ETV Bharat / bharat

COVID-১৯: পঞ্জাৱত বন্ধ সকলো অংগনবাদী কেন্দ্ৰ

author img

By

Published : Mar 13, 2021, 6:17 PM IST

পঞ্জাৱৰ মন্ত্ৰী অৰুণা চৌধুৰীয়ে সকলো অংগনবাদী কেন্দ্ৰ বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । ৰেচন আৰু অন্যান্য সামগ্ৰী অংগনবাদী কৰ্মী-সহায়িকাসকলৰ জৰিয়তে প্ৰতি ঘৰে ঘৰে বিতৰণ কৰা হ'ব । যাতে হিতাধিকাৰীসকল পুষ্টিহীনতাত ভূগিবলগীয়া নহয় ।

COVID-১৯: পঞ্জাৱত বন্ধ সকলো অংগনবাদী কেন্দ্ৰ
COVID-১৯: পঞ্জাৱত বন্ধ সকলো অংগনবাদী কেন্দ্ৰ

নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: দেশৰ একাংশ ৰাজ্যত পুনৰ বৃদ্ধি হৈছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । আনকি কিছুমান স্থানত সান্ধ্য আইন জাৰি কৰাৰ লগতে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ পৰিৱেশৰো সৃষ্টি হৈছে । ছত্তিশগড়তো ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা । শনিবাৰে পঞ্জাৱৰ মন্ত্ৰী অৰুণা চৌধুৰীয়ে সকলো অংগনবাদী কেন্দ্ৰ বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । ৰেচন আৰু অন্যান্য সামগ্ৰী অংগনবাদী কৰ্মী-সহায়িকাসকলৰ জৰিয়তে প্ৰতি ঘৰে ঘৰে বিতৰণ কৰা হ'ব । যাতে হিতাধিকাৰীসকল পুষ্টিহীনতাত ভূগিবলগীয়া নহয় । জানুৱাৰী মাহত পঞ্জাৱ চৰকাৰে ঘোষণা কৰিছিল যে ৰাজ্যজুৰি শিশু আৰু অন্যান্য হিতাধিকাৰীসকলৰ বাবে সকলো অংগনবাদী কেন্দ্ৰ ১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ খোলা হ'ব ।

উল্লেখ্য যে, শুকুৰবাৰে পঞ্জাৱত COVID-১৯ ত আক্ৰান্ত হৈ ৩৪ জনৰ মৃত্যু হোৱাত নিহতৰ সংখ্যা ৬,০৩০ লৈ বৃদ্ধি পায় । আনহাতে ১,৪১৪ জনকৈ লোক নতুনকৈ আক্ৰান্ত হোৱাত মুঠ ১,৯৪,৭৫৩ জনলৈ বৃদ্ধি পায় আক্ৰান্তৰ সংখ্যা ।

লগতে পঢ়ক: বংগৰ প্ৰতিটো কোণত পদুম ফুলিব: অনুৰাগ ঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.