ETV Bharat / bharat

Air Crash in India: নেতাজীৰ সুভাষ বসুৰ পৰা জেনেৰেল বিপিন ৰাৱাটলৈ... - চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট

তামিলনাডুত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত (Indian Army chopper crash in Tamilnadu) পতিত হৈছে চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট (CDS Gen Bipin Rawat) ৷ ইতিমধ্যে 13 জনৰ মৃত্যুৰ তথ্য পোৱা গৈছে ৷ ইয়াৰ পূৰ্বেও ভাৰতত সংঘটিত হৈছে বহু বিমান আৰু হেলিকপ্টাৰ দুৰ্ঘটনা ৷ এই সন্দৰ্ভত এক চমু অৱলোকন ৷

Air crash in India
Air crash in India
author img

By

Published : Dec 8, 2021, 5:39 PM IST

Updated : Dec 8, 2021, 9:21 PM IST

নিউজ ডেস্ক, 8 ডিচেম্বৰ : তামিলনাডুৰ নীলগিৰি জিলাৰ কুন্নুৰত সংঘটিত হ’ল এটা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা (Indian Army chopper crash in Tamilnadu)৷ এই দুৰ্ঘটনাত পতিত হয় চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট (CDS Gen Bipin Rawat), তেওঁৰ পত্নী আৰু কেইবাগৰাকীও সেনা বিষয়া ৷ ইতিমধ্যে 13 জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে ৷ ইয়াৰ পূৰ্বেও ভাৰতত সংঘটিত হৈছে বহু বিমান আৰু হেলিকপ্টাৰ দুৰ্ঘটনা ৷ য’ত দেশৰ বহু গুৰুত্বপূৰ্ণ ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে ৷ হেলিকপ্টাৰ আৰু বিমান দুৰ্ঘটনাত নিহত হোৱা দেশৰ উল্লেখযোগ্য ব্যক্তিসকল :

  • 18 আগষ্ট 1945 : এটা বিমান দুৰ্ঘটনাত নিহত হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম হোতা নেতাজী সুভাস চন্দ্ৰ বসু (Netaji Subhash Chandra Bose)৷ এই ঘটনা অৱশ্যে বৰ্তমানেও এক ৰহস্য হৈ আছে ৷
  • 1973 : নতুন দিল্লীৰ সমীপত সংঘটিত এটা বিমান দুৰ্ঘটনাত নিহত হৈছিল কংগ্ৰেছ নেতা এছ. মোহন কুমাৰমংগলম ৷
  • 23 জুন 1980 : এটা বিমান দুৰ্ঘটনাত নিহত হয় ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধী (Sanjay Gandhi) ৷
  • 9 জুলাই 1994: প্ৰতিকুল বতৰৰ বাবে হিমাচলৰ এক উচ্চ পাহাৰীয়া অঞ্চলত এখন চুপাৰ কিং বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হৈছিল তদানীন্তন পঞ্জাৱৰ ৰাজ্যপাল সুৰেন্দ্ৰ নাথৰ ৷ তেওঁৰ লগতে নিহত হৈছিল পৰিয়ালৰ 9 জন লোকৰ ৷
  • 17 নবেম্বৰ 1997 : অৰুণাচল প্ৰদেশৰ টাৱাঙত সংঘটিত এটা হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হৈছিল তদানীন্তন ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী এন ভি এন চমুৰ ৷
  • মে’ 2001 : এটা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল তদানীন্তন অৰুণাচলৰ শিক্ষামন্ত্ৰী ডেৰা নাটুঙৰ ৷
  • 30 চেপ্তেম্বৰ 2001 : কাণপুৰত সংঘটিত এক বিমান দুৰ্ঘটনাত নিহত হৈছিল কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাধৱ ৰাও সিন্দিয়াৰ (Madhav Rao Scindia)৷ তেওঁৰ সৈতে আছিল 4 জন সংবাদিকসহ মুঠ 7 জন লোক ৷
  • 3 মাৰ্চ 2002 : এখন Bell 206 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু বৰণ কৰে লোকসভাৰ অধ্যক্ষ তথা তেলুগু দেশম পাৰ্টীৰ নেতা জি এম চি বাল্যগীয়ে ৷
  • 17 এপ্ৰিল, 2004 : দাক্ষিণাত্যৰ অভিনেত্ৰী সৌন্দৰ্যই এক নিৰ্বাচনী প্ৰচাৰত ভাগ ল’বলৈ যোৱা সময়তে হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৷
  • 22 চেপ্তেম্বৰ 2004 : মেঘালয়ৰ সেই সময়ৰ মন্ত্ৰী চাইপ্ৰান চাংমাৰ মৃত্যু হয় এটা হেলিকপ্টাৰ দুৰ্ঘটনাত ৷
  • 31 মাৰ্চ 2005 : হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয় হাৰিয়ানাৰ কৃষিমন্ত্ৰী সুৰেন্দ্ৰ সিং আৰু উদ্যোগী অ’ পি জিন্দালৰ ৷
  • 2 চেপ্টেম্বৰ 2009 : এখন Bell 430 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হৈছিল অন্ধ্ৰপ্ৰদেশৰ সেই সময়ৰ মুখ্যমন্ত্ৰী ৱাই এছ ৰাজশ্বেখৰ ৰেড্ডীৰ(Y S Rajasekhara Reddy)
  • 30 এপ্ৰিল 2011 : অৰুণাচলৰ মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৱে (Dorjee Khandu) যাত্ৰা কৰা পৱনহংসৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাত তেওঁৰ মৃত্যু হয় ৷ খাণ্ডুৰ সৈতে আছিল আন চাৰিজন ব্যক্তি ৷
  • 8 ডিচেম্বৰ 2021 অৰ্থাৎ আজি তামিলনাডুৰ কুন্নুৰত সংঘটিত হ’ল আন এক হেলিকপ্টাৰ দুৰ্ঘটনা ৷ ফলত মৃত্যু হয় চীফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ ৷ এই হেলিকপ্টাৰখনত আছিল জেনেৰেল ৰাৱাট, তেওঁৰ পত্নী আৰু কেইবাগৰাকীও সেনাৰ লোক ৷ দুৰ্ভাগ্যজনকভাৱে 13 গৰাকীৰ মৃত্যু হয় এই ঘটনাত ৷

লগতে পঢ়ক : Indian Army Chopper Crash : তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু 13 জনৰ

Last Updated : Dec 8, 2021, 9:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.