ETV Bharat / bharat

Pulitzer awardee Kashmiri journalist : পুলিৎজাৰ বঁটাৰে সন্মানিত কাশ্মীৰী সাংবাদিকক বিদেশ ভ্ৰমণত বাধা - কাশ্মীৰৰ ফ্ৰীলেঞ্চ জাৰ্ণেলিষ্ট আকাশ হাছান

৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কেইবাজনো কাশ্মীৰী সাংবাদিকক বিদেশ ভ্ৰমণত বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে(Kashmiri journalist barred from travelling abroad) ৷ এইবাৰ বিদেশ ভ্ৰমণত বাধা আৰোপ কৰা হ'ল পুলিৎজাৰ বঁটা বিজয়ী স্বতন্ত্ৰ কাশ্মীৰী সাংবাদিক আকাশ হাছানক ৷

Kashmiri journalist barred travelling abroad
পুনৰ এগৰাকী কাশ্মীৰী সাংবাদিকক বিদেশ ভ্ৰমণত বাধা
author img

By

Published : Jul 27, 2022, 4:10 PM IST

নেশ্যনেল ডেস্ক, 27 জুলাই: মঙলবাৰে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই ৰিপ’ৰ্টিং এচাইনমেণ্টৰ বাবে শ্ৰীলংকা ভ্ৰমণত বাধা আৰোপ কৰে কাশ্মীৰৰ ফ্ৰীলেঞ্চ জাৰ্ণেলিষ্ট আকাশ হাছানক(Kashmiri journalist barred from travelling abroad) । নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী ইন্টাৰনেশ্যনেল এয়াৰপ'ৰ্ট চমুকৈ আই জি আই বিমান বন্দৰ ইমিগ্ৰেচন বিষয়াই পুলিৎজাৰ বঁটা বিজয়ী স্বতন্ত্ৰ সাংবাদিকগৰাকীক বিমানত প্ৰৱেশত বাধা দিয়ে ৷

শ্ৰীলংকাৰ কলম্বোলৈ উৰা মাৰিব লগীয়া বিমানত প্ৰৱেশৰ বাবে যাওঁতেই বন্দৰটোত কৰ্মৰত এগৰাকী ইমিগ্ৰেচন বিষয়াই বাধা আৰোপ কৰে বুলি সাংবাদিকগৰাকীয়ে জানিবলৈ দিয়ে । প্ৰতিক্ৰিয়া হিচাপে দেশখনত সাম্প্ৰতিক সময়ত দেখা দিয়া সংকট সন্দৰ্ভত উনুকিওৱাৰ ইচ্ছা প্ৰকাশ কৰে পুলিৎজাৰ বঁটা বিজয়ী স্বতন্ত্ৰ সাংবাদিকগৰাকীয়ে(Pulitzer award winning Kashmiri photo journalist) ৷ ইয়াৰ পিছতে ইমিগ্ৰেচন বিষয়াসকলে সাংবাদিকগৰাকীৰ পাছপ’ৰ্ট আৰু বৰ্ডিং পাছ লৈ যোৱাৰ লগতে আৰু চাৰি ঘণ্টা সময় ধৰি তেওঁক এটা কোঠাত বহি থাকিবলৈ বাধ্য কৰাইছিল বুলি আকাশে টুইটযোগে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, উপত্যকাটোত 370 অনুচ্ছেদ বাতিলৰ পিছত কেইবাজনো কাশ্মীৰী সাংবাদিকক বিদেশ ভ্ৰমণত বাধা দিয়া পৰিলক্ষিত হৈছিল ৷ অৱশ্যে বহুকেইজনক নিৰাপত্তা বাহিনীয়ে নিজৰ কামটো খটুৱাইছে বুলি জানিব পোৱা যায় ৷

উল্লেখনীয় যে তদ্ৰুপ ঘটনা সংঘটিত হৈছিল বিগত ২ জুলাইৰ দিনা ৷ পুলিৎজাৰ বঁটা বিজয়ী কাশ্মীৰী ফটো সাংবাদিক ছান্না ইৰছাদ মাট্টুক ফ্ৰান্সত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচন আৰু ফটো প্ৰদৰ্শনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে যোৱাৰ সময়তে বিমানত প্ৰৱেশত বাধা আৰোপ কৰা হৈছিল ৷ সাংবাদিক আকাশ হাছানৰ বিৰুদ্ধে বিমান বন্দৰ কৰ্তৃপক্ষই কি কাৰণত এনে পদক্ষেপ গ্ৰহণ কৰিলে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷

সংশ্লিষ্ট বিষয়াসকলেও বিষয়টো সন্দৰ্ভত কোনো স্পষ্ট কাৰণ উল্লেখ কৰা নাই । আকাশ হাছানৰ বয়-বস্তু বিমানখনৰ পৰা নমাবলৈ সংশ্লিষ্ট বিভাগৰ উৰ্ধতন বিষয়াই নিৰ্দেশ দিয়া বুলি কৰ্মচাৰী এগৰাকীয়ে সাংবাদিকগৰাকীক জানিবলৈ দিছে ৷ তদুপৰি দুজন বিষয়াই সাংবাদিকগৰাকীক তেওঁৰ পৰিচয় আৰু শ্ৰী লংকা ভ্ৰমণ সন্দৰ্ভত জেৰা কৰা বুলিও এক টুইটযোগে জানিবলৈ দিছে ৷

বাতিল হোৱা বৰ্ডিং পাছৰ ছবি শ্বেয়াৰ কৰি পাঁচ ঘণ্টা অপেক্ষা কৰাৰ পিছতো পানী এগিলাছো যোগান নধৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে সাংবাদিকগৰাকীয়ে ৷ এনেবোৰ ঘটনাই সম্প্ৰতি উপত্যকাটোৰ সচেতন মহলত সৃষ্টি কৰিছে বিশেষ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: The Kashmir Files: দ্য কাশ্মীৰ ফাইলচক লৈ ব্যস্ততা বাঢ়িছে চৰকাৰী বিষয়া-আমোলাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.