নেশ্যনেল ডেস্ক, 15 জানুৱাৰী : 83 খন লাইট কমপেক্ট এয়াৰক্ৰাফ্ট (LCA) তেজছৰ ক্ৰয়ৰ বাবে অনুমোদন লাভ কৰাৰ পাচতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, এই যুদ্ধ বিমান ক্ৰয় আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত এক বৃহৎ পদক্ষেপ ৷
বাংগালুৰুত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সিঙে কয়, "শেহতীয়াকৈ, 50,000 কোটি টকাৰ 83 খন তেজশ্ব যুদ্ধ বিমান ক্ৰয় আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ দিশত এক বৃহৎ পদক্ষেপ ৷ ইয়াৰ ফলত 50,000 নতুন চাকৰি মুকলি হ'ব ৷ 500 MSME আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী যেনে, টাটা, L&T আৰু ভেম টেকৰ অংশগ্ৰহণে চৰকাৰী আৰু ব্যক্তিগত খণ্ডলৈ সহযোগিতা আগবঢ়াব ৷"
স্বাধীনোত্তৰ কালৰ পৰা ব্যক্তিগত খণ্ডই বিশেষ ভূমিকা গ্ৰহণ কৰি অহা সম্পৰ্কত সিঙে কয়, "স্বাধীনতাৰ পাচতে দেশৰ সামাজিক-অৰ্থনৈতিক উন্নয়নৰ দিশত এই ব্যক্তিগত খণ্ডসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷ মূলধন গঠন, নিযুক্তিৰ সুবিধা অথবা R&D, PSUs ক উৎসাহিত কৰাই কিয় নহওঁক ৷"
উল্লেখ্য যে, এই সপ্তাহৰ প্ৰথম ভাগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা বিভাগৰ কেবিনেট সমিতিয়ে 48,000 কোটি মূল্যৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ থলুৱা প্ৰতিৰক্ষা বিমান ক্ৰয়ৰ বাবে অনুমোদন জনায় ৷ ইয়াৰ দ্বাৰা 83 খন তেজশ্ব Mark1A যুদ্ধ বিমান ক্ৰয় কৰা হ'ব ৷
লগতে পঢ়ক : ননী উৎপাদনেৰে কৃষক বাপী ঘোষে আৰোগ্য কৰিছে বহু জটিল ৰোগ