ETV Bharat / bharat

Ludhiana Court blast: বিস্ফোৰণৰ সৈতে ড্ৰাগছ মাফিয়া জড়িত থকাৰ সন্দেহ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Dec 24, 2021, 4:46 PM IST

বৃহস্পতিবাৰে পঞ্জাৱৰ লুধিয়ানা আদালতত সংঘটিত বোমা বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে কয় যে, এই ঘটনাৰে ড্ৰাগছ মাফিয়া জড়িত থকাৰ সন্দেহ কৰা হৈছে(Charanjit Singh Channi on Ludhiana Court blast) । বৰ্তমান পঞ্জাৱ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে ।

Ludhiana Court blast
বিস্ফোৰণৰ সৈতে ড্ৰাগছ মাফিয়া জড়িত থকাৰ সন্দেহ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ: পঞ্জাৱৰ লুধিয়ানা আদালতত বৃহস্পতিবাৰে সংঘটিত বোমা বিস্ফোৰণৰ আঁৰত প্ৰকৃততে কোন জড়িত হৈ আছে সেয়া এতিয়াও পোহৰলৈ অহা নাই । এই সন্দৰ্ভত পঞ্জাৱ আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ মাজতে শুকুৰবাৰে মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে কয় যে, এই ঘটনাৰে ড্ৰাগছ মাফিয়া জড়িত থকাৰ সন্দেহ কৰা হৈছে(Charanjit Singh Channi suspects drug mafia link) । তেওঁ কয় যে, পঞ্জাৱ আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে । মোহালি আদালতত এটা গোচৰ তালিকাভুক্ত কৰাৰ পিছতে লুধিয়ানা আদালতত বিস্ফোৰণ সংঘটিত হৈছিল(Ludhiana court blast and drug mafia) ।

তেওঁ কয় যে, ইয়াৰ মাজত কোনো সম্পৰ্ক থাকিব পাৰে । উল্লেখ্য যে, বৃহস্পতিবাৰে লুধিয়ানাৰ জিলা আদালত চৌহদত বোমা বিস্ফোৰণৰ সংঘটিত হৈছিল । এই বিস্ফোৰণত এজন লোক নিহত হোৱাৰ লগতে আন ৬ জন আহত হয় । নিহত ব্যক্তিজনেই বিস্ফোৰণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

আনহাতে, এই ঘটনাৰ পাচতে শুকুৰবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু অমৃতসৰ বিমানবন্দৰত উপস্থিত হয় আৰু লুধিয়ানা আদালতৰ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে(Kiren Rijiju visits district court complex in Ludhiana) । তেওঁ সংবাদ মাধ্যমক জনায় যে, কেন্দ্ৰীয় চৰকাৰে এই ঘটনাৰ পুংখানুপুংখ তদন্ত কৰাটো তেওঁলোকৰ দায়িত্ব বুলি বিবেচনা কৰে(Kiren Rijiju's reaction on Ludhiana bomb blast) ।

তেওঁ লগতে কয় যে, পঞ্জাৱ এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্য আৰু সেয়েহে এনে ধৰণৰ ঘটনাৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই বিষয়ে তেওঁ ৰাজ্যখনৰ বিষয়া, অধিবক্তা আৰু ন্যায়িক বিষয়াসকলৰ সৈতে আলোচনা কৰিব । ইফালে, গৃহ মন্ত্ৰালয়ে বোমা বিস্ফোৰণৰ সন্দৰ্ভত পঞ্জাৱ চৰকাৰৰ পৰা বিতং প্ৰতিবেদন বিচাৰিছে । প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি, জিলা আদালত চৌহদত নিশা প্ৰায় ১২.১৫ বজাত এই বিস্ফোৰণ সংঘটিত হয় ।

লুধিয়ানাৰ আৰক্ষী আয়ুক্ত গুৰপ্ৰীত ভুল্লাৰে জনাইছে যে, বিস্ফোৰণটো আদালত ভৱনৰ দ্বিতীয় মহলাৰ এটা শৌচালয়ৰ ওচৰত সংঘটিত হৈছিল । এয়া মানৱ বোমা বিস্ফোৰণৰ ঘটনা বুলিও ভুল্লাৰে সন্দেহ প্ৰকাশ কৰে । কিয়নো বিস্ফোৰণস্থলীৰ ওচৰত এজন সন্দেহজনক লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল । আৰক্ষীয়ে সন্দেহ কৰিছে যে, হয়তো লোকজনে বোমাটো কঢ়িয়াই আনিছিল অথবা তেওঁ বোমা বিস্ফোৰণৰ সময়ত ওচৰত আছিল ।

আৰক্ষীয়ে মৃত ব্যক্তিজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে বুলিও আৰক্ষীয়ে বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে নিশ্চিত কৰে যে, বোমাটো আদালত চৌহদৰ শৌচাগাৰত ৰখা হৈছিল । তেওঁ লগতে কয় যে, আদালতত চেন্সৰ আৰু অন্যান্য অগ্নি-সুৰক্ষা সুবিধা সক্ৰিয় হৈ থকা নাই । বিস্ফোৰণৰ পিছতে ৰাজ্যখনত অধিক সতৰ্কতা জাৰি কৰা হৈছে ।

লগতে পঢ়ক:Blast in Ludhiana District Court : আদালতৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণত নিহত এক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.