ETV Bharat / bharat

ৰাষ্ট্ৰপতিৰ অভ্যৰ্থনা অনুষ্ঠানত অনুপস্থিত: পঞ্জাবৰ মুখ্যমন্ত্ৰীক সমালোচনা ৰাজ্যপালৰ

author img

By

Published : Oct 9, 2022, 1:53 PM IST

"তেওঁ (মান) আনকি নিমন্ত্ৰণ গ্ৰহণ কৰিছিল । তেওঁৰ কিছু বাধ্যবাধকতা থাকিব পাৰে । তেওঁ যিমানেই ব্যস্ত নাথাকক কিয়, মই অনুভৱ কৰোঁ যে নিজৰ সাংবিধানিক দায়িত্ব পালন কৰাটো গুৰুত্বপূৰ্ণ ।" ৰাজ্যপালগৰাকীয়ে কয় (Punjab Governor criticized CM Mann) ।

Mann
Mann

নিউজ ডেস্ক, ৯ অক্টোবৰ : পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে (Punjab Chief Minister Bhagwant Mann) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰথম চণ্ডীগড় ভ্ৰমণৰ (President Droupadi Murmu first visit to Chandigarh) সময়ত অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্তই আম আদমী পাৰ্টী (AAP) আৰু পঞ্জাবৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতৰ মাজত এক নতুন বিবাদৰ সৃষ্টি কৰিছে । আনহাতে, উক্ত অনুষ্ঠানৰ পিছত এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে ৰাজ্যপালগৰাকীয়ে (Punjab Governor Banwarilal Purohit criticising CM) ।

ৰাজ্যপালগৰাকীয়ে কয় যে শনিবাৰে ৰাজভৱনলৈ মুৰ্মুক আদৰণি জনোৱাৰ (Punjab Governor welcoming Murmu to Raj Bhavan) সময়ত তেওঁ মুখ্যমন্ত্ৰীক অভ্যৰ্থনা অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল । মুখ্যমন্ত্ৰীয়ে তেওঁৰ আমন্ত্ৰণ গ্ৰহণ কৰিছিল । কিন্তু পিছত হয়তো কোনো বাধ্যবাধকতাৰ বাবে তেওঁ তাত উপস্থিত নাথাকিবলৈ সিদ্ধান্ত লয় । ৰাজ্যপালগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী মানে অনুষ্ঠানটোলৈ তেওঁৰ এজন প্ৰতিনিধি পঠিয়ায় ।

"তেওঁ (মান) আনকি নিমন্ত্ৰণ গ্ৰহণ কৰিছিল । তেওঁৰ কিছু বাধ্যবাধকতা থাকিব পাৰে । তেওঁ যিমানেই ব্যস্ত নাথাকক কিয়, মই অনুভৱ কৰোঁ যে নিজৰ সাংবিধানিক দায়িত্ব পালন কৰাটো গুৰুত্বপূৰ্ণ ।" ৰাজ্যপালগৰাকীয়ে কয় (Punjab Governor slams CM Mann) ।

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীক ৰাজ্যপালৰ এই সমালোচনাত আপ চৰকাৰৰ কেবিনেট মন্ত্ৰী অমন অৰোৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । উল্লেখ্য, অৰোৰা অনুষ্ঠানটোত উপস্থিত আছিল আৰু তেওঁ কয় যে ৰাজ্যপালে ৰাজভৱনৰ মঞ্চৰ পৰা এটা ৰাজনৈতিক বিষয় উত্থাপন কৰাটো দুৰ্ভাগ্যজনক ।

অৰোৰাই লগতে কয় যে মুখ্যমন্ত্ৰীৰ এটা পূৰ্ব নিৰ্ধাৰিত অনুষ্ঠান আছিল আৰু সেয়ে মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে তেওঁক ৰাষ্ট্ৰপতিক অভ্যৰ্থনা জনাবলৈ নিযুক্ত কৰিছিল । তেওঁ লগতে কয় যে অনুষ্ঠানটোত আন পাঁচজন কেবিনেট মন্ত্ৰী আৰু সকলো জ্যেষ্ঠ আমোলা উপস্থিত আছিল । "তথাপি সন্মানীয় ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই দুৰ্ভাগ্যজনক মন্তব্য কৰে ।" তেওঁ লগতে কয় । আনহাতে, ৰাজ্যপাল পুৰোহিতক এনে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈও তেওঁ কয় ।

উল্লেখ্য, পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে যোৱা ২২ ছেপ্টেম্বৰত এক বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰিছিল ৰাজ্যপালৰ পৰা । কিন্তু ৰাজ্যপালে এই আবেদন প্ৰত্যাহাৰ কৰে । ইয়াৰ পিছতে দুয়োৱে ইজনে সিজনৰ সৈতে বিবাদত লিপ্ত হয় ষ উক্ত বিবাদৰ কেইদিনমান পিছতে এই ঘটনাটো সংঘটিত হৈছে । উল্লেখ্য, চৰকাৰে উক্ত বিশেষ অধিবেশনত সদনত কেৱল আস্থা প্ৰস্তাৱ আনিব বিচাৰিছিল । অৱশেষত ৰাজ্যপালে ২২ ছেপ্টেম্বৰত এক বিশেষ অধিবোশন অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰদান কৰে । সেই সময়ত চৰকাৰে সদনত কেৱল আস্থা প্ৰস্তাৱ আনিব বিচাৰে ।

আনহাতে, বিৰোধী দলবোৰেও বিষয়টোক লৈ মানক তীব্ৰ সমালোচনা কৰিছে । শিৰোমণি অকালি দলৰ মুখ্য মুখপাত্ৰ ড৹ দলজিৎ সিং চিমাই কয়, "মুখ্যমন্ত্ৰী মানক ধন্যবাদ, পাঞ্জাবীসকলে দেশৰ সন্মুখত আকৌ এবাৰ লজ্জিত হৈছে । ভগৱন্ত মানে জানিব লাগে যে মুখ্যমন্ত্ৰী পদৰ সৈতে কিছুমান দায়িত্ব আছে । কেজৰিৱালৰ দৰে তেৱোঁ উক্ত দায়িত্ববোৰ পাহৰি গৈছে ।"

ইফালে বিজেপি নেতা অনিল চাৰিনে কয় যে দেশৰ ৰাষ্ট্ৰপতি পঞ্জাবলৈ অহাটো দুখৰ বিষয় । কিয়নো মুখ্যমন্ত্ৰীয়ে তেওঁক অভ্যৰ্থনা কৰিবলৈ ৰাজভৱনত উপস্থিত হোৱা নাছিল ।

লগতে পঢ়ক :তান্ত্ৰিক আৰু পঞ্জিকাক অনুসৰণ কৰি কে চি আৰে সলালে দলৰ নাম : সীতাৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.