ETV Bharat / bharat

ব্লেক ফাংগাছৰ চিকিৎসাক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন ৰাহুল গান্ধীৰ - ব্লেক ফাংগাছ

দেশত ব্লেক ফাংগাছ বা মিউকৰমাইক’ছিছ ঘটনা বৃদ্ধিকলৈ উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰক তিনিটা বিশেষ প্ৰশ্ন ৰাহুল গান্ধীৰ । কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিক সমালোচনা কৰাৰ লগতে দেশত ক'ভিড মহামাৰী আৰু ব্লেক ফাংগাছৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ "অদক্ষতা"ক দোষাৰোপ কৰে ।

black fungus
ব্লেক ফাংগাছৰ চিকিৎসাকলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন ৰাহুল গান্ধীৰ
author img

By

Published : Jun 1, 2021, 6:00 PM IST

নেশ্যনেল ডেস্ক, ১ জুন : দেশত ব্লেক ফাংগাছ বা মিউকৰমাইক’ছিছ ঘটনা বৃদ্ধিকলৈ উদ্বেগ প্ৰকাশ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । এই ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ভুমিকাক লৈ প্ৰশ্ন নেতাগৰাকীৰ । টুইটাৰৰ জৰিয়তে তেওঁৰ তিনিটা প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰলৈ ।

কেন্দ্ৰীয় চৰকাৰলৈ তেওঁৰ প্ৰথমটো প্ৰশ্ন, ‘এম্ফোটেৰিচিন বি ঔষধৰ অভাৱৰ বাবে কি কৰা হৈছে ?’ দ্বিতীয়তে, ‘ৰোগীক এই ঔষধ দিয়াৰ প্ৰক্ৰিয়া কি ?’ আৰু তৃতীয় প্ৰশ্ন, ‘চিকিৎসাৰ পৰিৱৰ্তে, চৰকাৰে জনসাধাৰণক কিয় আনুষ্ঠানিকতাত আৱদ্ধ কৰি ৰাখিছে ?’ ইফালে কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিক সমালোচনা কৰাৰ লগতে দেশত ক'ভিড মহামাৰী আৰু ব্লেক ফাংগাছৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অদক্ষতাক দোষাৰোপ কৰে ।

উল্লেখ্য যে, সমগ্ৰ দেশতে ক'ভিড-১৯ৰ ফলত ব্লেক ফাংগাছৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে, যাৰ বাবে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে । কৰ্ণাটকত এতিয়ালৈকে ১,২৫০ টা ঘটনা আৰু ৩৯ টা ব্লেক ফাংগাছ সম্পৰ্কীয় ৰোগত মৃত্যু হৈছে । মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত সংক্ৰমণৰ ফলত ৩৯ জন লোকৰ মৃত্যু হৈছে । শুকুৰবাৰে হিমাচল প্ৰদেশৰ চিমলাত দুজনৰ সংক্ৰমণত মৃত্যু হয় । উত্তৰ প্ৰদেশৰ মিৰাটত মুঠ ১৪৭ টা ব্লেক ফাংগাছৰ ঘটনা পোহৰলৈ আহিছে ।

লগতে পঢ়ক :শিশুৰ ক্ষেত্ৰত কৰ'ণাৰ প্ৰভাৱ কম: ইণ্ডিয়ান একাডেমী অব পেডিয়াট্ৰিক্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.