নেশ্যনেল ডেস্ক,16 ডিচেম্বৰ : পাকিস্তানে অবৈধভাৱে কৰা ভূমি দখলৰ বিৰুদ্ধে দানয়োৰ জিলাৰ গিলগিট বাল্টিস্তানত অঞ্চলত সৃষ্টি হৈছে প্ৰতিবাদ ৷ ইমৰাণ খানৰ নেতৃত্বাধীন তাৰিক-এ-ইনচাফ চৰকাৰে ইতিমধ্যে অঞ্চলটোৰ বহুলোকৰ বাসগৃহৰ লগতে সা-সম্পত্তি বিনষ্ট কৰিছে ৷ পাকিস্তান আৰু চীনে তীব্ৰভাৱে চীনৰ উচ্চাভিলাসী চীন-পাকিস্তান অৰ্থনৈতিক কৰিড’ৰক অনুসৰণ কৰিছে ৷ যাৰ বাবে তেওঁলোকে এই জনবসতিপূৰ্ণ বৃহৎ অঞ্চলসমূহ পৰিস্কাৰ কৰিছে ৷
এই লোকসকলৰ অভিযোগ ৰাইজৰ সম্পত্তি বিনষ্ট কৰাৰ পূৰ্বে তেওঁলোকক কোনোধৰণৰ জাননী প্ৰেৰণ কৰা হোৱা নাছিল ৷ এনেধৰণৰ ধ্বংসসমূহ ৰাতি কৰাৰ সলনি দিনত কৰিব লাগে যাতে ৰাইজে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বিশেষকৈ প্ৰয়োজনীয় নথি-পত্ৰসমূহ ৰক্ষা কৰিব পাৰে ৷ এই ধ্বংলীলাত কোটি টকাৰ নথি-পত্ৰ নষ্ট হোৱা বুলি জনায় এজন ভুক্তভোগীয়ে ৷ আন এগৰাকী ভুক্তভোগীৰ অভিযোগ পিটিআই চৰকাৰখনে এই অঞ্চলটোৰ ৰাইজৰ জীৱিকাৰ উপায় ধ্বংস কৰিছে ৷
উল্লেখ্য যে, বিগত প্ৰায় 7 দশক ধৰি গিলগিট বাল্টিস্তান অঞ্চলটো পাকিস্তানে অবৈধভাৱে দখল কৰাৰ লগতে ইয়াত লুন্ঠন চলাই আহিছে ৷ ইছলামাবাদে ইয়াৰ হাইড্ৰ’ সম্পদসমূহ লাহোৰ আৰু ৰাৱালপিণ্ডীৰ প্ৰয়োজন পূৰণৰ বাবে ব্যৱহাৰ কৰি আহিছে ৷ পাকিস্তানে এই অঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাক শোষণ কৰি আহিছে ৷ আৰু এতিয়া পাকিস্তানে নিজৰ আন্তঃৰাষ্ট্ৰীয় দৰবাৰ সুৰক্ষিত কৰাৰ বাবে ইয়াৰ ভূমি চীনক প্ৰদান কৰিব বিচাৰিছে ৷
উল্লেখ্য যে, পূৰ্বতে গিলগিট বাল্টিস্তান 2009 বৰ্ষৰ গিলগিট বাল্টিস্তান স্বাৱলম্বী আৰু স্ব-শাসন আদেশৰ দ্বাৰা পৰিচালিত হৈছিল ৷