নেশ্যনেল ডেস্ক,১৯ আগষ্ট : সাধাৰণতে প্ৰতিখন চিকিৎসালয়তে মহিলা আৰু পুৰুষৰ বাবে পৃথক ৱাৰ্ড থাকে । কিন্তু যেতিয়া এগৰাকী তৃতীয় লিংগৰ ব্যক্তি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যায় । তেতিয়া তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় । তৃতীয় লিংগৰ ব্যক্তিগৰাকীক কোনটো ৱাৰ্ডত ভৰ্তি কৰিব সেই প্ৰশ্নটো চিকিৎসালয় প্ৰশাসনৰ সন্মুখত আহে । কিন্তু পুনেৰ ছাছোন চিকিৎসালয়ৰ ডীন ডাঃ সঞ্জীৱ ঠাকুৰে ইয়াৰ সমাধানসূত্ৰ উলিয়াইছে আৰু তৃতীয় লিংগৰ ব্যক্তিৰ বাবে এক পৃথক ৱাৰ্ড নিৰ্মাণ কৰিছে ।
সচৰাচৰ তৃতীয় লিংগৰ ব্যক্তিৰ স্বাস্থ্য সমস্যা কিছু পৃথক । চিকিৎসা লাভ কৰাত তেওঁলোক বহু সমস্যাৰ সন্মুখীন হয় । তেওঁলোকে সঠিক সমাধান নাপায় । সেয়েহে ছাছোন চিকিৎসালয়ত তেওঁলোকৰ চিকিৎসাৰ বাবে ১১ নম্বৰ মহলাত এটা পৃথক ৱাৰ্ড আৰম্ভ কৰা হৈছে । আৰম্ভণিতে ইয়াত ২৫ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে । স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী হাছান মুছৰিফেও এই ৱাৰ্ড উদ্বোধন কৰিছে ।
ইয়াৰ পূৰ্বে মুম্বাইত, জে জে হাস্পতালৰ ৱাৰ্ড নং ১৩ তৃতীয় লিংগৰ ব্যক্তিৰ চিকিৎসাৰ বাবে পৃথকে ৰখা হৈছিল । এতিয়াৰে পৰা তেওঁলোকে ছাছোনতো পৃথক চিকিৎসা লাভ কৰিব । তাত পৃথক শৌচালয়, বিশেষ অ'পিডি, পৰীক্ষা আৰু চিকিৎসাৰ বাবে পৃথক কোঠা আছে । তৃতীয় লিংগৰ ব্যক্তিৰ বাবে বহিঃৰোগী বিভাগ, স্বাস্থ্য পৰীক্ষা, ভৰ্তি কৰাৰ সুবিধা আৰু এটা আইচিইউৰ ব্যৱস্থা কৰা হৈছে ।
ছাছোন হাস্পতালৰ ডীন ডাঃ ঠাকুৰে এই সন্দৰ্ভত কয় যে যেতিয়া তেওঁ বি জে মেডিকেল কলেজত অধ্যয়ন কৰি আছিল তেতিয়া দেখিথিল যে তৃতীয় লিংগৰ ৰোগীসকলৰ বহু ৰোগ আছে । কিন্তু তেওঁলোকক ৰাখিবলৈ কোনো ঠাই নাছিল । ডাঙৰ প্ৰশ্নটো আছিল তেওঁলোকক পুৰুষ ৱাৰ্ডত ভৰ্তি কৰা হ'ব নে মহিলা ৱাৰ্ডত ।
তেওঁৰ মতে সেই দৰিদ্ৰ ৰোগীসকলে বিনামূলীয়া চিকিৎসা লাভ কৰিব লাগে আৰু তেওঁলোকক একেই অধিকাৰ দিব লাগে । যাৰ বাবে তেওঁ হাস্পতালখনত তৃতীয় লিংগৰ ব্যক্তিৰ বাবে এটা পৃথক ৱাৰ্ড আৰম্ভ কৰাৰ পৰিকল্পনা কৰে । আনহাতে হাস্পতালৰ কৰ্মচাৰীসকলকো তৃতীয় লিংগৰ ৰোগীসকলক সন্মান সহকাৰে চিকিৎসা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ডীনৰ মতে তেওঁলোকক সকলো ধৰণৰ পৰীক্ষা আৰু ঔষধ প্ৰদান কৰা হ'ব ।
লগতে পঢ়ক :Bangladeshi nationals arrested : বিহাৰৰ মধুবনীৰ ভাৰত-নেপাল সীমান্তত আটক দুই বাংলাদেশী মূলৰ নাগৰিকক