ETV Bharat / bharat

Punjab Election Results 2022: পঞ্জাৱত কোনে মাৰিব শেষ হাঁহি ?

আজি ঘোষণা হ’ব বহু প্ৰত্যাশিত 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল (Punjab Election Results 2022) ৷ পুৱা 8 বজাৰ লগে লগে আৰম্ভ হ’ল উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰৰ ভোটগণনা ৷ পঞ্জাৱত কোনে গঠন কৰিব চৰকাৰ ? তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে ৷

Punjab Eassembly Election results
পঞ্জাৱত কোনে মাৰিব শেষ হাঁহি ?
author img

By

Published : Mar 10, 2022, 8:11 AM IST

নিউজ ডেস্ক, 10 মাৰ্চ : 117 খন আসনৰ সৈতে পঞ্জাৱত কোনে গঠন কৰিব চৰকাৰ ? পুৰণি পৰম্পৰাৰ অনুসৰি চৰকাৰ সলনি হ'ব নতুবা কংগ্ৰেছে দেখুৱাব যাদু । আম আদমী পাৰ্টীৰ হাতত আহিব পাৰে ক্ষমতাৰ বাঘজৰী ৷

পঞ্জাৱৰ এই সকলোবোৰ নিৰ্বাচনী সমীকৰণৰ ৰায় আজি অৰ্থাৎ 10 মাৰ্চ বৃহস্পতিবাৰে নিৰ্ণয় হ’ব (Punjab assembly Election results 2022) । পঞ্জাৱ বিধানসভাত আছে মুঠ ১১৭ খন আসন । পঞ্জাৱৰ মালৱা অঞ্চলত ৬৯ খন, দোৱাবাত ২৩ খন আৰু মাঝাত ২৫ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, পঞ্জাৱত প্ৰায় ৭১.৯৫ শতাংশ ভোটদান সম্পন্ন হৈছিল ।

উল্লেখ্য যে, ৰাজ্যখনৰ বিগত তিনিটা বিধানসভা নিৰ্বাচনৰ তুলনাত 2022 চনত সৰ্বনিম্ন ভোটদান হৈছে ।

2022 চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত 117 খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 1304 জন প্ৰাৰ্থীয়ে ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে ভদৌড় আৰু চমকৌৰ চাহিবে একেখন আসনৰ বাবে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা । কেৱল চৰণজিৎ সিং চন্নীয়ে ভদৌড় আৰু চমকৌৰ চাহিবৰ নহয়, বৃহস্পতিবাৰে আপৰ মুখ্যমন্ত্ৰী আসনৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী ভগৱন্ত মান, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু, আকালি দলৰ নেতা প্ৰকাশ সিং বাদল, সুখবীৰ বাদলৰো নিৰ্ণয় হ’ব ভাগ্য ৷

অৱশ্যে এইবেলি অকালি দলে বিএছপিৰ সৈতে মিত্ৰতা কৰা পৰিলক্ষিত হৈছে পঞ্জাৱ বিধানসভা নিৰ্বাচনত । পঞ্জাৱৰ ১১৭ খন আসনৰ ভিতৰত ৯৭ খন আসনত আকালি আৰু ২০ খন আসনত জয়ী হৈছিল বিএছপিয়ে । বিজেপিয়ে অধিনায়ক অমৰিন্দৰৰ বাহিৰে বাকী সকলো দলৰে সৈতে আকালি দলে মিত্ৰতা কৰা পৰিলক্ষিত হৈছিল ।

2022 ৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত মুঠ ১১৭ খন আসনৰ ভিতৰত বিজেপিয়ে 68 খন, পঞ্জাৱ লোক কংগ্ৰেছে 34 খন আৰু আকালি দলে যুটীয়াভাৱে 15 খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ ইয়াৰ উপৰিও কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে সকলো আসনতে প্ৰক্ষেপিত কৰিছিল প্ৰাৰ্থী । আনকি সংযুক্ত সমাজ মৰ্চা আৰু সংযুক্ত সংঘৰ্ষ পাৰ্টীও এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

লগতে পঢ়ক : Manipur assembly election results: আশাত বন্দী কংগ্ৰেছ-বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.