তেওঁলোকে সুৰক্ষামূলক নীতি মানি চলি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে গান্ধীয়ে ।
উল্লেখ্য যে, দেশত কৰ’ণাৰ দ্বিতীয় ঢৌৰ মাজতে ৰাহুল গান্ধীয়ে দুদিন পূৰ্বে পশ্চিমবংগত সকলো নিৰ্বাচনী প্ৰচাৰ স্থগিত কৰে । তেওঁ কৈছিল, "ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মই পশ্চিমবংগত নিজৰ সকলো নিৰ্বাচনী সভা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছো । ৰাজনৈতিক দলসমূহে বুজা উচিত যে, এই সময়ত এই প্ৰচাৰ সভা জনতা আৰু দেশৰ বাবে কিমান বিপজ্জনক হ’ব পাৰে" ৷
লগতে পঢ়ক: ৰংজুলিত বাছৰ চেপাত থিতাতে নিহত কণ্ডাক্টৰ