নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: পঞ্জাৱত বিজেপি নেতাৰ ওপৰত গুলীচালনা (Punjab BJP leader shot death)। পঞ্জাৱ বিজেপিৰ অনুসূচীত জাতিৰ সাধাৰণ সম্পাদক বলবিন্দৰ গিলক বাইকত অহা দুজন অচিনাক্ত ব্যক্তিয়ে জান্দালিয়া গুৰু অঞ্চলত থকা তেওঁৰ বাসগৃহত গুলীয়াই । বলৱিন্দৰ গিলক ততাতৈয়াকৈ ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয়। কঁকালত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নেতাগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷
এই ঘটনাৰ পিচতেই অমৃতসৰ গ্ৰাম্যৰ এছএছপি সতীন্দৰ সিঙকে ধৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে ইতিমধ্য়ে এই গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে (SSP Amritsar rural)। এছএছপিয়ে কয় যে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে এই সন্দৰ্ভত কোনো তথ্য় লাভ কৰা নাই ।
লগতে পঢ়ক: Bathinda firing case: বাথিণ্ডা কাণ্ডৰ সৈতে জড়িতৰ সন্দেহত সেনা জোৱান আটক
প্ৰাৰম্ভিক তথ্য অনুসৰি, বলৱিন্দৰ গিল দেওবাৰে সন্ধিয়া তেওঁৰ ঘৰত থকা সময়তেই দুজন বাইক আৰোহী উপস্থিত হৈ ঘৰৰ বেল বজাইছিল । তেওঁ দুৱাৰখন খুলি দিয়াৰ লগে লগে সশস্ত্ৰ আক্ৰমণকাৰীসকলে তেওঁলৈ লক্ষ্য় কৰি গুলীয়াই পলায়ন কৰে । ইয়াৰ পিচতেই তেওঁৰ পৰিয়ালৰ সদস্যসকল ঘৰৰ বাহিৰলৈ ওলাই আহি তেওঁক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় ।
আৰক্ষীয়ে অপৰাধীসকলৰ বিষয়ে শুংসূত্ৰ বিচাৰি অঞ্চলটোত চিচিটিভি কেমেৰাসমূহ পৰীক্ষা কৰি আছে । পঞ্জাৱ বিজেপিৰ মুখপাত্ৰ জনাৰ্দন শৰ্মাই এই ঘটনাটোক গৰিহণা দি কয় যে ৰাজ্যখনত আইন-শৃংখলাৰ পৰিস্থিতি সম্পূৰ্ণৰূপে অৱনতি ঘটিছে (Punjab BJP Spokesman)। তেওঁ কয় যে বলৱিন্দৰ গিলে আন এজন জ্যেষ্ঠ বিজেপি নেতা কেৱাল কুমাৰৰ সৈতে জলন্ধৰত প্ৰচাৰৰ পৰা উভতি আহিছে । তেওঁক ঘৰৰ বাহিৰত থৈ অহাৰ পিচত কেৱাল অমৃতসৰলৈ গুচি যায় । পঞ্জাৱ বিজেপিৰ মুখপাত্ৰ জনাৰ্দন শৰ্মাই কয় যে মুখত কাপোৰ বান্ধি অহা দুজন বাইক আৰোহীয়ে বলৱিন্দৰ গিলক তেওঁৰ ঘৰৰ বাহিৰত গুলীয়াইছিল ।