ETV Bharat / bharat

Rabindranath Tagore Jayanti 2023 : ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে পঢ়ক তেওঁৰ অমূল্য প্ৰেৰণাদায়ক উক্তি - চিত্ৰশিল্পী

ৰবীন্দ্ৰনাথ ঠাকুৰ এজন বঙালী কবি হোৱাৰ লগতে তেওঁ একাধাৰে গল্পকাৰ, গীতিকাৰ, প্ৰৱন্ধকাৰ, নাট্যকাৰ তথা এগৰাকী চিত্ৰশিল্পীও আছিল । ৰবীন্দ্ৰনাথ ঠাকুৰ নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় । গতিকে আজি তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ কিছুমান অমূল্য চিন্তা তথা ভাৱধাৰাৰ উক্তি বিষয়ে জানো আহক ।

Rabindranath Tagore Jayanti 2023: 13 powerful quotes of the Nobel laureate
ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে পঢ়ক তেওঁৰ অমূল্য প্ৰেৰণাদায়ক উক্তি
author img

By

Published : May 9, 2023, 1:20 PM IST

ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এজন মহান ভাৰতীয় কবি আৰু সাহিত্যিক । যিয়ে তেওঁৰ ৰচনা আৰু কবিতাৰে এজন ব্যক্তিৰ হৃদয় চুই গৈছিল । মহাত্মা গান্ধীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰক ‘গুৰুদেৱ’ উপাধি দিছিল । তেওঁৰ ৰচনাসমূহ আছিল অতি আকৰ্ষণীয় আৰু অনন্য । তেওঁক সাহিত্যৰ নোবেল বঁটাৰে সন্মানিত কৰা হয় (Rabindranath Tagore birthday)।

গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি ১৮৬১ চনৰ ৭ মে’ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল (Rabindranath tagore jayanti speech)। কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰ জয়ন্তী বাংলা পঞ্জিকা অনুসৰি পালন কৰা হয় আৰু বঙালী বৈশাখ মাহৰ (অসমীয়া ব’হাগ মাহ) ২৫ তাৰিখে । ২০২৩ বৰ্ষত ৯ মে' মঙলবাৰে ৰবীন্দ্ৰনাথ ঠাকুৰ জয়ন্তী পালন কৰা হয় । এই দিনটো কিছুমান ৰাজ্যত বন্ধৰ দিন হিচাপে পালন কৰা হয় (Rabindranath tagore jayanti 2023 holiday)। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰায় ২,২৩০টা গীত ৰচনা কৰিছিল (Rabindranath tagore jayanti holiday)। গতিকে তেওঁৰ জন্ম বাৰ্ষিকীত আমি তেওঁৰ অমূল্য চিন্তা তথা ভাৱধাৰাৰ উক্তি বিষয়ে জানো আহক -

ৰবীন্দ্ৰনাথ ঠাকুৰৰ অমূল্য উক্তি

  1. শিক্ষাৰ মূল উদ্দেশ্য স্পষ্টীকৰণ দিয়া নহয়, মনৰ দুৱাৰত টোকৰ মাৰি দিয়া ।
  2. সমস্যা আমালৈ নাহক বুলি প্ৰাৰ্থনা নকৰিব, কিন্তু প্ৰাৰ্থনা কৰক যাতে আমি সাহসেৰে তাৰ সন্মুখীন হ’ব পাৰো ।
  3. উচ্চ শিক্ষাই সেইটোৱেই নহয় যিয়ে আমাক কেৱল তথ্য দিয়ে, বৰঞ্চ আমাৰ জীৱনত সফলতাৰ এক নতুন মাত্ৰা প্ৰদান কৰে ।
  4. সুখী হোৱাটো অতি সহজ কিন্তু সহজ হোৱাটো অতি কঠিন ।
  5. যদি আপুনি সকলো ক্ৰুটিৰ বাবে দুৱাৰ বন্ধ কৰি লয় । তেন্তে সত্য বাহিৰত থাকিব ৷ তাৰ মানে সত্যৰ মৃত্যু হ’ব ।
  6. জীৱনক গ্ৰীষ্মকালৰ ফুলৰ দৰে আৰু মৃত্যুক শৰতত সৰি পৰা পাতৰ দৰে সুন্দৰ হ’বলৈ দিয়ক ৷
  7. আমি মহানতাৰ তেতিয়া অতি সমীপ থাকো যেতিয়া আমি বিনম্ৰতাত মহান হও ৷
  8. বন্ধুত্বৰ গভীৰতা পৰিচয়ৰ দৈঘ্যৰ ওপৰত নিৰ্ভৰ নকৰে ৷
  9. সকলো ভুলৰ দুৱাৰ বন্ধ কৰিলে সত্য বাদ পৰি যাব ।
  10. প্ৰেমে কৰ্তৃত্ব দাবী নকৰে, কিন্তু স্বাধীনতা দিয়ে ।
  11. কেৱল থিয় হৈ পানীলৈ চাই নদী পাৰ হ’ব নোৱাৰি ।
  12. যিজনে মনৰ বেদনা স্পষ্টকৈ প্ৰকাশ কৰিব নোৱাৰে, তেওঁৰ খং বেছি হয় ।
  13. যেনেকৈ বাহ শুই থকা চৰাইক আশ্ৰয় দিয়ে, একেদৰে নিস্তব্ধতাই আপোনাৰ বাক্যক আশ্ৰয় দিয়ে ।

লগতে পঢ়ক : Rose Water Face Mist: গ্ৰীষ্মকালত ছালক সতেজ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰক গোলাপৰ পানীৰে তৈয়াৰী এইবিধ প্ৰসাধন সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.